ETV Bharat / health

পুৰুষ আৰু মহিলাৰ ক্ষেত্ৰত শৰীৰত কিমান মাত্ৰাত হিম’গ্লবিন থকা উচিত ? খাদ্যৰ জৰিয়তে হিম’গ্লবিন বৃদ্ধি কৰিব পাৰিনে ?

পৰ্যাপ্ত পৰিমাণৰ হিম’গ্লবিন থাকিলে শৰীৰে শক্তি লাভ কৰে, মগজু আৰু পেশীবোৰে সঠিকভাৱে কাম কৰে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হৈ থাকে-

Hemoglobin Deficiency
পুৰুষ আৰু মহিলাৰ ক্ষেত্ৰত শৰীৰত কিমান মাত্ৰাত হিম’গ্লবিন থকা উচিত ? খাদ্যৰ জৰিয়তে হিম’গ্লবিন বৃদ্ধি কৰিব পাৰিনে ? (ETV Bharat)
author img

By ETV Bharat Health Team

Published : September 13, 2025 at 5:20 PM IST

3 Min Read
Choose ETV Bharat

হিম’গ্লবিন হৈছে আমাৰ তেজত পোৱা এক আইৰণ সমৃদ্ধ প্ৰটিন যি ৰক্তকণিকা (RBC) ত থাকে ৷ ইয়াৰ প্ৰধান কাম হ’ল শৰীৰৰ প্ৰতিটো অংশলৈ অক্সিজেন প্ৰেৰণ আৰু কাৰ্বন ডাই অক্সাইড আঁতৰোৱা ৷ পৰ্যাপ্ত পৰিমাণৰ হিম’গ্লবিন থাকিলে শৰীৰক শক্তি প্ৰদান কৰে, মগজু আৰু পেশীবোৰে সঠিকভাৱে কাম কৰে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হৈ থাকে ৷ সুস্থ প্ৰাপ্তবয়স্ক পুৰুষৰ হিম’গ্লবিনৰ মাত্ৰা 13-17 g/dL আৰু মহিলাৰ ক্ষেত্ৰত 12-15 g/dL হোৱাটো স্বাভাৱিক বুলি ধৰা হয় ৷ শিশু আৰু গৰ্ভৱতী মহিলাৰ প্ৰয়োজন বেলেগ বেলেগ ৷ সেইবাবেই চিকিৎসকে সময়ে সময়ে তেজৰ পৰীক্ষা কৰাবলৈ পৰামৰ্শ দিয়ে, যাতে প্ৰাৰম্ভিক অৱস্থাতে অভাৱ চিনাক্ত কৰি নিৰাময় কৰিব পৰা যায় ৷

বিশেষজ্ঞই কয় যে, হিম’গ্লবিনৰ অভাৱক ৰক্তহীনতা বুলি কোৱা হয় আৰু ই শৰীৰত বহু ধৰণে প্ৰভাৱ পেলায় ৷ প্ৰথমতে অক্সিজেনৰ যোগান কমি যোৱাৰ বাবে ভাগৰ আৰু দুৰ্বলতা অনুভৱ কৰিব পাৰে ৷ মগজুত পৰ্যাপ্ত পৰিমাণৰ অক্সিজেন নোপোৱাৰ বাবে মূৰ ঘূৰোৱা, মূৰৰ বিষৰ সমস্যা হ’ব পাৰে ৷ গুৰুতৰ ক্ষেত্ৰত উশাহ-নিশাহ লোৱাত কষ্ট, হৃদস্পন্দন দ্ৰুত আৰু বুকুৰ বিষ আদি সমস্যাও হ’ব পাৰে ৷ এই অভাৱ দীৰ্ঘদিন ধৰি থাকিলে হৃদৰোগৰ সম্ভাৱনা বাঢ়ি যায় ৷

এই সমস্যা মহিলাৰ ক্ষেত্ৰত বেছিকৈ দেখা যায়, কাৰণ মাহেকীয়া আৰু গৰ্ভাৱস্থাত তেজৰ অভাৱ সাধাৰণতে দেখা যায় ৷ শিশুৰ হিম’গ্লবিন কম হ’লে তেওঁলোকৰ বৃদ্ধি আৰু শিক্ষণ ক্ষমতাত প্ৰভাৱ পৰিব পাৰে ৷ বৃদ্ধসকলৰ ক্ষেত্ৰত ইয়াৰ ফলত দুৰ্বলতা আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা কম হ’ব পাৰে ৷ গতিকে ই কেৱল স্বাভাৱিক নহয় বৰঞ্চ এক গুৰুতৰ স্বাস্থ্যজনিত সমস্যা, যিটো সময়ত গুৰুত্ব দিয়াটো অতি প্ৰয়োজনীয় ৷

হিম’গ্লবিন বৃদ্ধিৰ সঠিক উপায় কি ?

ডাঃ সুভাষ গিৰীয়ে কয় যে,পুৰুষৰ বাবে 14-17 g/dL আৰু মহিলাৰ বাবে 12-15 g/dL হ’ব লাগে ৷ ই হিম’গ্লবিনৰ স্বাভাৱিক পৰিসৰ ৷ কিন্তু যদি ইয়াৰ মাত্ৰা ১৩ৰ পৰা ১০ৰ ভিতৰত হয়, তেন্তে খাদ্য আৰু পৰিপূৰক খাদ্যৰ সহায়ত ইয়াক বৃদ্ধি কৰিব পাৰি ৷ আইৰণ সমৃদ্ধ খাদ্য যেনে সেউজীয়া পাতৰ শাক-পাচলি, ডালিম, খেজুৰ,বীন, দালি, মাছ আৰু মাংস খাব পাৰে ৷ লগতে ভিটামিন চি সমৃদ্ধ ফল যেনে কমলা, আমলখি আৰু নেমু আদিয়ে আইৰণৰ শোষণ সহজ কৰি তোলে ৷

সামান্য অভাৱৰ ক্ষেত্ৰত কেৱল খাদ্য আৰু পৰিপূৰকহে উপকাৰী, কিন্তু যিসকল লোকৰ হিম’গ্লবিন অতি কম, অৰ্থাৎ ইয়াৰ মাত্ৰা ৯ তকৈ কম বা গুৰুতৰ ৰক্তহীনতা থকা গৰ্ভৱতী মহিলা বা যিসকলৰ অন্ত্ৰই পুষ্টিকৰ পদাৰ্থ সঠিকভাৱে শোষণ কৰিব নোৱাৰে, তেওঁলোকৰ বাবে কেৱল খাদ্যই যথেষ্ট নহয় ৷ এনে ক্ষেত্ৰত চিকিৎসকে আইৰণ বেজী, IV আইৰণ থেৰাপী বা কেতিয়াবা আনকি তেজ লোৱাৰ পৰামৰ্শ দিয়ে ৷

অৰ্থাৎ প্ৰতিজন ব্যক্তিৰ অৱস্থা বেলেগ বেলেগ ৷ হিম’গ্লবিন বৃদ্ধিৰ বাবে কেৱল খাদ্যই যথেষ্ট নে বেজীৰ প্ৰয়োজন হ’ব, চিকিৎসকৰ পৰীক্ষা আৰু তেজৰ পৰীক্ষাৰ প্ৰতিবেদনৰ পিছতহে এই কথা নিৰ্ণয় কৰিব পৰা যায় ৷

উৎস

https://pubmed.ncbi.nlm.nih.gov/24491804/

https://pmc.ncbi.nlm.nih.gov/articles/PMC7568789/

লগতে পঢ়ক

  1. বৃদ্ধি হ’ব তেজত হিম’গ্লবিনৰ মাত্ৰা; কেৱল গ্ৰহণ কৰক এই ৭ বিধ খাদ্য
  2. Hemoglobin: শৰীৰৰ বাবে অতি জৰুৰী হিম’গ্লবিনৰ মাত্ৰা বৃদ্ধি কৰিব এই ৪বিধ খাদ্যই
  3. Calcium Rich Foods: গাখীৰ খাই ভাল নাপায় নেকি ? তেন্তে শৰীৰত কেলচিয়ামৰ যোগান ধৰিবলৈ গ্ৰহণ কৰক এই খাদ্য