ETV Bharat / health

আপোনাক সুস্থ কৰি ৰখাত সহায় কৰিব এই ফলে

যদি আপুনিও আপোনাৰ স্বাস্থ্য সবল কৰি ৰাখিব বিচাৰে তেন্তে আপোনাৰ খাদ্য তালিকাত আজিয়েই অন্তৰ্ভুক্ত কৰক মধুৰিআম ৷ জানি লওক উপকাৰিতা-

Guava to the Rescue: Fix Vitamin C Deficiency with This Superfruit
আপোনাক সুস্থ কৰি ৰখাত সহায় কৰিব এই ফলে (ETV Bharat)
author img

By ETV Bharat Health Team

Published : February 28, 2025 at 5:17 PM IST

4 Min Read
Choose ETV Bharat

যদি আপুনি আপোনাৰ স্বাস্থ্য উন্নত কৰিবলৈ বিচাৰে, তেন্তে মধুৰিআম হৈছে আপোনাৰ বাবে এক উৎকৃষ্ট বিকল্প ৷ এইবিধ ফল কেৱল সোৱাদতে সুস্বাদু নহয়, অগণন স্বাস্থ্য উপকাৰিতাও আছে ৷ মধুৰিআমত ভিটামিন চি, আঁহ আৰু আন বহুতো পুষ্টি থাকে, যিয়ে শৰীৰটোক স্বাস্থ্যৱান কৰি ৰাখে ৷ বিশেষকৈ নিয়মীয়াকৈ মধুৰিআম খালে কোনো দিনাই আপোনাৰ শৰীৰত ভিটামিন চি-ৰ অভাৱ নহয় আৰু আপুনি মই সকলোৱে এই বিষয়ে জ্ঞাত যে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবৰ বাবে ভিটামিন-চি আমাৰ বাবে কিমান জৰুৰী ৷

মধুৰিআমত কিছুমান এনে পুষ্টিকৰ উপাদান থাকে ৷ যি আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয় ৷ সেয়ে স্বাস্থ্য বিশেষজ্ঞসকলে প্ৰায়ে খাদ্য তালিকাত মধুৰিআম অন্তৰ্ভুক্ত কৰাৰ পৰামৰ্শ দিয়ে ৷ আয়ুৰ্বেদৰ মতে, মধুৰিআম খালে স্বাস্থ্য সম্পৰ্কীয় বহু সমস্যাৰ পৰা নিজকে ৰক্ষা কৰিব পাৰি ৷ মধুৰিআমত থকা উপাদানসমূহে আপোনাৰ সামগ্ৰিক স্বাস্থ্য বহু পৰিমাণে উন্নত কৰিব পাৰে ৷ আচাৰ্য শ্ৰী বাল্কৃষ্ণৰ মতে, মধুৰিআম খালে আপোনাৰ স্বাস্থ্যৰ কি কি উপকাৰিতা সাধন হ’ব পাৰে জানো আহক-

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি

মধুৰিআম ভিটামিন চি সমৃদ্ধ ৷ ই ৰোগ প্ৰতিৰোধ প্ৰণালী শক্তিশালী কৰাত সহায় কৰে ৷ যাৰ ফলত আপুনি চৰ্দি, কাহ আৰু অন্যান্য ভাইৰেল ৰোগৰ পৰা বাচি থাকিব পাৰে ৷ ভিটামিন চি-য়ে শৰীৰত এণ্টিঅক্সিডেণ্ট হিচাপে কাম কৰাৰ লগতে ৰোগ প্ৰতিৰোধ প্ৰণালী শক্তিশালী কৰে ৷

উন্নত হয় পাচন ক্ৰিয়া

মধুৰিআমত উচ্চ পৰিমাণে ফাইবাৰ বা আঁহ থাকে, যিয়ে পাচন প্ৰক্ৰিয়া উন্নত কৰাত সহায় কৰে ৷ ই অন্ত্ৰ পৰিস্কাৰ কৰে আৰু কোষ্ঠকাঠিন্যৰ সমস্যা হ্ৰাস কৰে ৷ আঁহ সমৃদ্ধ মধুৰিআম খালে পেট দীঘলীয়া সময়ৰ বাবে ভৰ্তি অনুভৱ হয় ৷ যাৰ ফলত ওজন হ্ৰাস হয় ৷

ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ

মধুৰিআম খালে ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে ৷ ইয়াত থকা আঁহ আৰু জিংকে শৰীৰত ইনচুলিন উৎপাদনত ভাৰসাম্য বজাই ৰখাত সহায় কৰে ৷ সেয়েহে, ডায়েবেটিচ থকা ৰোগীসকলৰ বাবে মধুৰিআম বিশেষভাৱে উপকাৰী হ'ব পাৰে ৷

হ্ৰাস কৰে বেয়া কলেষ্টেৰল

মধুৰিআম খালে তেজত কলেষ্টেৰলৰ স্তৰ হ্ৰাস হয় ৷ ই এইচডিএল (ভাল কলেষ্টেৰল) বৃদ্ধি কৰে আৰু এলডিএল (বেয়া কলেষ্টেৰল) হ্ৰাস কৰে, যাৰ ফলত হৃদৰোগৰ আশংকা হ্ৰাস হয় ৷

উজ্জ্বল হয় ছাল

মধুৰিআম ছালৰ স্বাস্থ্যৰ বাবেও উপকাৰী ৷ ইয়াৰ এণ্টিঅক্সিডেণ্ট আৰু ভিটামিন চিৰ উপস্থিতিয়ে ছালক আৰ্দ্ৰতা আৰু পুষ্টি প্ৰদান কৰে ৷ ই ছাল টান কৰে আৰু দাগ হ্ৰাস কৰাত সহায় কৰে ৷

দৃষ্টি শক্তি উন্নত

মধুৰিআমত ভিটামিন এ আৰু কেৰোটিনইডৰ দৰে পুষ্টি থাকে, যি চকুৰ স্বাস্থ্যৰ বাবে উপকাৰী ৷ ই নিশাৰ দৃষ্টি শক্তিত সহায় কৰে আৰু দৃষ্টিশক্তি উন্নত কৰে ৷ মধুৰিআম নিয়মীয়াকৈ খালে চকুত ছানি ধৰাৰ লগতে চকুৰ অন্যান্য সমস্যাও সমাধান কৰে ৷

এণ্টি-এজিং

মধুৰিআমত এণ্টিঅক্সিডেণ্ট থাকে, যিয়ে ছাল স্বাস্থ্যৱান ৰখাত সহায় কৰে ৷ ই মুক্ত ৰেডিকেলৰ পৰা ছালক সুৰক্ষা দিয়ে, যিয়ে বয়স বৃদ্ধিৰ লক্ষণ হ্ৰাস কৰে ৷ মধুৰিআম খালে ছাল কোঁচ খোৱা, ছালত সূক্ষ্ম ৰেখা আৰু ছালৰ অন্যান্য সমস্যা হ্ৰাস হয় ৷

উৎস:- https://pubmed.ncbi.nlm.nih.gov/39481541/#:~:text=in%20Indian%20Children-,Vitamin%20C%2DRich%20Guava%20Consumed%20with%20Mungbean%20Dal%20Reduces%20Anemia,doi%3A%2010.1016%2Fj.

(সতৰ্কীকৰণ: এই প্ৰতিবেদনত আপোনাক দিয়া সকলো স্বাস্থ্য তথা জীৱনশৈলী সম্পৰ্কীয় যিকোনো তথ্য আৰু পৰামৰ্শ কেৱল আপোনাৰ সাধাৰণ তথ্যৰ বাবেহে আগবঢ়োৱা হৈছে । আমি এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰী পৰামৰ্শৰ ভিত্তিত প্ৰদান কৰিছো । আপুনি এই উপায় বা পদ্ধতি অনুসৰণ কৰাৰ আগতে এই বিষয়ে বিতংভাৱে জনাটো উচিত তথা আপোনাৰ ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত ।)

লগতে পঢ়ক

  1. কেৱল মধুৰিআমেই নহয় ইয়াৰ পাতৰো আছে অনেক উপকাৰিতা
  2. বাৰুকৈয়ে এইসমূহ ফলত নেমুতকৈ অধিক ভিটামিন-চি থাকে নেকি ?
  3. নেমুৰ সৈতে এইবিধ খাদ্য খোৱাটো আজিয়েই বাদ দিয়ক - Lemon Side Effects