গৰ্ভধাৰণৰ প্ৰথম তিনিমাহ কেনেধৰণে স্বাস্থ্যৰ যতন ল'ব লাগে ?
গৰ্ভধাৰণৰ প্ৰথম সময়ছোৱাত কেনেধৰণৰ খাদ্য গ্ৰহণ কৰিব লাগে ? কেনেধৰণৰ প্ৰসৱ প্ৰক্ৰিয়া ভাল ? জানক বিশিষ্ট স্ত্ৰীৰোগ বিশেষজ্ঞৰ পৰা ৷

Published : April 19, 2025 at 3:05 PM IST
গুৱাহাটী: গৰ্ভাৱস্থাত এগৰাকী মহিলাই নিজৰ সম্পূৰ্ণ যত্ন লোৱাটো উচিত । লগতে এই সময়ছোৱাত মহিলাগৰাকীয়ে নিজৰ খাদ্যৰ আৰু অন্যান্য দিশৰ প্ৰতি সম্পূৰ্ণ গুৰুত্ব দিব লাগে । গৰ্ভধাৰণৰ ক্ষেত্ৰত বৰ্তমান এটা মন কৰিবলগীয়া বিষয় হৈছে গৰ্ভধাৰণৰ সময় । এই সন্দৰ্ভত কিদৰে যতন ল'ব লাগে জনালে স্ত্ৰীৰোগ বিশেষজ্ঞ ডাঃ ফটিক চন্দ্ৰ কলিতাই । চিকিৎসকগৰাকীৰ মতে গৰ্ভধাৰণ ৩০ বছৰৰ পূৰ্বে সমাপ্ত হ'ব লাগে । এগৰাকী মহিলাই যদি ৩০ বছৰৰ পূৰ্বে গৰ্ভধাৰণ কৰে তেন্তে গৰ্ভধাৰণৰ সময়ছোৱাত হোৱা কিছু আনুসংগিক ৰোগৰ সম্ভাৱনা যথেষ্টখিনি কমি যায় ।
গৰ্ভধাৰণৰ প্ৰথম তিনিমাহ কেনেদৰে নিজৰ যতন ল'ব ?
ডাঃ কলিতাই কয়- "গৰ্ভধাৰণৰ প্ৰথম তিনিমাহ অতি সাৱধানে থকাটো দৰকাৰ । কাৰণ যদিহে সাৱধানে নাথাকে তেন্তে কেতিয়াবা সন্তানটো নষ্ট হৈ যোৱাৰো সম্ভৱনা থাকে । এই সময়ছোৱাত শৰীৰৰত বেছি জোৰ পৰা কৰ্ম কৰিব নালাগে ৷ অৱশ্যে নিত্যপ্ৰয়োজনীয় কামসমূহ কৰিব পাৰে, সেইক্ষেত্ৰত কোনো বাধা নাই । সাধাৰণ অৱস্থাত কৰা কামতকৈ এইসময়ছোৱাত কিছু কাম কমকৈ কৰিব লাগে । এইসময়ছোৱাত অকণমান জিৰণিৰো প্ৰয়োজন হয় ।
সাধাৰণতে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰাৰ পাছত অন্ততঃ দুঘন্টা সময় জিৰণি ল'ব লাগে । লগতে নিশা দৈনিক ৮ ঘণ্টা সময় শুব লাগে । প্ৰথম তিনিমাহত যদিহে মহিলাগৰাকীৰ কোনো ৰোগ নাথাকে তেন্তে সাধাৰণতে ঔষধ খাবলৈ দিয়া নহয়, কেৱল ফলিক এচিড খাবলৈ দিয়া হয় । বাইক, ৰিক্সা আদিত যাত্ৰা কৰিব নালাগে । লগতে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত ।"
প্ৰথম তিনিমাহ কেনেধৰণৰ খাদ্য খাব লাগে ?
গৰ্ভধাৰণৰ প্ৰথম তিনি মাহত বহু মহিলাৰে বমি হোৱা দেখা যায়। ভোক লাগে যদিও একো খাব নোৱাৰে বা কিবা খালেই বমি হৈ যায় । এইক্ষেত্ৰত চিকিৎসকে জনোৱা অনুসৰি মন নগলেও অলপ অলপকৈ ঘনাই খাই থাকিব লাগে । আনহাতে যিসমূহ খাদ্য খালে দেহত অপকাৰ কৰে সেইসমূহ খাদ্য বাদ দিব লাগে । যেনেদৰে টেঙা, তিতা, যিসমূহ খাদ্যই পেটত গেছ কৰিব পাৰে সেইসমূহ খাদ্য যিমান পাৰে কমকৈ খাব লাগে । অন্যহাতে শাক-পাচলি, পানীয়া বস্তু যেনে পানী, গাখীৰ বেছিকৈ খাব লাগে । অন্য মাছ-মাংস, কণী আদি খাব পাৰে ।
স্বাভাৱিক প্ৰসৱ নে চিজাৰিয়ান প্ৰক্ৰিয়া ভাল ?
বৰ্তমান সময়ত চিজাৰিয়ান প্ৰক্ৰিয়া অৰ্থাৎ C-section প্ৰৱণতাটো বৃদ্ধি হোৱা দেখা যায় । কিন্তু চিকিৎসকৰ মতে পৰাপক্ষত স্বাভাৱিক প্ৰসৱ কৰিলে বেছি ভাল ।

