কেনেকৈ নিয়ন্ত্ৰণ কৰিব উচ্চ ৰক্তচাপ ? জানক বিশেষজ্ঞৰ পৰাই
উচ্চ ৰক্তচাপৰ লক্ষণসমূহ কি কি, ইয়াৰ কাৰণসমূহ কি কি ? এই সন্দৰ্ভত জনালে জ্যেষ্ঠ মেডিচিন বিশেষজ্ঞ ডাঃ মানবেন্দ্র নায়কে ৷

Published : October 9, 2025 at 5:47 PM IST
উচ্চ ৰক্তচাপত আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে । আগতে ৪০ বছৰৰ উৰ্দ্ধৰ লোকসকলৰ উচ্চ ৰক্তচাপ হোৱা বুলি ধাৰণাটো এতিয়া সলনি হৈছে । আজিকালি কম বয়সতেই এনে সমস্যাত আক্ৰান্ত হোৱা দেখা যায় । আধুনিক জীৱন-যাপনৰ সমান্তৰালভাৱে উচ্চ ৰক্তচাপৰ সংজ্ঞা সলনি হৈছে ।
উশৃংখল জীৱন-যাপনৰ লগতে অত্যধিক মানসিক চাপ, কামৰ বোজা আদিৰ বাবে বৃদ্ধি পাবলৈ ধৰিছে উচ্চ ৰক্তচাপ । বিশ্ব স্বাস্থ্য সংস্থায়ো এইক্ষেত্ৰত সকলোকে সতৰ্ক কৰি দিছে। বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ 'মহামাৰী'ৰ তালিকাত উচ্চ ৰক্তচাপ বা হাইপাৰটেনচন অন্তৰ্ভুক্ত কৰা হৈছে ৷ তেন্তে আহক আজিৰ এই প্ৰতিবেদনৰ জৰিয়তে উচ্চ ৰক্তচাপৰ লক্ষণসমূহ কি কি, ইয়াৰ কাৰণসমূহ কি কি বা কেনেকৈ উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব পাৰি সেই বিষয়ে জানি লওক জ্যেষ্ঠ মেডিচিন বিশেষজ্ঞ ডাঃ মানবেন্দ্র নায়কৰ পৰা-
ইয়াৰ লক্ষণসমূহ কি কি ?
- উচ্চ ৰক্তচাপত আক্ৰান্ত হ'লে মূৰৰ বিষ হ'ব পাৰে ৷ বিশেষকৈ মস্তিষ্কৰ পিছফালে বিষ আৰম্ভ হয় ৷
- কম-বেছি পৰিমাণে মূৰ ঘূৰাই থকাৰ সমস্যাই গা কৰি উঠে ৷
- আক্ৰান্তৰ বুকুখন ধপ্ ধপ্ কৰে ৷
- মন সংযোগত ব্যাঘাত জন্মিবলৈ ধৰে ৷
- উচ্চ ৰক্তচাপত আক্ৰান্ত হোৱাৰ লগে লগে ক্লান্তি বা ভাগৰুৱা অনুভৱ হয় ৷
- সামান্য কাম কৰিলেও হেফাই-ফেফাই থাকে ৷
- মাংসপেশী দুৰ্বল হ'বলৈ আৰম্ভ কৰে ৷
- যেতিয়া জটিল হৈ পৰে তেতিয়া নাকেৰে ৰক্ত ওলায় ৷
- বুকুৰ বিষ অনুভৱ কৰাটো আন এক লক্ষণ বুলি কোৱা হয় ৷
- এনে হ'লে আৰম্ভ হ'ব পাৰে বুকুৰ বিষ ৷
- দীৰ্ঘদিন ধৰি আক্ৰান্ত হৈ থাকিলে ভৰি ফুলিব পাৰে ৷
ইয়াৰ কাৰণসমূহ কি কি ?
- অত্যধিক মানসিক চাপ বা টেনচনৰ বাবে সহজেই উচ্চ ৰক্তচাপ হ'ব পাৰে ৷
- আধুনিক জীৱন-যাপনৰ লগে লগে বিভিন্ন কাৰণত মানসিক চাপ বৃদ্ধিৰ সমান্তৰালভাৱে এনে সমস্যাই গা কৰি উঠে ৷
- জীৱন-যাপন বা লাইফ ষ্টাইলৰ বাবেও হ'ব পাৰে ৷ এতিয়া আধুনিক জীৱনৰ নামত প্ৰায়ভাগ লোকেই উশৃংখল জীৱন অতিবাহিত কৰা বাবে ৰক্তচাপ বৃদ্ধি পাইছে ৷
- প্রয়োজনতকৈ বেছি নিমখ খালে ছ'ডিয়ামৰ পৰিমাণ বাঢ়িলে ৰক্তচাপো বৃদ্ধি পায় ৷
- সময়মতে শোৱাৰ পৰিৱৰ্তে নিশা উজাগৰে থাকি কাম কৰা, নিচা সেৱন, মাদক দ্ৰব্য সেৱন কৰাৰ বাবেও এনে হ'ব পাৰে ৷
- উচ্চ ৰক্তচাপৰ আন এক কাৰণ হৈছে শৰীৰত জমা হোৱা অতিৰিক্ত চৰ্বি ৷
- তেজত ক'লেষ্টেৰলৰ পৰিমাণ বৃদ্ধি হ'লে আন ৰোগৰ লগতে ৰক্তচাপো বৃদ্ধি হয় ৷
- দিনটোৰ ভিতৰত বেছিকৈ চৰ্বিযুক্ত খাদ্য গ্ৰহণ কৰাৰপাছত যদি কঠোৰ পৰিশ্ৰম নকৰে তেতিয়া লাহে লাহে ৰক্তচাপ বাঢ়িবলৈ ধৰে ৷
- পিতৃ-মাতৃৰ লগতে যদি পৰিয়ালৰ কোনো সদস্যৰ ৰক্তচাপৰ সমস্যা থাকে তেতিয়া হ'লে এনে হোৱাৰ আশংকা থাকে ৷
- গৰ্ভাৱস্থাত কেতিয়াবা কিছুমান মহিলাৰ ৰক্তচাপ বৃদ্ধি হয় । এনে অৱস্থাক ‘জেষ্টেচনেল ডায়েবেটিছ' বুলি কয় ৷
- শৰীৰৰ অতিৰিক্ত ওজন অর্থাৎ মেহবহুলতা হ'ব পাৰে উচ্চ ৰক্তচাপ বৃদ্ধিৰ অন্যতম কাৰণ ৷
- ধূম্ৰপান হ'ব পাৰে ৰক্তচাপ বৃদ্ধিৰ কাৰণ ৷
- বয়স বৃদ্ধিৰ লগে লগে বিশেষকৈ ৬০ বছৰৰ পাছত এনে হ'ব পাৰে ৷
- অত্যধিক কফি আৰু মদ্যপানৰ বাবে বৃদ্ধি পায় উচ্চ ৰক্তচাপ ৷
- পটাছিয়ামযুক্ত খাদ্য কম পৰিমাণে খালেও এনে ধৰণৰ সমস্যাই গা কৰি উঠে ৷
- ক্ৰণিক কিডনী বা বৃক্ক ৰোগৰ বাবে বৃদ্ধি পায় উচ্চ ৰক্তচাপ ৷
- থাইৰয়ডৰ বাবেও এনে হয় । যেতিয়া থাইৰয়ড গ্রন্থিয়ে নির্দিষ্ট পৰিমাণতকৈ বেছি থাইৰয়ড হৰম'ন (হাইপাৰ থায়ৰয়েডিজম) নিঃসৰণ কৰে বা কম হৰম'ন নিঃসৰণ (হাইপ’থায়াৰয়েডিজম) কৰে তেতিয়াও ৰক্তচাপ বাঢ়িব পাৰে ৷
উচ্চ ৰক্তচাপ সম্পৰ্কে থকা ভ্ৰান্ত ধাৰণা
- কেঁচা নিমখ খালে বৃদ্ধি পায় বুলি ভাবে। ইয়াৰ বিপৰীতে আঞ্জাত বেছিকৈ খালেও বৃদ্ধি নহয় বুলি ভাবে ৷
- তেঁতেলী টেঙা আৰু নেমু ৰস খালে ৰক্তচাপ হ্রাস পায় বুলি ভবা লোকৰ সংখ্যাও কম নহ'ব । দৰাচলতে উচ্চ ৰক্তচাপৰ সৈতে টেঙাৰ কোনো পোনপটীয়া সম্পর্ক নাই ৷
- ৰক্তচাপ ওপৰৰটো অৰ্থাৎ ছিষ্ট'লিক বেছি থাকিলেও বেছি ভয় নাই বুলি ভাবে । আচলতে ছিষ্ট’লিক বা ডায়োস্টলিক দুয়োটাই বৃদ্ধি হোৱাটো বিপদৰ কাৰণ ৷
- ৰক্তচাপ নিয়ন্ত্ৰণত থাকিলে ঔষধ নিয়মীয়াকৈ খাব নালাগে বুলি বহুতো লোকেই ভাবে । যদিহে কোনোবাই এবাৰ ঔষধ খাবলৈ চিকিৎসকে পৰামৰ্শ আগবঢ়াই তেতিয়া হ'লে নিয়মীয়াকৈ সেৱন কৰিবই লাগিব ৷
- উচ্চ ৰক্তচাপ থাকিলে গাখীৰ, কণী আদি খাব নালাগে বুলি ভবাটোও এক ভ্ৰান্ত ধাৰণাৰ বাহিৰে আনএকো নহয় ৷
- ছিষ্ট'লিক ১৪০ আৰু ডায়োষ্ট'লিক ৯০ৰ ওপৰত থাকিলেহে উচ্চ ৰক্তচাপ বুলি কয় ৷
- উচ্চ ৰক্তচাপত আক্ৰান্ত হোৱাৰ পূৰ্বে বিভিন্ন লক্ষণ ফুটি উঠে। কেতিয়াবা দীৰ্ঘদিন পাছতহে এই ৰোগৰ লক্ষণ ফুটি উঠিব পাৰে ৷
- পুৰুষৰ তুলনামূলকভাৱে উচ্চ ৰক্তচাপত আক্ৰান্ত সংখ্যা অধিক ৷
- কম বয়সত উচ্চ ৰক্তচাপত আক্ৰান্ত হোৱা আশংকা নাথাকে । এতিয়া পিছে কম বয়সতো এনে সংখ্যা বৃদ্ধি পাইছে ৷
- নিয়মীয়াকৈ ঔষধ সেৱন কৰিলে যিকোনো খাদ্য খাব পাৰি বুলি বহুতো লোকে ভাবে । যদিহে উচ্চ ৰক্তচাপত আক্রান্ত হয় তেতিয়া হ'লে খাদ্য গ্ৰহণৰ ক্ষেত্ৰত সতর্কতা অবলম্বন কৰিবই লাগিব ৷
ৰক্তচাপ নিয়ন্ত্ৰণৰ উপায়সমূহ
- 'যিমান সম্ভৱ টেনচন বা চাপমুক্ত হৈ থাকিবলৈ চেষ্টা কৰা উচিত ৷ সকলোৰে কিবা নহয় কিবা বিষয়ক লৈ টেনচন থাকেই । কোনো মানুহ সম্পূর্ণৰূপে টেনচনমুক্ত নহয় । সেয়েহে টেনচন নিয়ন্ত্ৰণ কৰি দৈনন্দিন কাৰ্যসমূহ সম্পাদন কৰিব লাগিব। সময়ৰ কাম সময়ত কৰা আৰু উচ্চকাংক্ষাৰ পৰা নিজকে নিয়ন্ত্ৰণত ৰাখিব পাৰিলে ৰক্তচাপ বৃদ্ধি নাপায় ৷
- চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি নিয়মীয়াকৈ ঔষধ সেৱন কৰিব লাগে ৷
- চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ কেতিয়াও নিজৰ ইচ্ছানুসৰি ফাৰ্মাচীৰ পৰা ঔষধ ক্ৰয় কৰি খাব নালাগে ৷
- নিয়মীয়াকৈ নিৰ্দিষ্ট দূৰত্ব খোজ কঢ়াৰ অভ্যাস গঢ়ি তুলিব লাগে। পুৱা-গধুলি যেতিয়াই সম্ভৱ তেতিয়া বেগাইখোজ কাঢ়িলে সুফল পোৱা যায় ৷
- সতেজ শাক-পাচলি, ফল-মূল খালেও সুফল পোৱা যায় ৷
- কফি, মাদক দ্রব্য যিমান সম্ভৱ নিয়ন্ত্ৰণ কৰা উচিত ৷
- নির্দিষ্ট জোখতকৈ বেছি নিমখ খাব নালাগে ৷
- ৰেডমীট বিশেষকৈ খাচী, পঠা ছাগলী, গাহৰি আদিৰ মাংস বেছি খাব নালাগে ৷
- শৰীৰৰ ওজন নিয়ন্ত্ৰণ কৰিবই লাগিব ৷
- ঔষধ সেৱনৰ পিছতো যদি ৰক্তচাপ নিয়ন্ত্ৰণ নহয় তেতিয়া হ'লে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে ৷ নিয়মীয়াকৈ ব্যায়াম কৰা উচিত ৷
- সময়মতে টোপনি যোৱা আৰু পুৱা সোনকালে বিচনা ত্যাগ কৰাৰ অভ্যাস গঢ়ি তুলিব লাগিব ৷
লগতে পঢ়ক

