ETV Bharat / health

কোনো দামী ঔষধতকৈ কম নহয় নৰসিংহৰ পাত...জানি লওক উপকাৰিতা

আমাৰ স্বাস্থ্যৰ বাবে নৰসিংহ পাত কিমান উপকাৰী ইয়াৰ বিষয়ে নতুনকৈ কোৱাৰ হয়তো কোনো প্ৰয়োজন নাই কিন্তু এই পাতক খালী পেটত খোৱাৰ উপকাৰিতাৰ বিষয়ে আপুনি জানেনে-

HERE ARE SOME AWESOME HEALTH BENEFITS OF CURRY LEAVES
কোনো দামী ঔষধতকৈ কম নহয় নৰসিংহৰ পাত...জানি লওক উপকাৰিতা (ETV Bharat)
author img

By ETV Bharat Health Team

Published : February 19, 2025 at 5:26 PM IST

4 Min Read
Choose ETV Bharat

যদি আপুনিও ভাবে যে নৰসিংহৰ পাত কেৱল খাদ্যৰ সোৱাদ বৃদ্ধিৰ বাবেহে ব্যৱহাৰ কৰা হয়, তেন্তে আজি আমি আপোনাৰ এই ভুল ধাৰণা দূৰ কৰিম ৷ ঔষধি গুণেৰে সমৃদ্ধ নৰসিংহ পাত আপোনাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে ৷ যদি আপুনিও নিজকে সুস্থ আৰু ফিট ৰাখিব বিচাৰে, তেন্তে এই পাতটো নিশ্চয়কৈ আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰা উচিত ৷

অতীজৰে পৰা নৰসিংহ পাতক স্বাস্থ্যৰ পক্ষে খুব উপকাৰী বুলি গণ্য কৰি অহা হৈছে ৷ ইয়াত বহু ঔষধি গুণ আছে, যিয়ে স্বাস্থ্য তথা ছাল-চুলিক ভালে ৰখাত সহায় কৰে ৷ নৰসিংহ পাত প্ৰ'টিন, আইৰণ, চৰ্বি, কেলচিয়াম, ভিটামিন-চি, ফছফৰাছ, নিকোটিনিক এচিড, এণ্টিঅক্সিডেণ্টৰে সমৃদ্ধ ৷ পুৱা খালী পেটত নৰসিংহ পাত খালে আমাৰ শৰীৰটো বহু ৰোগৰ পৰা বাচি থাকিব পাৰি ৷ খালী পেটত নৰসিংহ পাত খোৱাৰ লাভালাভৰ বিষয়ে আজি জানো আহক-

দূৰ হয় পুৱাৰ অসুস্থতা

বহুতেই পুৱা শুই উঠাৰ পিছত নিজকে খুব অসুস্থ অনুভৱ কৰে ৷ কিছুমানৰ যদি বমিৰ ভাৱ হয়, কিছুমানৰ মূৰ ঘূৰায় ৷এনে সমস্যাত ভূগি থকাসকলৰ বাবে পুৱা নৰসিংহ পাত খোৱাটো খুব উপকাৰী ৷

হজম হয় স্বাস্থ্যকৰ

খালী পেটত নৰসিংহ পাত খালে হজম শক্তি উন্নত হয় ৷ নৰসিংহ পাত খালে পাচন তন্ত্ৰ স্বাস্থ্যৱান হৈ থাকে ৷ কোষ্ঠকাঠিন্য হ্ৰাস কৰাতো নৰসিংহ পাতক অতি উপকাৰী বুলি গণ্য কৰা হয় ৷

ওজন হ্ৰাসত সহায়ক

ওজন হ্ৰাসৰ বাবে শৰীৰক ডিটক্স কৰাটো প্ৰয়োজনীয় ৷ ডিটক্স কৰাৰ ফলত শৰীৰৰ পৰা লেতেৰা বিষাক্ত পদাৰ্থ বাহিৰলৈ ওলায় আৰু ওজন হ্ৰাসত সহায় কৰে ৷

শক্তিশালী হয় ৰোগ প্ৰতিৰোধ ক্ষমতা

নৰসিংহ পাতত এণ্টিঅক্সিডেণ্ট থাকে ৷ যিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি আমাক নিৰোগী কৰি ৰখাত সহায় কৰে ৷ নৰসিংহ পাতত পোৱা এণ্টিঅক্সিডেণ্টবোৰে অক্সিডেটিভ চাপ হ্ৰাস কৰাত আৰু ৰোগ সৃষ্টি কৰা বেক্টেৰিয়াৰ সৈতে যুঁজ দিয়াত সহায় কৰে ৷

চকুৰ বাবে লাভজনক

নৰসিংহ পাতত থকা ভিটামিন-এ-য়ে দৃষ্টিশক্তি বৃদ্ধি কৰাত সহায় কৰে ৷ তদুপৰি, ই বয়সৰ সৈতে চকু দুৰ্বল হোৱাৰ সমস্যাৰ পৰাও সুৰক্ষা দিয়ে ৷ যদি আপোনাৰ দৃষ্টিশক্তি হ্ৰাস পাইছে, তেন্তে নৰসিংহ পাত খাব ৷ আপুনি পুৱা খালী পেটত মৌৰ সৈতে এই পাত খাব পাৰে ৷

চুলি হয় শক্তিশালী

নৰসিংহ পাতত পোৱা পুষ্টিবোৰে চুলিক পুষ্টি যোগান ধৰাত সহায় কৰে ৷ সেয়েহে পুৱাৰ আহাৰৰ আধা ঘণ্টা আগতে দৈনিক কেইটামান সতেজ নৰসিংহ পাত খোৱা আৰম্ভ কৰিব ৷ ই চুলিৰ সকলো সমস্যা সমাধানত সহায় কৰিব ৷

NIHৰ মতে, নৰসিংহ পাত সেৱন কৰিলে ৰক্ত শৰ্কৰাৰ মাত্ৰা বহু পৰিমাণে নিয়ন্ত্ৰণ কৰিব পাৰি ৷ ডায়েবেটিছ ৰোগীক প্ৰায়ে নৰসিংহ পাত খাবলৈ পৰামৰ্শ দিয়া হয় ৷ ইয়াৰ উপৰিও যদি আপুনি আপোনাৰ যকৃতৰ ক্ষতিৰ পৰা ৰক্ষা কৰিব বিচাৰে তেন্তে নৰসিংহৰ পাত খাব পাৰে ৷ কেৱল এয়াই নহয়, নৰসিংহ পাতত থকা উপাদানসমূহে আপোনাৰ ছাল আৰু চুলিৰ স্বাস্থ্য বজাই ৰাখে ৷

খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰাৰ সঠিক উপায়

ভাল ফলাফল পাবলৈ নৰসিংহ পাত সঠিকভাৱে সেৱন কৰিব লাগে ৷ বিশেষজ্ঞসকলৰ মতে, খালী পেটত নৰসিংহৰ পাত খোৱাটো আপোনাৰ স্বাস্থ্যৰ বাবে আটাইতকৈ উপকাৰী হ’ব পাৰে ৷ নৰসিংহৰ পাত চোবাই খালে আপুনি আপোনাৰ স্বাস্থ্যৰ বাবে এই আটাইবোৰ উপকাৰিতা লাভ কৰিব পাৰে ৷

উৎস:- https://pmc.ncbi.nlm.nih.gov/articles/PMC7070712/

(সতৰ্কীকৰণ: এই প্ৰতিবেদনত আপোনাক দিয়া সকলো স্বাস্থ্য তথা জীৱনশৈলী সম্পৰ্কীয় যিকোনো তথ্য আৰু পৰামৰ্শ কেৱল আপোনাৰ সাধাৰণ তথ্যৰ বাবেহে আগবঢ়োৱা হৈছে । আমি এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰী পৰামৰ্শৰ ভিত্তিত প্ৰদান কৰিছো । আপুনি এই উপায় বা পদ্ধতি অনুসৰণ কৰাৰ আগতে এই বিষয়ে বিতংভাৱে জনাটো উচিত তথা আপোনাৰ ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত ।)

লগতে পঢ়ক

  1. এনেদৰে কেতিয়াবা খাইছেনে নৰসিংহ পাত ?
  2. আপোনাৰ স্বাস্থ্যৰ বাবে নৰসিংহৰ পাত কিমান উপকাৰী জানো আহক - Curry Leaves
  3. দৈনিক খালী পেটত খাওক নৰসিংহ, কেইদিনমানতে পাব ফলাফল, উপকাৰিতা-অপকাৰিতা জানি লওক