ETV Bharat / health

আঙুৰ নে কিচমিচ ? কোনবিধ স্বাস্থ্যৰ বাবে অধিক উপকাৰী জানি লওক

Grapes vs Raisins: বহুতে ভাল পোৱা আঙুৰ শুকুৱাই কিচমিচ প্ৰস্তুত কৰা হয় ৷ মিঠাই আৰু মিঠা ব্যঞ্জন সজোৱাত ব্যৱহাৰ কৰা হয় ৷ আঙুৰত ৮০ শতাংশ পানী থাকে ৷ আনহাতে, কিচমিচত পানীৰ পৰিমাণ মাত্ৰ ১৫ শতাংশ ৷ এতিয়া প্ৰশ্ন উত্থাপন হয় যে যেতিয়া আঙুৰ আৰু কিচমিচ দুয়োটা স্বাস্থ্যৰ বাবে উপকাৰী হয়, তেন্তে কোনটো বস্তুক অধিক স্বাস্থ্যকৰ বুলি গণ্য কৰা উচিত ? পুষ্টিবিদৰ পৰা জানো আহক-

Grapes or raisins, know which of these two is more beneficial for health
আঙুৰ নে কিচমিচ কোনবিধ স্বাস্থ্যৰ বাবে অধিক উপকাৰী জানি লওক
author img

By ETV Bharat Assamese Team

Published : February 16, 2024 at 7:12 PM IST

2 Min Read
Choose ETV Bharat

ফল-মূল আৰু শুকান ফলৰ সেৱন আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি বিবেচিত হৈছে ৷ সেয়ে আজি আমি এনে দুবিধ আজি আমি আঙুৰ আৰু তাৰ পৰা তৈয়াৰী কিচমিচৰ কথা কৈছো ৷ আঙুৰ এনেকুৱা এটা ফল যাৰ মিঠা আৰু টেঙা সোৱাদে বহুতকে আকৰ্ষণ কৰে ৷ বহুতে ভাল পোৱা আঙুৰ শুকুৱাই কিচমিচ প্ৰস্তুত কৰা হয় ৷ মিঠাই আৰু মিঠা ব্যঞ্জন সজোৱাত ব্যৱহাৰ কৰা হয় ৷ আঙুৰত ৮০ শতাংশ পানী থাকে আনহাতে, কিচমিচত পানীৰ পৰিমাণ মাত্ৰ ১৫ শতাংশ ৷

কিচমিচ বনাম আঙুৰ

এতিয়া প্ৰশ্ন উত্থাপন হয় যে যেতিয়া আঙুৰ আৰু কিচমিচ দুয়োটা স্বাস্থ্যৰ বাবে উপকাৰী হয়, তেন্তে কোনটো বস্তুক অধিক স্বাস্থ্যকৰ বুলি গণ্য কৰা উচিত ? পুষ্টিবিদৰ পৰা জানো আহক-

কিচমিচত কেলৰি বেছি থাকে

আঙুৰতকৈ কিচমিচত কেলৰি বেছি থাকে ৷ আচলতে আঙুৰ শুকুৱাই কিচমিচ প্ৰস্তুত কৰা হয় ৷ এই প্ৰক্ৰিয়াত চেনি আৰু এন্টিঅক্সিডেন্ট ব্যৱহাৰ কৰা হয় যিবোৰ কেলৰিৰ ৰূপলৈ ৰূপান্তৰিত হয় ৷ আধা কাপ আঙুৰ খালে মাত্ৰ ৩০ কেলৰি পাব, একে পৰিমাণৰ কিচমিচ খালে শৰীৰে ২৫০ কেলৰি পাব ৷

কিচমিচ খোৱাৰ উপকাৰিতা

কিচমিচক আঁহৰ সমৃদ্ধ উৎস বুলি গণ্য কৰা হয়, ইয়াৰ বাহিৰেও এই শুকান ফলত আইৰণ আৰু পটাছিয়ামৰ দৰে গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থ পোৱা যায় ৷ কিচমিচত প্ৰদাহ নিবাৰণকাৰী গুণো থাকে যিয়ে অন্ত্ৰত থকা বেক্টেৰিয়াৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে ৷

আঙুৰ খোৱাৰ উপকাৰিতা

ভিটামিন চি আৰু এন্টিঅক্সিডেন্ট আঙুৰত পোৱা যায়, এই দুয়োটা পুষ্টিকৰ উপাদানে আমাৰ ছালৰ কোষবোৰক সৰু কৰি ৰখাত সহায় কৰে ৷ ইয়াৰ উপৰিও ই আপোনাৰ ছালখনক কেন্সাৰ সৃষ্টি কৰা ৰশ্মিৰ পৰা ৰক্ষা কৰে ৷ আঙুৰ খালে মুখৰ পৰা ক’লা দাগ আৰু বলিৰেখা কমিবলৈ আৰম্ভ কৰিব ৷

কিচমিচ আৰু আঙুৰৰ মাজত কোনটো বেছি স্বাস্থ্যকৰ ?

দুয়োটা বস্তুৱেই নিজৰ নিজৰ ধৰণে স্বাস্থ্যৰ বাবে উপকাৰী, কিন্তু আঙুৰক অধিক স্বাস্থ্যকৰ বুলি গণ্য কৰা হয় কাৰণ যিটো বস্তুৰ কেলৰি কম থাকে সেই বস্তুটোৱেই স্বাস্থ্যৰ বাবে ভাল ৷ সেয়ে ফলটো তাৰ আদি ৰূপত খাবলৈ চেষ্টা কৰক ৷

লগতে পঢ়ত: মিঠা বৰণীয়া ছালৰ মহিলাসকলৰ ওপৰত খুব ধুনীয়া লাগে এইসমূহ লিপষ্টিক; আপুনিও কৰক ট্ৰাই