গুৱাহাটী : পোৰা বা অগ্নিদগ্ধ হোৱা এনেধৰণৰ ঘটনা আমি প্ৰায়ে শুনিবলৈ পাওঁ । সাধাৰণতে জুই/শিখাৰ পৰা অগ্নিদগ্ধ হোৱা, বৈদ্যুতিক শ্বৰ্টচাৰ্কিট, বাষ্প বা গৰম তৰলৰ পৰা দগ্ধ হোৱা ঘটনা প্ৰায়ে শুনিবলৈ পোৱা যায় ।
চিকিৎসকে জনোৱা অনুসৰি, জুয়ে পুৰা বা অগ্নি দগ্ধ এইসমূহৰ ঘটনাৰ সন্দৰ্ভত আমাৰ সমাজত অতি বেছি সজাগতা দেখিবলৈ পোৱা নাযায় । সেয়ে ইয়াৰ সজাগতা অতি আৱশ্যক । যদিহে সজাগ হোৱা নাযায় তেন্তে মৃত্যু পৰ্যন্তও হ'ব পাৰে । অগ্নিদগ্ধ হ'লে তাৎক্ষণিক ভাৱে কি কৰিব লাগে এই সন্দৰ্ভত জনালে চিকিৎসক অপৰাজিৎ বৰ্মনে ।
- অগ্নিদগ্ধ হ'লে তাৎক্ষণিকভাৱে কি কৰিব ?
চিকিৎসক অপৰাজিৎ বৰ্মনে এই সন্দৰ্ভত কয়, "যদিহে জুইৰ শিখাৰ পৰা অগ্নিদগ্ধ হয় তেন্তে কেতিয়াও দৌৰিব নালাগে । কাপোৰত যদি জুই লাগিলে কেতিয়াও দৌৰাটো উচিত নহয় । তাৰ সলনি সেই স্থানতে ৰৈ মাটিত বাগৰি দিব লাগিব । সমান্তৰালভাৱে ওচৰত যদি পানী থাকে সেয়া ব্যৱহাৰ কৰিব পাৰে । ইয়াৰ সলনি যদিহে হাত বা ভৰিৰ কোনোবা অংশ পৰিছে তেন্তে সেই অংশটো ৰানিং টেপৰ পানীত পোৰা অংশটো ৩০ মিনিট মান সময়ৰ বাবে ডুবাই ৰাখিব পাৰে । এনেকৰাৰ ফলত ঘাঁটো বাঢ়ি নাযায় । লগতে যিমান সোনকালে পাৰে চিকিৎসালয়লৈ নিব লাগে ।"
- অগ্নিদগ্ধ হ'লে ঘৰুৱাভাৱে চিকিৎসা কৰাটো উচিত নে ?
এই সন্দৰ্ভত তেওঁ কয়, "বহুক্ষেত্ৰত জুইৰ শিখাৰ পৰা অগ্নিদগ্ধ হ'লে বা বাষ্প বা গৰম তৰলৰ পৰা দগ্ধ হ'লে ঘৰুৱাভাৱে ভিন্ন ধৰণৰ চিকিৎসা কৰা দেখা যায় । বহুতে পোৰণি কমিবলৈ সেই পোৰা অংশত টুথপেষ্ট, ছায়, উজ্জ্বলা, আলু আদিৰ দৰে ভিন্নধৰণৰ বস্তু ব্যৱহাৰৰ কৰা দেখা যায় । কিন্তু এইয়া কৰা উচিত নহয় । লগতে পোৰা অংশত কেতিয়াও বৰফ লগাব নালাগে ।"
চিকিৎসাকে জনোৱা অনুসৰি, যদিহে কোনো ৰোগীৰ ১০% দগ্ধ হয় তেন্তে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । অন্যথা তাতকৈ কম অংশ দগ্ধ হ'লে প্ৰথমিক চিকিৎসা কৰি ঘৰলৈ যাবলৈ দিয়া হয় ।
- দগ্ধ হোৱা অংশ শুকুৱাৰ পাছত কেনেধৰণৰ সমস্যা হ'ব পাৰে ?
এই সন্দৰ্ভত বৰ্মনে কয়, "দগ্ধ হোৱা অংশ শুকুৱাৰ পিছত বহু সমস্যা দেখা দিব পাৰে । যেনে দাগ পৰা, বিষ হোৱা আদি লগতে মনোবৈজ্ঞানিক অসুবিধাও হ'ব পাৰে । এই জটিলতাসমূহৰ জ্বলনৰ গভীৰতা আৰু বিস্তাৰৰ ওপৰত নিৰ্ভৰ কৰে । সেয়ে ইয়াৰ চিকিৎসা অন্য কিছু ৰোগৰ দৰে সোনকালে শেষ হৈ নাযায় । এবছৰ ৰ পৰা ডেৰ বছৰলৈ জ্বলনৰ গভীৰতা আৰু বিস্তাৰৰ ওপৰত নিৰ্ভৰ কৰি চিকিৎসা চলে ।"
- এনে ধৰণৰ ঘটনা সমূহ আমি কেনেদৰে ৰোধ কৰিব পাৰো ?
১) ঘৰত যেতিয়া খাদ্য বনোৱা হয় তেতিয়া সদায় গাঁত লেপেট খাই থকা বস্ত্ৰ পৰিধান কৰি বনাব লাগে । শাৰী, দুপাত্তা আদি ললেও সদায় টানকৈ বান্ধি ল'ব লাগে ।
২) বৈদ্যুতিক শ্বৰ্টচাৰ্কিটৰ পৰা বাচিবলৈ বৈদ্যুতিক কাম আদি কৰোতে গ্ল'ভচ, হেলমেট আদি পৰিধান কৰিহে কৰিব লাগে ।
৩) শিশুসকলৰ ওচৰত কেতিয়াও গৰম পানী ৰাখিব নালাগে । বিশেষকৈ তেওঁলোকক কেতিয়াও টেবুলৰ ওচৰলৈ আহিব দিব নালাগে । পাকঘৰৰ আদিৰ পৰা সদায় দূৰত ৰাখিব লাগে ।