ETV Bharat / health

ওজন আৰু তেজত শৰ্কৰা নিয়ন্ত্ৰণৰ বাবে স্বাস্থ্যসন্মত খাদ্য আৰু টিপছ

প্ৰতিদিনে সৰু সৰু, স্মাৰ্ট সিদ্ধান্ত লৈ আপুনি কৰ্মক্ষেত্ৰত সুস্থ আৰু শক্তিশালী হৈ থাকিব পাৰে ।

ENERGY FOODS FOR OFFICE
প্ৰতীকী ফটো (Getty Images)
author img

By ETV Bharat Assamese Team

Published : September 6, 2025 at 12:14 AM IST

6 Min Read
Choose ETV Bharat

যদিহে আপুনি পেছাগতভাৱে এজন চাকৰিয়াল, তেন্তে নিশ্চয় বহুবাৰ আপুনি নিজৰ খাদ্য সময়মতে গ্ৰহণ কৰা নাই ৷ কেতিয়াবা খাদ্য নোখোৱাকৈ থকাৰ উপৰিও বহুবাৰ নিশ্চয় পিজ্জা, বাৰ্গাৰৰ দৰে সহজে পোৱা খাদ্য গ্ৰহণ কৰিছে ৷ আমি এই সমস্যাটোৰ বিষয়ে ভালকৈয়ে জনাৰ পিছতো এই একেবোৰ সৰু সৰু অভ্যাসে আমাৰ মাজৰ বেছিভাগকে জুৰুলা কৰে ৷ যাৰ ফলত সহজে ভাগৰ অনুভৱ হয়, ওজন বৃদ্ধি হয় আৰু দীৰ্ঘসময় ধৰি বহি থকাৰ ফলত অন্যান্য ৰোগৰ চিকাৰ হৈ পৰো ।

এই সন্দৰ্ভত যদিও বহু অধ্যয়ন কৰা হৈছে আৰু খাদ্য বিশেষজ্ঞৰ লগতে পুষ্টিবিদসকলে স্বাস্থ্যসন্মত খাদ্য গ্ৰহণৰ গুৰুত্ব আৰু সহজে পেকেটবোৰত পোৱা জলপানৰ ঠাইত স্বাস্থ্যসন্মত বিকল্পৰ বিষয়ে ব্যাখ্যা কৰিছে, তথাপিও এক দৈনন্দিন অভ্যাস বজাই ৰখাটো কঠিন ।

আমি আৰ্টেমিছ হাস্পতালৰ ডায়েটেটিক্সৰ মুৰব্বী ডাঃ শ্বাবানা পাৰবীনৰ সৈতে যোগাযোগ কৰিছিলো ডেস্ক ডায়েটৰ কিছু টিপছ পাবলৈ, যিয়ে আপোনাক গোটেই দিনটো শক্তিশালী, সুস্থিৰ আৰু উৎপাদনশীল কৰি ৰাখিব পাৰে । অৱশ্যে এই স্মাৰ্ট পছন্দৰ বাবে অলপ পৰিকল্পনাৰ প্ৰয়োজন ।

ENERGY FOODS FOR OFFICE
প্ৰতীকী ফটো (Getty Images)

এক সুষম ব্ৰেকফাষ্টৰ সৈতে আপোনাৰ দিনটো আৰম্ভ কৰক

ব্ৰেকফাষ্ট হৈছে দিনটোৰ প্ৰথম আহাৰ, যিয়ে আপোনাৰ শক্তি আৰু মনোযোগৰ ওপৰত প্ৰভাৱ পেলায় । ডাঃ পাৰবীনে কয় যে ইয়াক গ্ৰহণ নকৰিলে প্ৰায়ে দিনটোৰ পিছত অতিমাত্ৰা খাদ্য গ্ৰহণ বা অস্বাস্থ্যকৰ খাদ্য গ্ৰহণ কৰা দেখা যায় ৷ ‘‘প্ৰ’টিন, ফাইবাৰ আৰু স্বাস্থ্যকৰ চৰ্বী আদি সকলোবোৰেই সুষম ব্ৰেকফাষ্টত থাকিব লাগে’’- চিকিৎসকগৰাকীয়ে বুজাই দিয়ে ।

দীৰ্ঘসময়ৰ বাবে শক্তি লাভ কৰিবলৈ এই খাদ্যসমূহ বাছি ল’ব পাৰে -

  • ফল-মূল আৰু বাদামৰ সৈতে অটছমিল
  • বিভিন্ন ধৰণৰ গোটা শস্যৰ টোষ্টৰ সৈতে কণী
  • বিভিন্ন ধৰণৰ বীজৰ সৈতে দৈ

‘‘ইয়াৰ ফলত আপুনি ভাগৰুৱা বা ভোকত নপৰাটো নিশ্চিত হয় আৰু পুৱা কোনো বস্তুৰ প্ৰতি থকা লোভো হ্ৰাস পায়’’ বুলি ডাঃ পাৰবীনে কয় ৷

পৰিকল্পনা অনুসাৰে স্বাস্থ্যকৰ জলপান গ্ৰহণ কৰক

সাধাৰণতে কাৰ্যালয়ৰ জিৰণি কোঠাত আৰু ভেণ্ডিং মেচিনত প্ৰায়ে চিপছ, কুকিজ, চেনিযুক্ত পানীয় থকা দেখা যায় । এই খাদ্য গ্ৰহণৰ বাবে জন্মা অনুৰাগ একাষৰীয়াকৈ ৰাখি নিজৰ স্বাস্থ্যকৰ জলপান নিজে তৈয়াৰ কৰক আৰু কাৰ্যালয়লৈ নিয়া কৰক ৷

ইয়াত কিছুমান সহজ বিকল্প আগবঢ়োৱা হ’ল -

  • সাধাৰণভাৱে ভজা বুট
  • কেইবাবিধো বাদাম
  • ফলৰ টুকুৰা
  • প্ৰ’টিন বাৰ
  • হামাছৰ সৈতে শাক-পাচলিৰ ষ্টিক

ডাঃ পাৰবীনে কয়, ‘‘এইবোৰ যদি আপুনি আপোনাৰ ডেস্কৰ ওচৰত ৰাখে, তেন্তে ভোক লাগিলে জাংক ফুড খাবলৈ মন নাযায় ।’’

হাইড্ৰেটেড হৈ থাকক, অতিৰিক্ত কেফেইন পৰিহাৰ কৰক

পুষ্টিবিদগৰাকীয়ে কয় যে মানুহে প্ৰকৃততে পিয়াহ লাগিলে প্ৰায়ে ভোকত থকা বুলি ভাবে আৰু ইয়াৰ ফলত প্ৰয়োজন নহ’লেও জলপান গ্ৰহণ কৰে । চিকিৎসকগৰাকীয়ে ব্যাখ্যা কৰে, ‘‘পৰ্যাপ্ত পৰিমাণৰ পানী খালে শৰীৰটো হাইড্ৰেটেড হৈ থকাই নহয়, ই আপোনাক কামত মনোনিৱেশ কৰাত সহায় কৰে আৰু ভাগৰ অনুভৱ কৰাৰ পৰা ৰক্ষা কৰে ।’’

ENERGY FOODS FOR OFFICE
প্ৰতীকী ফটো (Getty Images)

তেওঁ ডেস্কত পানীৰ বটল এটা ৰাখি সঘনাই পানী সেৱন কৰিবলৈ পৰামৰ্শ দিয়ে ৷ ‘‘কফি আৰু চাহে আপোনাক এক্টিভ হৈ থাকিবলৈ সহায় কৰিব পাৰে ৷ কিন্তু অত্যধিক পৰিমাণৰ কেফেইনে আপোনাৰ উত্তেজনা বৃদ্ধি, পিয়াহ অনুভৱ হোৱা আৰু নিদ্ৰাৰ অভাৱৰ দৰে সমস্যাৰ সন্মুখীন কৰাব পাৰে । উন্নত স্বাস্থ্যৰ বাবে খাদ্যৰ সৈতে পানী বা বনৌষধিযুক্ত চাহ সেৱন কৰিব পাৰে’’ বুলি পুষ্টিবিদগৰাকীয়ে কয় ৷

দুপৰীয়াৰ আহাৰ গ্ৰহণৰ সময়ত খাদ্যৰ মাত্ৰা নিয়ন্ত্ৰণৰ অভ্যাস কৰক

দুপৰীয়াৰ আহাৰ দিনটোৰ আটাইতকৈ ডাঙৰ আহাৰ । কিন্তু বেছিকৈ খালে বা গধুৰ খাদ্য গ্ৰহণ কৰিলে আপুনি ভাগৰুৱা আৰু এলেহুৱা অনুভৱ কৰিব পাৰে । ‘‘সেইবোৰ খাদ্য বাছি লওক, যিবোৰ সুষম আৰু ইয়াত উপযুক্ত পৰিমাণৰ প্ৰ’টিন, কমপ্লেক্স কাৰ্বহাইড্ৰেট আৰু প্ৰচুৰ পৰিমাণে শাক-পাচলি অন্তৰ্ভুক্ত থাকে’’ বুলি ডাঃ পাৰবীনে কয় ৷

অধিক পৰিমাণৰ খাদ্য অথবা ভজা খাদ্য গ্ৰহণ নকৰিবলৈ পৰামৰ্শ দিয়ে ডাঃ পাৰবীনে ৷ তেওঁ কয়, ‘‘ইয়াৰোপৰি যদি আপোনাৰ কাৰ্যালয়ত কেফেটেৰিয়া আছে, তেন্তে স্মাৰ্ট পছন্দ কৰক । ঘৰৰ পৰা দুপৰীয়াৰ আহাৰ আনিলে সঠিক পৰিমাণৰ পেকিং কৰাটো নিশ্চিত কৰক যাতে প্ৰয়োজনতকৈ অধিক পৰিমাণৰ খাদ্য গ্ৰহণ কৰিব নালাগে ৷

মননশীল খাদ্যভ্যাস

ডাঃ পাৰবীনে কয় যে কামৰ সময়ত বা ফোনত কথা পাতি থাকোঁতে যদি ডেস্কত খাদ্য খায়, তেন্তে অজানিতে অতিমাত্ৰা খাদ্য খোৱাৰ সম্ভাৱনা থাকে । যদি আপোনাৰ লগত এনেকুৱা হয় তেন্তে খাদ্য খোৱাৰ সময়ত ডেস্কৰ পৰা উঠি যোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰি লোৱাটো ভাল ।

চিকিৎসকগৰাকীয়ে কয়, ‘‘ডেস্কৰ পৰা কেইমিনিটমান বিৰতি লোৱাটোৱে আপোনাক একাগ্ৰচিত্তে খাদ্য গ্ৰহণ কৰাত সহায় কৰাৰ লগতে খাদ্যখিনিৰ সোৱাদ উপভোগ কৰো আৰু ভৰপূৰ অনুভৱ হোৱাত সহায় কৰে । খাদ্য খোৱাৰ এই মননশীলতাই হজম শক্তিতো সহায় কৰে, মানসিক চাপ হ্ৰাস কৰে আৰু পিছত জলপান গ্ৰহণৰ পৰা বিৰত ৰাখে ৷’’

খাদ্য গ্ৰহণ কৰাতো এৰি নিদিব, খাদ্য গ্ৰহণৰ মাজত ব্যৱধান ৰাখক

কম খোৱাটোৱে সময় ৰাহি কৰা যেন লাগিব পাৰে, কিন্তু ডাঃ পাৰবীনে কয় যে ইয়াৰ ফলত সাধাৰণতে আপোনাৰ বিপাকীয় ক্ৰিয়া লেহেমীয়া হয় আৰু খাদ্যৰ প্ৰতি লোভ বৃদ্ধি পায় । তেওঁ নিয়মীয়াকৈ খাদ্য গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়ে ৷ এজন লোকে গোটেই দিনটোত তিনিবাৰকৈ সুষম আহাৰ আৰু দুবাৰকৈ লঘু জলপান গ্ৰহণ কৰা উচিত ৷

‘‘এইটোৱে ব্যক্তিৰ তেজত শৰ্কৰাৰ মাত্ৰা সুস্থিৰ কৰি ৰখাত সহায় কৰাৰ লগতে উৎপাদনশীলতা বৃদ্ধি কৰিব আৰু দিনৰ ভাগৰ ভোকৰ তীব্ৰতাৰ পৰা হাত সৰাত সহায় কৰিব ৷ সময়ৰ হিচাপ ৰখাটো যিমান গুৰুত্বপূৰ্ণ, দিনটোত আপুনি কি খায় সিমানেই গুৰুত্বপূৰ্ণ’’ বুলি আৰ্টেমিছ হাস্পতালৰ ডায়েটেটিক্সৰ মুৰব্বী ডাঃ শ্বাবানা পাৰবীনে কয় ৷