ETV Bharat / health

মানুহৰ বৃক্কজনিত সমস্যা বৃদ্ধিৰ কাৰণ কি ?

বৃক্কজনিত সমস্যা সম্পৰ্কে কি কয় ডাঃ ভায়লিনা বৰাই ? জানো আহক...।

Kidney health tips
মানুহৰ বৃক্কজনিত সমস্যা বৃদ্ধিৰ কাৰণ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : May 1, 2025 at 10:32 AM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: বৰ্তমান সময়ত মানুহৰ বৃক্কজনিত সমস্যা বহু বৃদ্ধি পোৱা দেখা গৈছে । এই সমস্যাৰ পৰা কেনেদৰে হাত সাৰিব পাৰি ? বৃক্ক সুস্থ ৰাখিবলৈ আমি কেনেদৰে যতন ল'ব লাগে ? এই সন্দৰ্ভত বৃক্ক বিশেষজ্ঞ ডাঃ ভায়লিনা বৰাই কি কয় ?

বৃক্কজনিত সমস্যা বা বৃক্ক বিকল হোৱা কাৰণ ?

মানুহৰ বৃক্কজনিত সমস্যা বৃদ্ধিৰ কাৰণ (ETV Bharat)

শেহতীয়া বছৰবোৰত বৃক্কজনিত সমস্যা বা বৃক্ক বিকল হোৱা ৰোগীৰ সংখ্যা বৃদ্ধি হোৱা দেখা গৈছে । অৱশ্যে পূৰ্বতকৈ এই সম্পৰ্কে মানুহৰ সজাগতাও বৃদ্ধি পাইছে । চিকিৎসকে জনোৱা মতে বৃক্কজনিত ৰোগসমূহ বিশেষকৈ দেখা যায় ডায়েবেটিচ আৰু উচ্চ ৰক্তচাপৰ ৰোগীসকলৰ ক্ষেত্ৰত । আনহাতে বৰ্তমান সময়ত প্ৰতি ১০ গৰাকী লোকৰ বিপৰীতে এগৰাকী লোক ডায়েবেটিচ বা উচ্চ ৰক্তচাপজনিত সমস্যাত ভুগি থকা দেখা যায় । সমান্তৰালভাৱে ইয়াৰ ওপৰত অৰ্থাৎ ডায়েবেটিচ আৰু উচ্চ ৰক্তচাপৰ ওপৰত যিমান সজাগতা হ'ব লাগে সিমান সজাগতা দেখা পোৱা নাযায় ।

এনে বহু ৰোগী থাকে যিয়ে ডায়েবেটিচ আৰু উচ্চ ৰক্তচাপত ভুগি থকাৰ পিছতো চিকিৎসকৰ পৰামৰ্শ অনুসৰি ঔষধ গ্ৰহণ নকৰি অন্য প্ৰথাহে অৱলম্বন কৰে । যাৰ ফলত ৰোগটো দীৰ্ঘদিনলৈ অনিয়ন্ত্ৰিত হৈ থাকে আৰু শেষত গৈ বৃক্কত প্ৰভাৱ পেলায় । তদুপৰি কিছুমান ঔষধৰ পৰাও বৃক্কজনিত সমস্যা হোৱা দেখা যায় । বৰ্তমান সময়ত সাধাৰণ বিষ অনুভৱ হ'লেই মানুহে চিকিৎসকৰ কোনো পৰামৰ্শ গ্ৰহণ নকৰাকৈ বিষ নাশক বা পেইনকিলাৰ ব্যৱহাৰ কৰে । এই ঔষধবোৰেও বৃক্কত প্ৰভাৱ পেলাব পাৰে ।

বংশগত কিছুমান কাৰণতো বৃক্কজনিত সমস্যাই দেখা দিব পাৰে । গতিকে তেনেধৰণৰ সমস্যাসমূহ যদি আগতে ধৰা পেলাব পাৰি তেন্তে এইসমূহ সমস্যাৰ পৰা হাত সাৰিব পাৰি । আনহাতে এছ এল ই অৰ্থাৎ চিষ্টেমিক লুপাছ এৰিথেমাটোচাছৰ বাবেও বৃক্কজনিত সমস্যা হ'ব পাৰে । বিশেষকৈ মহিলাসকলৰ মাজত এই দেখা যায় । এই সমস্যা যদি সোনকালে ধৰা পেলাই চিকিৎসা কৰিব পৰা যায় তেন্তে ইয়াৰ পৰা সোনকালে সুস্থ হ'ব পাৰি । বৃক্কৰ পাথৰ হৈও এটা সময়ত ই বিকল হোৱা দেখা যায় । তদুপৰি কিছুমান শিশুৰ জন্মৰ সময়ত এটা বৃক্ক নাথাকে আৰু পৰৱৰ্তী সময়ত গৈ আনটো বৃক্ক বিকল হোৱাও দেখা যায় ।

বৃক্ক সুস্থ কৰি ৰখাৰ ঘৰুৱা উপায়

এই ক্ষেত্ৰত চিকিৎসকে কয়, "যদিহে জন্মগত কোনো ৰোগ নাই বা ডায়েবেটিচ আৰু উচ্চ ৰক্তচাপ নাই তেনেক্ষেত্ৰত বৃক্ক ভালে ৰাখিবলৈ শৰীৰটো হাইড্ৰেট কৰি ৰাখিব লাগে, যিমান পাৰো পানী খাব লাগে । পেচাব যিমান হয় তাতকৈ আমি অলপ বেছি পৰিমাণৰ পানী খাব লাগে । আনহাতে খাদ্যাভ্যাস সদায় নিয়ন্ত্ৰণ কৰিব লাগে । বিশেষকৈ নিমখ কমকৈ খাব লাগে । নিমখযুক্ত খাদ্য বিশেষকৈ চিপ্ছ, আচাৰ আদি কম পৰিমাণে খাব লাগে । বৃক্কৰ বাবে অধিক প্ৰটিনো বেয়া । সেয়ে নিয়মিত পৰিমাণে প্ৰটিনযুক্ত খাদ্য গ্ৰহণ কৰিব লাগে । লগতে দৈনন্দিন শৰীৰ চর্চা কৰাটো প্ৰয়োজনীয় ।"

লগতে পঢ়ক :বৃক্কৰ পাথৰৰ সমস্যাৰ ক্ষেত্ৰত বাৰুকৈয়ে দুপৰটেঙা লাভদায়ক নেকি ? কি কয় কয় গৱেষণাই - KIDNEY STONE TREATMENT

লগতে পঢ়ক :অত্য়াধিক কামৰ বোজা ! মানসিক চাপৰ ফলত হ'ব পাৰে ডায়েবেটিছ - STRESS AND DIABETES