কম্বলো লৈছে একেলগে ফেনো চলাইছে...পৰিৱৰ্তিত বতৰত কেনেকৈ ৰোগৰ পৰা নিজকে কৰিব ৰক্ষা
লাহে লাহে শীতকালৰ আগমন ঘটিছে, এনে পৰিস্থিতিত শৰীৰক বিভিন্ন ৰোগৰ পৰা ৰক্ষা কৰিবলৈ তলত দিয়া উপায়বোৰ অনুসৰণ কৰিব পাৰে ৷

Published : October 17, 2024 at 4:59 PM IST
শীতকাল লাহে লাহে ওচৰ চাপি আহিছে, আৰু বতৰৰ পৰিৱৰ্তন স্পষ্টকৈ দেখা গৈছে, এতিয়া ৰাতি এচি চলোৱাৰ প্ৰয়োজন নাই, কিন্তু কম বেগত ফেন চলোৱাৰ পিচতো এটা চাদৰেৰে ঢাকি ৰখাৰ প্ৰয়োজন হৈছে ৷
এই সময়ছোৱাত আমি সকলোৱে আমাৰ স্বাস্থ্যৰ বিশেষ যত্ন লোৱাটো প্ৰয়োজন, নহ’লে আমাৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে ৷ পৰিৱৰ্তিত বতৰৰ সময়ত কেনেকৈ বিভিন্ন ৰোগৰ পৰা হাত সাৰিব পাৰি ডাঃ ইমৰাণ আহমেদৰ পৰা জানো আহক-
১) স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰক
পৰিৱৰ্তিত ঋতুত শৰীৰক অতিৰিক্ত পুষ্টিকৰ উপাদানৰ প্ৰয়োজন হয় ৷ এনে পৰিস্থিতিত সতেজ ফল-মূল, শাক-পাচলি, দালি আৰু প্ৰ’টিন ভিত্তিক খাদ্যসমূহ দৈনন্দিন খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক ৷ ভিটামিন চি সমৃদ্ধ ফল, যেনে কমলা, নেমু আৰু আমলখি আদিয়ে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে আৰু চৰ্দি আৰু কাহৰ পৰা ৰক্ষা কৰাত সহায় কৰে ৷
২) গৰম পানী আৰু হাইড্ৰেচনৰ যত্ন লওক
পৰিৱৰ্তিত বতৰত আমি প্ৰায়ে কমকৈ পানী খাও, আনহাতে শৰীৰক হাইড্ৰট কৰি ৰখাটোও সমানেই গুৰুত্বপূৰ্ণ ৷ ইয়াৰ বাবে গোটেই দিনটো কুহুমীয়া পানী খাব লাগে ৷ ই শৰীৰক ভিতৰৰ পৰা গৰম কৰি ৰখাত সহায় কৰে আৰু লগতে আপোনাৰ বিপাকীয় ক্ৰিয়াও বৃদ্ধি কৰে ৷ লগতে ডিঙি আৰু শ্বাসনলীত আৰ্দ্ৰতা প্ৰদান কৰাত সহায়ক হয়, যাৰ ফলত সংক্ৰমণৰ সম্ভাৱনা হ্ৰাস পায় ৷
৩) পৰ্যাপ্ত পৰিমাণে টোপনি লোৱা
শীতকালত শৰীৰক উপযুক্ত জিৰণি আৰু পৰ্যাপ্ত টোপনিৰ প্ৰয়োজন হয় ৷ পৰ্যাপ্ত টোপনিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সহায় কৰে, যাৰ ফলত আপোনাৰ শৰীৰটো ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ সাজু হয় ৷ দৈনিক কমেও ৭-৮ ঘণ্টা টোপনি লওক যাতে আপুনি সতেজ অনুভৱ কৰে আৰু ৰোগৰ পৰা আঁতৰি থাকে ৷
৪) সঠিক কাপোৰ পৰিধান কৰক
বতৰ অনুযায়ী উপযুক্ত সাজ-পোছাক পৰিধান কৰাটো গুৰুত্বপূৰ্ণ ৷ বাহিৰত ঠাণ্ডা বতাহ বলিলে গৰম কাপোৰ ব্যৱহাৰ কৰিব লাগে ৷ বিশেষকৈ মূৰ, হাত-ভৰি ঢাকি ৰাখক, কাৰণ এই অংশবোৰৰ পৰা শৰীৰৰ উষ্ণতা দ্ৰুতগতিত কমি যায় ৷
৫) ব্যায়াম কৰক
এই বতৰত শৰীৰ সক্ৰিয় কৰি ৰখাটো জৰুৰী ৷ নিয়মিতভাৱে লঘু ব্যায়াম কৰক, যেনে যোগাসন, খোজ কঢ়া বা ষ্ট্ৰেচিং আদি ৷ ই কেৱল শৰীৰক গৰম কৰি ৰখাই নহয়, ৰোগ প্ৰতিৰোধ ক্ষমতাও শক্তিশালী কৰে ৷

