কোনবোৰ কাৰণত আমাৰ দাঁত নষ্ট হয় ? জানক বিশেষজ্ঞৰ পৰাই
দাঁতক কেনেদৰে সুস্থ তথা ধুনীয়া কৰি ৰাখিব পাৰি তথা দাঁতক সুস্থ ৰাখিবলৈ আমি কৰা উচিত এই সন্দৰ্ভত কি ক’লে দন্ত চিকিৎসা বিশেষজ্ঞ ডাঃ সুমেধা শৰ্মাই-

Published : June 30, 2025 at 5:17 PM IST
দীপশিখা তালুকদাৰ
বেমাৰ হোৱাৰ পিছত চিকিৎসা কৰি আৰোগ্য লাভ কৰাতকৈ বেমাৰ নোহোৱাকৈ থাকিব পৰাটোকে উওম উপায় । সকলো বেমাৰৰ ক্ষেত্ৰতে এই কথা প্রযোজ্য । কিন্তু দাঁতৰ বিভিন্ন বেমাৰৰ ক্ষেত্ৰত প্ৰতিৰোধ ব্যৱস্থাই অতি উত্তম । মানুহৰ দাঁতৰ মুঠ সংখ্যা হ’ল ৩২টা । ধুনীয়াকৈ শাৰী পতি থকা ডালিমৰ গুটিৰ দৰে দাঁতে মানুহৰ মুখমণ্ডলৰ শোভা বর্ধন কৰে । কথা পাতোতে বা হাঁহোতে এই দাঁতবোৰ ওলালে দেখিবলৈ শুৱনি হয় । মুঠতে দাঁত আমাৰ শৰীৰৰ এনে এবিধ অংশ যাৰ অবিহনে আমি খাদ্য খোৱা বা সৌন্দৰ্য সম্পূৰ্ণ হোৱাৰ কথা কল্পনাও কৰিব নোৱাৰো ৷
সেয়ে আমাৰ দাঁতপাৰিক কেনেদৰে সুস্থ তথা ধুনীয়া কৰি ৰাখিব পাৰি তথা দাঁতৰ সৈতে বিভিন্ন তথ্যৰ বিষয়ে জানিবলৈ আমি অটল অমৃত অভিযান সমিতিৰ দন্ত চিকিৎসা বিশেষজ্ঞ ডাঃ সুমেধা শৰ্মাৰ সৈতে কথা পাতিছিলো আৰু দাঁতৰ সৈতে জড়িত কিছু তথ্য জানিবলৈ চেষ্টা কৰিছিলো ৷
ডাঃ সুমেধা শৰ্মাই কয় যে, আমাৰ দুপাৰি দাঁত আছে দন্ত চিকিৎসাৰ ভাষাত মেক্সিলা আৰু মেণ্ডিবল আৰু এই দুপাৰি দাঁতেৰে যেতিয়া খাদ্য গ্ৰহণ কৰোঁ তেতিয়া আমি এই ক্ষেত্ৰত মন কৰা উচিত আমি কেনেধৰণে খাদ্য গ্ৰহণ কৰিলে আমাৰ দাঁতক সুস্থ কৰি ৰাখিব পাৰো ৷ আমি গুৰুত্ব দিব লাগিব যাতে খাদ্য আমাৰ দাঁতত লাগি নাথাকে সৰু সৰু দানাবোৰ যাতে আমাৰ দাঁতত লাগি নাথাকে ৷ চিকিৎসকগৰাকীয়ে কয় যে, খাদ্য খোৱাৰ পিচত আমি ভালদৰে মুখখন পৰিষ্কাৰ কৰিছো নে নাই কুলকুলি কৰিছো নে নাই দিনটোত আমি আমাৰ শৰীৰৰ প্ৰয়োজন অনুসৰি পানী গ্ৰহণ কৰিছো নে নাই এই ক্ষেত্ৰত গুৰুত্ব দিয়াটো প্ৰয়োজনীয় কাৰণ কমকৈ পানী গ্ৰহণ কৰিলে আমাৰ মুখখন শুকাব পাৰে যাক দন্ত চিকিৎসাৰ ভাষাত Xerostomia বা মুখ শুকান হোৱাৰ সমস্যা বুলি কোৱা হয় আৰু এই শুকান হোৱা সমস্যাৰ ফলত আমাৰ দন্ত ক্ষয় বা পোকে ধৰাৰ সমস্যাই দেখা দিব পাৰে ৷ য’ত দাঁতত বেক্টেৰিয়া জমা হৈ আপোনাৰ দাঁতৰ ক্ষতি কৰিব পাৰে আৰু এই বেক্টেৰিয়া যদি দীৰ্ঘদিনলৈ আমাৰ দাঁতত যদি জমা হৈ থাকে তেন্তে ই আমাৰ দাঁতৰ বাবে ক্ষতিকাৰক হ’ব পাৰে সেয়ে দাঁতৰ সঠিক পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখাটো খুবেই প্ৰয়োজনীয় ৷ দিনে দুবাৰকৈ ব্ৰাছ অৰ্থাৎ পুৱাৰ খাদ্য গ্ৰহণ কৰাৰ পাছত আৰু ৰাতিৰ আহাৰ গ্ৰহণ কৰাৰ পাছত ব্ৰাছ কৰাটো খুবেই জৰুৰী ৷

- দাঁতক সুস্থ ৰাখিবলৈ আমি কেনেধৰণৰ ব্ৰাছ ব্যৱহাৰ কৰাটো উচিত ?
ডাঃ সুমেধাই কয় যে, আমি সদায় দুডালকৈ ব্ৰাছ ব্যৱহাৰ কৰিব লাগে ৷ এডাল ইলেক্ট্ৰিকেল আৰু আনডাল মেনুৱেল বা সাধাৰণ কোমল ব্ৰাছ ৷ প্ৰথমে ইলেক্ট্ৰিকেল ব্ৰাছত কোনো টুটপেষ্ট নোহোৱাকৈ ব্ৰাছ কৰাৰ পিছত সাধাৰণ ব্ৰাছত কোমল টুটপেষ্ট লগাই ব্যৱহাৰ কৰাটো উচিত ৷ লগতে সদায় কোমল ব্ৰিচলৰ ব্ৰাছেই ব্যৱহাৰ কৰা উচিত টান ব্ৰিচলৰ ব্ৰাছ ব্যৱহাৰ কৰাটো আমাৰ দাঁতৰ বাবে লোকচানদায়ক ৷ টান ব্ৰিচলৰ ব্ৰাছ ব্যৱহাৰ কৰিলে দাঁতৰ এনামেলৰ ক্ষতি হ’ব পাৰে ৷

- দৈনন্দিন আমি গ্ৰহণ কৰা কোনবোৰ খাদ্য আমাৰ দাঁতৰ বাবে ক্ষতিকাৰক হ’ব পাৰে ?
ডাঃ সুমেধাই কয় যে, আমাৰ দাঁতত যি এচিডিক থাকে যাৰ দ্বাৰা আমি কেতিয়াবা মুখখনত টেঙা অনুভৱ কৰোঁ আৰু এনে পৰিৱেশত বেক্টেৰিয়া মুখৰ ভিতৰত জীয়াই থকাটো খুবেই সহজ ৷ সেয়ে আমি বেছিকৈ চাহ, কফি, ফলৰ ৰস, আচাৰ এইবোৰ খাদ্য খোৱাৰ পিচত ভালদৰে মুখখন পৰিষ্কাৰ নকৰিলে বেক্টেৰিয়াই বাহৰ পাতিব পাৰে ৷ সেয়ে কাঠবাদাম, অন্যান্য বাদাম যেনে- আখৰোট, বাদাম আদি খাব লাগে লগতে ফল-মূল, শাক-পাচলি আদিও খাদ্যত অন্তৰ্ভুক্ত কৰিলে দাঁত সুস্থ হৈ থাকে ৷ চাহ কফি খালেও এটা পৰিমাণত খোৱাটো উচিত ৷ খালী মনত ৰাখিব যে খাদ্য় খোৱাৰ পিচত ভালদৰে কুলকুলি কৰাটো প্ৰয়োজনীয় ৷

- কোনবোৰ অভ্যাসক অনুসৰণ কৰি আমি আমাৰ দাঁতক সুস্থ ৰাখিব পাৰো ?
খাদ্য খোৱাৰ পিচত মাউথ ৱাচেৰে কুলকুলি কৰাৰ অভ্যাস কৰিলে দাঁত সুস্থ হৈ থাকিব ৷ মাউথ ৱাচৰো প্ৰকাৰৰ থাকে এটা হৈছে এন্টি-বেক্টেৰিয়েল আনটো হৈছে ফ্ল’ৰাইড মাউথৱাছ ৷ ইয়াৰ উপৰিও দাঁতত লাগি থকা লাগি থকা লেতেৰাবোৰ চাফা কৰিবলৈ ফ্লচিঙো কৰিব পাৰে আৰু জিভাত যাতে বেক্টেৰিয়া জমা হৈ থাকিব নোৱাৰে তাৰ বাবে জিভা চাফা কৰা সঁজুলিৰে ভালদৰে জিভাখন পৰিষ্কাৰ কৰাটো উচিত ৷ ইয়াৰ উপৰিও স্কেলিং, আৰু তেল যেনে নাৰিকল তেলেৰে কুলকুলি কৰাটো দাঁতৰ বাবে লাভদায়ক ৷ ছমাহৰ মূৰে মূৰে দন্ত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটোও প্ৰয়োজনীয় ৷ লগতে স্কেলিং কৰিলে পায়েৰিয়াৰ সমস্যাৰ পৰাও পৰিত্ৰাণ পাব পাৰি ৷

- কেনেধৰণৰ টুটপেষ্ট ব্যৱহাৰ কৰাটো আমাৰ দাঁতৰ বাবে লাভদায়ক ?
ডাঃ সুমেধাই কয় যে, কেনেধৰণৰ টুটপেষ্ট আপুনি ব্যৱহাৰ কৰিছে সেয়া প্ৰয়োজনীয় নহয় প্ৰয়োজনীয় এইটো যে আপুনি কেনেধৰণেৰে টুটপেষ্ট ব্যৱহাৰ কৰিছে বা কেনেধৰণেৰে ব্ৰাছ কৰিছে ৷ আজিকালি বহু বিজ্ঞাপনত নিমখজাতীয় টুটপেষ্টৰ কথা উল্লেখ কৰা হয় কিন্তু নিমখজাতীয় টুটপেষ্ট আমাৰ দাঁতৰ বাবে ভাল নহয় ৷ নিমখৰ টুটপেষ্টত কিছুমান ৰসায়নিক সমাগ্ৰী থাকে যি আমাৰ দাঁতৰ ক্ষতি কৰিব পাৰে আৰু পৰাপক্ষত ফ্ল’ৰাইড থকা টুটপেষ্ট ব্যৱহাৰ কৰিলে ভাল ৷ লগতে পানীটো কেতিয়াবা ফ্ল’ৰাইড থাকে সেয়ে আমি এই ক্ষেত্ৰতো গুৰুত্ব দিয়া উচিত যাতে প্ৰয়োজনতকৈ বেছি ফ্ল’ৰাইড যাতে ব্যৱহাৰ নহয় ৷ ফ্ল’ৰাইডৰ Ph লেভেলটো পৰীক্ষা কৰাটো প্ৰয়োজনীয় ৷

- পায়েৰিয়া কিয় হয় আৰু ইয়াক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি ?
ডাঃ সুমেধাই কয় যে, দন্ত চিকিৎসাৰ ভাষাত পায়েৰিয়াক পেৰিয়ডন্টাইটিছ বুলি কোৱা হয় ৷ এই সমস্যা হ’লে দাঁতৰ আলুৰ পৰা তেজ ওলোৱা, দাঁতৰ আলু ফুলা আদি ৷ নিয়মিতভাৱে দাঁত নামাজিলে দাঁতৰ গুৰিত ময়লা জমা হয় । দিনৰ পিছত দিন ধৰি দাঁতৰ গুৰিত খাদ্য, ময়লা জমা হৈ থাকিলে তাত বেক্টেৰিয়াৰ সৃষ্টি হয় । খাদ্য খোৱাৰ ফলত দাঁত আৰু দাঁতৰ আলুৰ আঠাজাতীয় কণা এচিডলৈ পৰিণত হয় । য’ৰ পৰা এই পায়েৰিয়া ৰোগৰ জন্ম হয় । পায়েৰিয়া ৰোগৰ মূল লক্ষণ হ’ল ব্ৰাছ নকৰা, খোৱাৰ পিছত মুখ নোধোৱা, নিয়মিতভাৱে অস্বাস্থ্যকৰ খাদ্য খোৱা ইত্যাদি । পায়েৰিয়া হ’লে দাঁতৰ হাড়লৈকে ক্ষতি হ’ব পাৰে যাৰ ফলত দাঁত লৰিব পাৰে, কেলকুলাছ জমা হয় ৷ সেয়ে এনে সমস্যা দেখা দিয়ে হ’লে পলম নকৰি চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত বা সাধাৰণভাৱে মুখৰ পৰিষ্কাৰ-পৰিচন্নতা বজাই ৰাখিলে এনে সমস্যাৰ পৰা আপুনি আঁতৰি থাকিব পাৰে ৷

- আজিকালি দাঁতৰ কোনবোৰ সমস্যা বেছিকৈ হোৱা দেখা যায় ? আৰু ইয়াৰ সমাধান কি ?
ডাঃ সুমেধাই কয় যে, এটি গৱেষণাত পোৱা গৈছে যে, বাহিৰা দেশবোৰ কেবিটি(দাঁত পোকে খোৱা) এক প্ৰধান সমস্যা ৷ লগতে ভাৰতত পায়েৰিয়া বা জিনজিভাইটিছ আদি সমস্যা বেছিকৈ হোৱা দেখা যায় ৷ ভাৰতত গোটখা, চিগাৰেট, ধঁপাতজাতীয় সামগ্ৰী খোৱাৰ প্ৰৱণতা খুবেই বেছি ৷ বিশেষকৈ অসমত তামোল-পাণ খোৱা লোকো খুবেই বেছি যি কেন্সাৰৰ মূল কাৰণ ৷ এনেবোৰ সামগ্ৰী গ্ৰহণ কৰাটো আমাৰ দাঁতৰ বাবে খুবেই ক্ষতিকাৰক ৷
- দাঁতক সুস্থ ৰখাৰ কিছু বিশেষ টিপছ
- আমি কেনেধৰণৰ খাদ্য গ্ৰহণ কৰিছো এই ক্ষেত্ৰত গুৰুত্ব দিয়াটো খুবেই জৰুৰী
- আমি কিমান সময়লৈকে ব্ৰাছ কৰিছো ভালদৰে কৰিছো নে নাই
- মাউথৱাছ ব্যৱহাৰ, ফ্লচিং, জিভা চাফা কৰাটো প্ৰয়োজনীয়
- লগতে মানসিক চাপো আমাৰ মুখৰ স্বাস্থ্যৰ সৈতে জড়িত মানসিক চাপ বেছি হ’লে আফথাছ আলচাৰ হ’ব পাৰে কিছুমান হিলিং কিছুমান আনহিলিং আলচাৰ হয় সেয়ে পৰাপক্ষত মানসিক চাপ এৰাই চলাটো প্ৰয়োজনীয় ৷ গতিকে এই ক্ষেত্ৰত গুৰুত্ব দিয়াটো জৰুৰী
- ভালদৰে টোপনি গ্ৰহণ কৰাটো প্ৰয়োজনীয় ৷
- সুষম আহাৰ খাওক ৷
লগতে পঢ়ক

