শাহু-বোৱাৰীৰ মাজৰ সম্পর্ক কেনেদৰে কৰিব মধুৰ ? অৱলম্বন কৰক এই উপায় - Astro Tips
How to Keep the Peace with Your In-Laws: শাহু-বোৱাৰীৰ মাজত মতানৈক্য, কোনো নতুন কথা নহয় ৷ যাৰ ফলত কেতিয়াবা কেতিয়াবা অৱনমিত হয় এখন ঘৰৰ সম্পৰ্কবোৰ ৷ কিন্তু কিছুমান উপায়ৰ দ্বাৰা দূৰ কৰিব পাৰি এই সমস্যা ৷ আজি এই সন্দৰ্ভত বিতংভাবে জনালে জ্যোতিষ সম্ৰাজ্ঞী ডঃ কৰবী বেজবৰুৱাই ।

Published : July 3, 2024 at 12:12 PM IST
গুৱাহাটী, 3 জুলাই: আপোনাৰ ঘৰখনত শাহু-বোৱাৰীৰ মাজৰ সম্পৰ্ক বেয়া নেকি ? সৰু সৰু কথাতে ঘৰখনত অশান্তিৰ সৃষ্টি হৈ থাকে নেকি ? আপোনাৰ পৰিয়ালত শাহু-বোৱাৰী, জী-জোঁৱাই বা আত্মীয়-স্বজনৰ মাজত ভুল বুজাবুজিৰ ফলত সম্পৰ্ক বেয়াৰ পিনে ঢাল খাইছে নেকি ? তেন্তে শাহু-বোৱাৰীৰ পৰা আৰম্ভ কৰি সকলো সম্পর্ক মধুৰ কৰি তুলিবলৈ এই সহজ উপায় আপুনি অনুসৰণ কৰিব পাৰে । যিয়ে দূৰ কৰিব এই দীৰ্ঘদিনীয়া সমস্যা ৷
তাৰ বাবে আপোনাক লাগিব এখন সৰু উকা কাগজৰ টুকুৰা ।এই উকা কাগজৰ টুকুৰাখনত ৰঙা চিঞাহীৰে আপোনাৰ নামৰ লগতে আপুনি যাৰ লগত বা পৰিয়ালৰ যি গৰাকী সদস্যৰ লগত সম্পৰ্ক মধুৰ কৰিব বিচাৰে, তেওঁৰ নামটো লিখক ।
শাহু হ'লে বোৱাৰীৰ নাম আৰু বোৱাৰী হ'লে শাহুৰ নাম, তেনেদৰে যাৰ লগত সম্পৰ্কটো সদায় ভালে থকাটো বিচাৰে তেওঁৰ নামটো লিখিব । তাৰ পিচত এটা মৌৰ বটল ক্ৰয় কৰি আনি তাত অকণমান কেশৰ দিব । তাৰপিচত সেই সৰু উকা কাগজৰ টুকুৰাটো হাতত লৈ আপুনি যাৰ লগত সম্পৰ্কটো ঠিক কৰিব বিচাৰে, তেওঁৰ নামটো কৈ, সেই সম্পৰ্কটো ঠিক হৈ আহিছে বুলি মনতে ক'ব । তাৰ পিচত কাগজখন জাপি মৌৰ বটলটোত ভৰাই দিব । যেতিয়া আপুনি মৌৰ বটলটোত কাগজখন ভৰাব, সেই ভৰোৱা সময়ত 'ঔম নমো ভগৱতে বসুদেৱাই নমঃ' বুলি মন্ত্ৰ উচ্চাৰণ কৰি এক মিনিটৰ বাবে জপ কৰিব ।
তাৰ পিচত সেই মৌৰ বটলটো নি যিকোনো গছৰ গুৰিৰ ওচৰত দকৈ গাঁত খান্দি পুতি থৈ আহিব । যদি গছৰ গুৰিত পুতিবলৈ অসুবিধা হয়, তেন্তে ঘৰতে যদি গামলা বা টাব আছে, তাৰ গুৰিটো পুতি থ'ব পাৰে । এনেদৰে আপুনি বছৰৰ ৪ বাৰ তিনিমাহৰ মূৰে মূৰে বৃহস্পতিবাৰে এনে কৰিলে নিশ্চয়কৈ সুফল পাব ।
লগতে পঢ়ক: আপোনাৰ জীৱনৰ লাকী নম্বৰটো কি জানেনে ? আপোনাৰ জন্মৰ তাৰিখতে লুকাই আছে এই ৰহস্য - Lucky Number

