ETV Bharat / health

কাহ-চৰ্দি-পানীলগাৰ পৰা উপশম পাবলৈ এনেদৰে ব্যৱহাৰ কৰক বাহক তিতাৰ পাত - Adhatoda Vasica Benefits

Adhatoda Vasica Benefits: বাৰিষাকাল অহাৰ লগে লগে আমি বিভিন্ন ৰোগত ভুগিবলৈ আৰম্ভ কৰো ৷ বিশেষকৈ চৰ্দি, কাঁহ, বায়ু নলীভুজ প্ৰদাহ আৰু জ্বৰ আদি এইসমূহ ৰোগৰ ক্ষেত্ৰত আপোনাৰ বাবে বাহক তিতা কোনো বৰদানতকৈ কম নহয় ৷ জানো আহক ব্যৱহাৰৰ পদ্ধতি-

Health Benefits of adhatoda vasica Assamese Bahak tita and Ginger Kadha
কাহ-চৰ্দি-পানীলগাৰ পৰা উপশম পাবলৈ এনেদৰে ব্যৱহাৰ কৰক বাহক তিতাৰ পাত (FREEPIK)
author img

By ETV Bharat Assamese Team

Published : July 20, 2024 at 4:55 PM IST

2 Min Read
Choose ETV Bharat

বাৰিষাকাল অহাৰ লগে লগে ই নিজৰ লগত কঢ়িয়াই আনে বহুতো ভাইৰাছ আৰু বেক্টেৰিয়া যিয়ে আমাক প্ৰায়ে আক্ৰান্ত কৰে ৷ এই সময়ত বিভিন্ন ৰোগৰো আগমন ঘটে ৷ ইয়াৰে ভিতৰত কাহ, চৰ্দি, পানীলগা আদি তেনেই সাধাৰণ ৷ সেয়ে ইয়াৰ পৰিত্ৰাণ পাবলৈ আমি ঘৰতে বাহক পাত আৰু আদাৰে তৈয়াৰী এটি মিশ্ৰণ প্ৰস্তুত কৰি সেৱন কৰিব পাৰো ৷ জানো আহক বাহক তিতা আৰু আদাৰ মিশ্ৰণ সেৱন কৰাৰ অন্য উপকাৰিতাসমূহ-

এই মিশ্ৰণত আদা, বাহক তিতাৰ পাত, হালধি আদি সকলো প্ৰাকৃতিক বনৌষধি ব্যৱহাৰ কৰা হৈছে । ইয়াত এন্টি-ফাংগেল, এন্টি-মাইক্ৰ’বিয়াল, এন্টি-ইনফ্লেমেটৰী আৰু এন্টি-বেক্টেৰিয়েল গুণ থাকে । এই গুণসমূহে যিকোনো সংক্ৰমণ নাইকিয়া কৰে আৰু কাহ, চৰ্দি পৰা শীঘ্ৰে সকাহ দিয়ে।

কাহ আৰু ঘাঁৰ পৰা উপশম দিয়ে

বাহক তিতাৰ পাত আৰু আদাৰ মিশ্ৰণে ডিঙি পৰিষ্কাৰ কৰে । ইয়াৰ ফলত কাহ আৰু খজুৱতিৰ পৰা উপশম পোৱা যায় । ইয়াক সেৱন কৰিলে শুকান আৰু কফৰ ফলত হোৱা কাহৰ পৰা সকাহ দিয়ে । এই মিশ্ৰণ ডিঙিক আৰাম দিয়াৰ বাবেও উপকাৰী ।

ভাইৰাছৰ সংক্ৰমণৰ আশংকা কমি যায়

বাহক তিতাৰ মিশ্ৰণে ভাইৰাছজনিত সংক্ৰমণ দূৰ কৰাত সহায় কৰে । ইয়াৰ সেৱনে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু ভাইৰাছৰ সংক্ৰমণৰ সম্ভাৱনা হ্ৰাস কৰে । বতৰৰ পৰিৱৰ্তনৰ বাবে চৰ্দি, কাহ আৰু জ্বৰ হ’লে এই মিশ্ৰণ উপকাৰী ।

শৰীৰক বিষমুক্ত কৰা

বাহক তিতাৰ পাত আৰু আদাৰ মিশ্ৰণে শৰীৰক বিষমুক্ত কৰাত সহায় কৰে । ইয়াৰ ফলত শৰীৰত থকা বিষাক্ত পদাৰ্থ আঁতৰি যায়, যাৰ ফলত সংক্ৰমণৰ সম্ভাৱনা কম হয় ।যদি আপুনি কোনো স্বাস্থ্যজনিত সমস্যাৰ বাবে ঔষধ সেৱন কৰে, তেন্তে আয়ুৰ্বেদিক চিকিৎসকৰ পৰামৰ্শ অনুসৰিহে ঔষধ গ্ৰহণ কৰক । যদি এই প্ৰতিবেদনত দিয়া তথ্য আপোনাৰ ভাল লাগিল, তেন্তে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ।

লগতে পঢ়ক: পেটৰ চৰ্বি-মেদবহুলতা-কাহ-চৰ্দি তথা গেছৰ সমস্যা : ইয়াৰ নিৰাময় মাত্ৰ এবিধ সৰু ফল - One Medicine For Hundred Diseases