ETV Bharat / health

উত্তৰ-পূবত কিয় দ্ৰুতগতিত বৃদ্ধি পাইছে কৰ্কট ৰোগীৰ সংখ্যা ?

শেহতীয়াকৈ এক গৱেষণা কৰা হৈছিল, য’ত আচৰিত ধৰণৰ পৰিসংখ্যা চৰ্চালৈ আহিছে য’ত কোৱা হৈছিল যে, ভাৰতৰ জনসংখ্যা প্ৰায় ১১ শতাংশই কৰ্কট ৰোগত আক্ৰান্ত-

CANCER CASES IN INDIA
উত্তৰ-পূবত কিয় দ্ৰুতগতিত বৃদ্ধি পাইছে কৰ্কট ৰোগীৰ সংখ্যা ? (International Agency for Research on Cancer)
author img

By ETV Bharat Health Team

Published : September 3, 2025 at 1:06 PM IST

4 Min Read
Choose ETV Bharat

ভাৰতত কৰ্কট ৰোগীৰ সংখ্যা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে আৰু আপোনালোকক জনাই দিও যে বিশ্বৰ ভিতৰতে দ্বিতীয় স্থানত আছে ভাৰত লগতে প্ৰথম স্থানত আছে চীন ৷ এই দেশসমূহত জনসংখ্যাও অধিক, যাৰ ফলত কৰ্কট ৰোগীৰ সংখ্যাও বেছিকৈ দেখিবলৈ পোৱা যায় ৷

International Agency for Research on Cancerৰ GLOBOCAN ৰ ২০২২ চনৰ তথ্য অনুসৰি ভাৰতত প্ৰায় ১৪ লাখ লোকৰ দেহত কৰ্কট ৰোগ ধৰা পৰিছে ৷ একে সময়তে কৰ্কট ৰোগত আক্ৰান্ত হৈ ৯ লাখৰো অধিক লোকৰ ইতিমধ্যে মৃত্যু হৈছে ৷ কিন্তু ভাৰতত কেন্সাৰ ৰোগীৰ সংখ্যা কিয় ইমান বেছি ? সেই বিষয়ে আজি এই প্ৰতিবেদনৰ জৰিয়তে জানো আহক-

শেহতীয়াকৈ এক গৱেষণা কৰা হৈছিল, য’ত আচৰিত ধৰণৰ পৰিসংখ্যা চৰ্চালৈ আহিছে ৷ ২০ আগষ্টত জাভা নেটৱৰ্কৰ এটা ৰিপৰ্ট ওলাইছিল, য’ত কোৱা হৈছিল যে, ভাৰতৰ জনসংখ্যা প্ৰায় ১১ শতাংশই এই মাৰাত্মক ৰোগৰ সন্মুখীন হৈছে ৷ এই গৱেষণা National Cancer Registry Programme Investigator Group য়ে কৰিছে ৷

এই অধ্যয়নত ৭ লাখৰো অধিক কৰ্কট ৰোগীৰ ওপৰত গৱেষণা কৰা হৈছিল ৷ ইয়াৰ লগতে ২ লাখ ৰোগীৰ ওপৰত অধ্যয়ন কৰা হৈছিল, যিসকলৰ কৰ্কট ৰোগত ইতিমধ্যে মৃত্যু হৈছিল ৷ এই পৰিসংখ্যাই দেখুৱাইছে যে, কেন্সাৰ এতিয়া কেৱল এটা সমস্যা নহয়, ই এক বৃহৎ পৰিসৰৰ প্ৰত্যাহ্বান হৈ পৰিছে ৷

কোনবোৰ ৰাজ্য অধিক প্ৰভাৱিত ?

মিজোৰামৰ ৰাজধানী আইজলত আটাইতকৈ বেছি কৰ্কট ৰোগী পোৱা গৈছে ৷ চহৰখনত ১ লাখ পুৰুষৰ ভিতৰত ২৫৬ জনৰ কৰ্কট ৰোগ ধৰা পৰাৰ বিপৰীতে প্ৰতি ১ লাখ মহিলাৰ ভিতৰত ২১৭ গৰাকীৰ দেহত কৰ্কট ৰোগ ধৰা পৰিছে ৷

উত্তৰ-পূব ভাৰতৰ ৬ খন জিলাই আটাইতকৈ গুৰুতৰ, য’ত সৰ্বাধিক কৰ্কট ৰোগী ধৰা পৰিছে ৷ ইয়াৰ উপৰিও কাশ্মীৰ উপত্যকা আৰু কেৰালাতো কৰ্কট ৰোগৰ হাৰ অধিক হোৱা দেখা গৈছে ৷ হায়দৰাবাদত প্ৰতি ১ লাখ মহিলাৰ ভিতৰত ১৫৪ গৰাকী কৰ্কট ৰোগী ৷

স্তন কেন্সাৰ আৰু মুখৰ কেন্সাৰ বেছি

দেশৰ উত্তৰ-পূব অংশত দুবিধ কৰ্কট ৰোগ বেছি হোৱা দেখা গৈছে ৷ প্ৰথমটো হৈছে খাদ্যনলীৰ কৰ্কট ৰোগ ৷ এইটো হৈছে খাদ্যৰ নলীত হোৱা কেন্সাৰ ৷ দ্বিতীয়টো হ’ল পেটত হোৱা কেন্সাৰ ৷ বিশেষকৈ ডাঙৰ চহৰত স্তন কেন্সাৰ আৰু মুখৰ কেন্সাৰৰ ৰোগী বেছিকৈ পোৱা গৈছে ৷ একে সময়তে গাঁৱত সৰ্বাধিক ছাৰ্ভাইকেল কেন্সাৰ পোৱা যায় ৷

দিল্লীৰ পৰিস্থিতি চিন্তনীয়

বিশেষকৈ দিল্লীৰ পৰিস্থিতি চিন্তনীয় ৷ মেট্ৰ’ত প্ৰদূষণ, পৰিৱৰ্তনশীল জীৱনশৈলী, খাদ্যাভ্যাস আৰু পৰীক্ষাৰ অভাৱৰ দৰে কাৰণে ৰাজধানী চহৰখনত কেন্সাৰ ৰোগী বৃদ্ধি পাইছে ৷ দিল্লীত যুৱক-যুৱতীসকলৰ মাজত ব্লাড কেন্সাৰ (Acute Myeloid Leukemia)হাৰ বেছি ৷ শেহতীয়া বছৰবোৰত কেৱল দিল্লীতে প্ৰতি বছৰে প্ৰায় ৩০০০টা এই ধৰণৰ নতুন ৰোগী পঞ্জীয়ন হৈছে, য’ত বেছি সংখ্যক ৰোগী ৩০ৰ পৰা ৪০ বছৰ বয়সৰ ৷

কেৱল তেজৰ কৰ্কট ৰোগ নহয়, হাওঁফাওঁৰ কৰ্কট ৰোগী সংখ্যাও দিল্লীত বৃদ্ধি পাইছে ৷ ইয়াৰ এটা প্ৰধান কাৰণ হ’ল দিল্লীৰ প্ৰদূষিত বায়ু আৰু বৃদ্ধি পোৱা প্ৰদূষণ ৷ প্ৰতিদিনে উশাহ-নিশাহৰ লগে লগে শৰীৰত প্ৰৱেশ কৰা পিএম ২.৫ৰ দৰে বিষাক্ত কণাবোৰেই হাওঁফাওঁৰ কৰ্কট ৰোগ আৰু অন্যান্য শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ আটাইতকৈ ডাঙৰ কাৰণ ৷

কাৰণ আৰু প্ৰতিৰোধ

ইয়াৰ কাৰণ হিচাপে দ্ৰুতগতিত বৃদ্ধি পোৱা জনসংখ্যা আৰু বয়সীয়াল লোক, বেয়া খাদ্যাভ্যাস আৰু জীৱনশৈলী, বিশেষকৈ প্ৰদূষণ, সময়মতে ৰোগ নিৰ্ণয় আৰু চিকিৎসাৰ অভাৱ আদি অন্তৰ্ভুক্ত কৰা হৈছে ৷ কিন্তু যদি আমি আমাৰ খাদ্যাভ্যাস, পৰিবেশ, পৰীক্ষণ আৰু চিকিৎসা ব্যৱস্থা আৰু জীৱনশৈলীৰ উন্নতি কৰো, তেন্তে এই ৰোগ বহু পৰিমাণে ৰোধ কৰিব পৰা যাব ৷

লগতে পঢ়ক

  1. কিয় প্ৰায়ে শেষ পৰ্যায়তহে কৰ্কট ৰোগ ধৰা পৰে ? চিকিৎসকৰ পৰা জানক ইয়াৰ প্ৰকৃত কাৰণ
  2. মুখৰ ভিতৰত হোৱা ঘাঁ মুখৰ কৰ্কট ৰোগৰ কাৰণ নেকি ?
  3. কৰ্কট ৰোগত হাৰ মানিলে পৱিত্ৰ ৰিস্তাৰ অভিনেত্ৰী প্ৰিয়া মাৰাথেই, আপুনিও আওকাণ নকৰিব এই লক্ষণসমূহ...