ETV Bharat / health

আপোনাৰ জীৱনশৈলীৰ সৈতে জড়িত কোনবোৰ অভ্যাস আপোনাৰ বাবে বিপজ্জনক ? - LIFESTYLE DISEASE PREVENTION

কেনেদৰে এই জীৱনশৈলীজনিত ৰোগ প্ৰতিৰোধ কৰিব ? আমি কেনেধৰণৰ খাদ্যত আমি গুৰুত্ব দিয়া উচিত ? এই সন্দৰ্ভত জনালে ডায়বেট'ল'জিষ্ট ডাঃ ৰূপম দাসে-

LIFESTYLE DISEASE PREVENTION
আপোনাৰ জীৱনশৈলীৰ সৈতে জড়িত কোনবোৰ অভ্যাস আপোনাৰ বাবে বিপজ্জনক ? (GETTY IMAGES)
author img

By ETV Bharat Health Team

Published : June 9, 2025 at 4:25 PM IST

4 Min Read

বৰ্তমান সময়ত দিনক দিনে লাইফষ্টাইল ডিজিজ অৰ্থাৎ জীৱনশৈলীজনিত ৰোগ বৃদ্ধি পাবলৈ ধৰিছে ৷ প্ৰত্যেক মানুহৰে একোটা নিজস্ব জীৱনশৈলী আছে ৷ পিছে সকলোৰে জীৱনশৈলী আছে যদিও যেতিয়া মানুহে নিজৰ দৈনন্দিন সাধাৰণ নিয়ম আদিৰ পৰা আঁতৰি গৈ এক উশৃংখল জীৱন-যাপন কৰিব ধৰে তেতিয়া বিভিন্ন ধৰণৰ ৰোগে বিশেষকৈ ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপ আদিয়ে সহজে গা কৰি উঠিব পাৰে ৷

আমি সকলোৱে পুৱা শুই উঠাৰ পৰা নিশা শোৱালৈকে বিভিন্ন কাম কৰো ৷ কিছুমানে কোনো টেনচন নোহোৱাকৈ এই কাৰ্য সম্পন্ন কৰা হয় যদিও প্ৰায়ভাগে কাম কৰোঁতে সময়ৰ প্ৰতি লক্ষ্য ৰাখিবলগীয়া হয় ৷ কেতিয়াবা অলপ সময়ৰ ভিতৰতে খুব এটা হাইপাৰনেছ আহি যায় আৰু তেতিয়া কিছুমান হৰম'নৰ উখল মাখল হয় অৰ্থাৎ সক্ৰিয়তা বৃদ্ধি পায় সেইসময়তে উচ্চ ৰক্তচাপ বেছি হ'বলৈ ধৰে ৷ কিছুমানৰ আকৌ হৃদস্পন্দন বাঢ়ে ৷ এনে পৰিস্থিতি এদিন বা দুদিন হ'লে চিন্তাৰ কাৰণ নাথাকে ৷ কিন্তু যদি সদায় একেধৰণৰ সমস্যাই গা কৰি থাকে তেতিয়া উচ্চ ৰক্তচাপ, ডায়েবেটিছ আদি ৰোগে খোপনি পুতিবলৈ আৰম্ভ কৰে ৷

ডায়বেট'ল'জিষ্ট ডাঃ ৰূপম দাস (ETV Bharat Assam)

যি সকলৰ ডায়েবেটিছ, ৰক্তচাপ আদিৰ সমস্যা থাকে তেওঁলোকে জীৱনশৈলী গুৰুত্বপূৰ্ণ বিষয় ৷ অৱশ্যে এনেকুৱা নহয় যে আমি দিনটোৰ ভিতৰত কৰিবলগীয়া কামবোৰ নকৰাকৈ জীৱনশৈলী নিয়ন্ত্ৰন কৰিব লাগিব ৷ আচলতে সকলো কাম কৰোতে আমি যদি ভাৰসাম্য ৰক্ষা কৰো তেন্তে এনেধৰণৰ জীৱনশৈলীজনিত ৰোগ প্ৰতিৰোধ কৰাটো সম্ভৱ ৷ স্বাভাৱিক জীৱনশৈলীৰ মাজেদি আমি কাম কৰিলে উচ্চ ৰক্তচাপ, ডায়েবেটিছ, হৃদৰোগ আদি নিয়ন্ত্ৰণ কৰিব পাৰো ৷ সমান্তৰালভাৱে খাদ্যৰ কথাও থাকিব ৷

কেনেধৰণৰ খাদ্যত আমি গুৰুত্ব দিব লাগে ?

LIFESTYLE DISEASE PREVENTION
আপোনাৰ জীৱনশৈলীৰ সৈতে জড়িত কোনবোৰ অভ্যাস আপোনাৰ বাবে বিপজ্জনক ? (ETV Bharat Assam)

কেৱল যে মানসিক চাপ হ্ৰাস কৰিব লাগিব তেনে নহয়, খাদ্যৰ ওপৰতো আলোকপাত কৰিব লাগিব ৷ আমি সুষম আহাৰ গ্ৰহণ কৰিব লাগিব ৷ সুষম আহাৰ বুলিলে কাৰ্ব'হাইড্ৰেট, চৰ্বি আৰু প্ৰ'টিন আদিৰ মাজত ভাৰসাম্য ৰক্ষা কৰিব লাগিব ৷ শাক পাচলি আদিৰ পৰা শৰীৰে প্ৰয়োজনীয় ভিটামিন আদি লাভ কৰে ৷ কাৰ্ব'হাইড্ৰেট আমি চাউল আদিৰ পৰা পাব পাৰো ৷ কিন্তু ইয়াৰ পৰিমাণ বেছি হ’ব নালাগিব ৷ আমি সৰল কাৰ্ব'হাইড্ৰেটৰ পৰিৱৰ্তে জটিল কাৰ্ব'হাইড্ৰেট খাব লাগে ৷ কিয়নো সৰল কাৰ্ব'হাইড্ৰেট সহজে হজম হোৱা বাবে তেজত শৰ্কৰা বৃদ্ধি পায় ৷ সেইবাবে ডায়েবেটিছত আক্ৰান্ত সকলে এই বিষয়ত গুৰুত্ব আৰোপ কৰা উচিত ৷ ঠিক তেনেদৰে আমাক প্ৰ'টিনৰো সমানেই প্ৰায়োজন ৷ ভাৰতীয় লোকৰ মাজত প্ৰ’টিন গ্ৰহণৰ পৰিমাণ খুবেই কম ৷ বিদেশত প্ৰায়ভাগ লোকে খাদ্য তালিকাত এইবিধ উপাদানযুক্ত আহাৰ অন্তৰ্ভুক্ত কৰা দেখা যায় ৷ ইয়াৰ বিপৰীতে কাৰ্ব'হাইড্ৰেটৰ পৰিমাণ বেছিকৈ গ্ৰহণ কৰে ৷ এই পৰিমাণ ৬৫ শতাংশ ৷ আমি এই পৰিমাণ ৪০- ৪৫ শতাংশৰ ভিতৰত ৰাখিব পাৰিলে খুবেই ভাল ৷

LIFESTYLE DISEASE PREVENTION
আপোনাৰ জীৱনশৈলীৰ সৈতে জড়িত কোনবোৰ অভ্যাস আপোনাৰ বাবে বিপজ্জনক ? (GETTY IMAGES)

আনহাতে, আমি খাদ্য প্ৰস্তুত কৰোতে তেল আদিৰো প্ৰয়োজন ৷ তেল গৰম কৰিলে তাৰ ৰূপ সলনি হয় ৷ ভজা তেলত কেতিয়াও খাদ্য ৰন্ধিব নালাগে ৷ এয়া ট্ৰেন্সফেট হৈ পৰে বাবে পিছত এই তেল ব্যৱহাৰ কৰিলে শৰীৰৰ অপকাৰ হয় ৷ আমি যিমান কেলৰি অৰ্জন কৰো সেয়া সঠিক পৰিমাণে ব্যয় কৰিব লাগিব ৷ যদি এইবোৰ ব্যয় নকৰে তেতিয়া এইবোৰ শৰ্কৰা হিচাপে শৰীৰত জমা হয় ৷ পৰৱৰ্তী সময়ত লিভাৰৰ পৰা এইবোৰ তেজলৈ শৰ্কৰাৰ ৰূপত মিলি যাব ৷

দৈনন্দিন খাদ্য তালিকাত নিমখৰ পৰিমাণ কমাব লাগে ৷ অৱশ্যে একেবাৰে নোহোৱা কৰিব নালাগে ৷ এনে কৰিলে আমি উচ্চ ৰক্তচাপ, ডায়েবেটিছৰ জটিল অৱস্থাৰ পৰা হাত সাৰিবলৈ সক্ষম হ'ম ৷ তদুপৰি হজম শক্তিও স্বাভাৱিক হৈ থাকে ৷ যি সকলৰ কোষ্ঠকাঠিন্যৰ সমস্যা থাকে তেওঁলোকে নিয়ামিকৈ ফলমূল খোৱা উচিত ৷

লগতে পঢ়ক

  1. অত্য়াধিক কামৰ বোজা ! মানসিক চাপৰ ফলত হ'ব পাৰে ডায়েবেটিছ
  2. ঘৰুৱা হিংসাই কিশোৰ-কিশোৰীসকলৰ মানসিক স্বাস্থ্যৰ ওপৰত কেনে প্ৰভাৱ বিস্তাৰ কৰে ?
  3. পুৰুষ নে মহিলা ? কাৰ ব্ৰেইন ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা অধিক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.