ETV Bharat / health

আপুনি অতিপাত চিন্তাশীল ব্যক্তি ! এয়া আপোনাৰ সৌন্দৰ্যৰ বাবে হ’ব পাৰে হানিকাৰক - Stress

Stress: ব্যস্ততাৰে ভৰা এই জীৱনত মানসিক চাপ তেনেই এক সাধাৰণ সমস্যা হৈ পৰিছে, কিন্তু আপুনি জানেনে যে ই আপোনাৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ লগতে আপোনাৰ ছাল আৰু চুলিত গভীৰ প্ৰভাৱ পেলাব পাৰে ?

How Stress can ruin your beauty
আপুনি অতিপাত চিন্তাশীল ব্যক্তি ! এয়া আপোনাৰ সৌন্দৰ্যৰ বাবে হ’ব পাৰে হানিকাৰক (ETV Bharat)
author img

By ETV Bharat Health Team

Published : September 28, 2024 at 5:13 PM IST

3 Min Read
Choose ETV Bharat

বৰ্তমানৰ ব্যস্ততাৰে ভৰা এই জীৱনত মানসিক চাপ এটা সাধাৰণ সমস্যা হৈ পৰিছে, কিন্তু ইয়াৰ ফলত আপোনাৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ লগতে ছাল আৰু চুলিত গভীৰ প্ৰভাৱ পৰিব পাৰে বুলি আপুনি জানেনে? বিশেষজ্ঞসকলে কয় যে দীৰ্ঘদিন ধৰি মানসিক চাপ থাকিলে আপোনাৰ ছালখন শুকান, নিৰ্জীৱ আৰু বেয়াকৈ প্ৰভাৱিত হ’ব পাৰে ৷ তদুপৰি ই চুলি সৰা আৰু ইয়াৰ গুণগত মানৰ ক্ষতিৰ মূল কাৰণো হ’ব পাৰে ৷

যেতিয়া আমি মানসিক চাপত ভুগো তেতিয়া শৰীৰত কৰ্টিছল নামৰ হৰম’নৰ পৰিমাণ বাঢ়ি যায় ৷ ইয়াৰ বাবেই ছালৰ প্ৰাকৃতিক আৰ্দ্ৰতা কমিবলৈ আৰম্ভ কৰে, যাৰ ফলত ছালখন শুকান আৰু ৰুক্ষ হৈ পৰে ৷ ইয়াৰ উপৰিও মানসিক চাপে আপোনাৰ ছালত মিহি ৰেখা আৰু বলিৰেখাও সৃষ্টি কৰিব পাৰে ৷ প্ৰায়ে মানসিক চাপৰ বাবে ব্ৰণ, পিম্পল আৰু একজিমাৰ দৰে সমস্যাও মুখমণ্ডলত উদ্ভৱ হ’ব পাৰে ৷ দীৰ্ঘদিন ধৰি মানসিক চাপত থকা লোকৰ ছালত ৰঙা পৰা, ফুলা আৰু বিষৰ দৰে লক্ষণ দেখা পোৱা যায় বুলি ছালৰ বিশেষজ্ঞসকল ৷ ইয়াৰ উপৰিও ছালত ক’লা বৃত্ত আৰু ভাগৰুৱা ছালও মানসিক চাপৰ ফল ৷

How Stress can ruin your beauty
আপুনি অতিপাত চিন্তাশীল ব্যক্তি ! এয়া আপোনাৰ সৌন্দৰ্যৰ বাবে হ’ব পাৰে হানিকাৰক (ETV Bharat)

চুলিৰ ওপৰত মানসিক চাপৰ প্ৰভাৱ

চুলিৰ বাবেও মানসিক চাপ এটা ডাঙৰ শত্ৰু বুলি প্ৰমাণিত হ’ব পাৰে ৷ দীৰ্ঘদিন ধৰি মানসিক চাপৰ বাবে চুলি সৰা স্বাভাৱিক হৈ পৰে ৷ ইয়াৰ কাৰণ হ’ল মানসিক চাপৰ সময়ত শৰীৰত হৰম’নৰ ভাৰসাম্যহীনতা দেখা দিয়ে, যাৰ ফলত চুলিৰ বৃদ্ধিৰ চক্ৰত প্ৰভাৱ পৰে ৷ ইয়াৰ বাবে চুলি সোনকালে সৰিবলৈ আৰম্ভ কৰে আৰু ইয়াৰ ঘনত্ব কমি যায় ৷ মানসিক চাপে চুলিৰ শিপা দুৰ্বল কৰি তুলিব পাৰে, যাৰ ফলত চুলি পাতল হৈ পৰে আৰু চিগিবলৈ আৰম্ভ ৷ ইয়াৰ উপৰিও কিছুমান ক্ষেত্ৰত মানসিক চাপৰ বাবে চুলি ধূসৰ হ’বলৈ আৰম্ভ কৰে আৰু মূৰৰ ছালত উফিও হ’ব পাৰে ৷

How Stress can ruin your beauty
আপুনি অতিপাত চিন্তাশীল ব্যক্তি ! এয়া আপোনাৰ সৌন্দৰ্যৰ বাবে হ’ব পাৰে হানিকাৰক (ETV Bharat)

মানসিক চাপ হ্ৰাস কৰাৰ উপায়

বিশেষজ্ঞসকলৰ মতে, যোগ, ধ্যান আৰু নিয়মীয়া ব্যায়াম মানসিক চাপ কমোৱাৰ ফলপ্ৰসূ উপায় ৷ লগতে সময়ে সময়ে বিৰতি লৈ সঠিকভাৱে টোপনি লোৱাটোও গুৰুত্বপূৰ্ণ ৷ স্বাস্থ্যসন্মত খাদ্য আৰু ছালৰ যত্নৰ ৰুটিন গ্ৰহণ কৰি ছাল আৰু চুলি সুস্থ কৰি ৰাখিব পাৰি ৷ গতিকে ছাল আৰু চুলি সুস্থ কৰি ৰাখিব বিচাৰিলে মানসিক চাপ কমোৱাটো অত্যন্ত প্ৰয়োজনীয় ৷

লগতে পঢ়ক: গ্ৰীষ্মকালত নষ্ট হৈ পৰিছে হাত-ভৰিৰ ছাল ? সৌন্দৰ্য বিশেষজ্ঞা মালা মহন্তৰ পৰা জানি লওক উপায় - Skin Care