ETV Bharat / health

সুৰাপান আপোনাৰ এই অংগৰ বাবে কোনো বিহতকৈ কম নহয়!

বৃক্ক আমাৰ শৰীৰৰ বাবে অতি গুৰুত্বপূৰ্ণ অংগ সেয়ে ইয়াত কোনো ধৰণৰ সমস্যা হয় তেন্তে শৰীৰৰ ফিল্টাৰিং প্ৰক্ৰিয়াত বিৰূপ প্ৰভাৱ পৰে আৰু বিষমুক্তকৰণত সমস্যাৰ সৃষ্টি হয়-

Why is alcohol like 'poison' for kidney patients? Quit drinking today
সুৰাপান আপোনাৰ এই অংগৰ বাবে কোনো বিহতকৈ কম নহয়! (ETV Bharat)
author img

By ETV Bharat Health Team

Published : October 21, 2024 at 5:18 PM IST

2 Min Read
Choose ETV Bharat

বৃক্কৰ সমস্যাৰ সৈতে যুঁজি থকা লোকৰ বাবে মদ্যপান বিপজ্জনক বুলি প্ৰমাণিত হ’ব পাৰে, আৰু ইয়াৰ বহুতো গুৰুতৰ পৰিণতি হ’ব পাৰে ৷ বৃক্কই আমাৰ শৰীৰত ফিল্টাৰৰ দৰে কাম কৰে যিয়ে শৰীৰৰ পৰা দূষিত পদাৰ্থ ফিল্টাৰ কৰি উলিয়াই বাহিৰ কৰে ৷

বৃক্কৰ স্বাস্থ্য উন্নত কৰিবলৈ আমি স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰা উচিত, কিন্তু কিছুমান মানুহ অত্যধিক মদ্যপানৰ আসক্তিত ভুগে, যাৰ ফলত বৃক্কৰ ক্ষতি হোৱা দেখা যায় ৷ সেয়ে জ্যেষ্ঠ চিকিৎসক ডাঃ উদয় প্ৰতাপ সিঙৰ পৰা জানো আহক মদ্যপানে আমাৰ কিডনীৰ কেনেদৰে ক্ষতি কৰে-

Why is alcohol like 'poison' for kidney patients? Quit drinking today
সুৰাপান আপোনাৰ এই অংগৰ বাবে কোনো বিহতকৈ কম নহয়! (ETV Bharat)

মদ্যপান কিয় বৃক্কৰ বাবে হানিকাৰক ?

মদ্যপান বৃক্ক ৰোগীৰ বাবে অত্যন্ত বিপজ্জনক হ’ব পাৰে কাৰণ মদ্যপানে বৃক্কৰ ক্ষতিৰ সম্ভাৱনা বৃদ্ধি কৰে, যাৰ ফলত বৃক্কৰ কাৰ্যক্ষমতাত অসুবিধাৰ সৃষ্টি হয় ৷ মদ্যপানে বৃক্কত আক্ৰমণাত্মক প্ৰভাৱ পেলাব পাৰে আৰু ইয়াৰ ফলপ্ৰসূতা(Effectivity) হ্ৰাস কৰিব পাৰে ৷

বৃক্ক ৰোগীয়ে যদি অধিক পৰিমাণে মদ্যপান কৰে তেন্তে ই তেওঁলোকৰ বৃক্ক সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত কৰিব পাৰে আৰু ৰোগ নিৰাময়ৰ আশা কম ৷

Why is alcohol like 'poison' for kidney patients? Quit drinking today
সুৰাপান আপোনাৰ এই অংগৰ বাবে কোনো বিহতকৈ কম নহয়! (ETV Bharat)

বৃক্ক সমস্যা থকা ৰোগীৰ বাবে মদ্যপানে বৃক্কৰ অনিষ্ট সাধন কৰিব পাৰে আৰু ইয়াৰ অৱস্থা আৰু অধিক বেয়া কৰি তুলিব পাৰে, বিশেষকৈ যেতিয়া তেওঁলোকে ইতিমধ্যে বৃক্কৰ ৰোগৰ সন্মুখীন হৈছে ৷ ইয়াৰ উপৰিও মদ্যপানে মানসিক স্বাস্থ্যৰ ওপৰতো বিৰূপ প্ৰভাৱ পেলাব পাৰে আৰু ৰোগ বৃদ্ধি পোৱা বৃক্ক ৰোগীৰ বাবে ই আৰু অধিক বেয়া ৷

বৃক্কৰ সমস্যা থকা ৰোগীয়ে যিমান সোনকালে পাৰে মদ্যপান ত্যাগ কৰাৰ চেষ্টা কৰিব লাগে, এই কামটো যিমানেই কঠিন যেন নালাগক কিয়, কিন্তু যদি আপুনি ইয়াক নিয়ন্ত্ৰণ কৰে, তেন্তে দীৰ্ঘম্যাদীভাৱে আপুনি কেৱল আপোনাৰ বৃক্ক ক্ষতিগ্ৰস্ত হোৱাৰ পৰা ৰক্ষা কৰিব পৰাই নহয়, সুৰাপানৰ ফলত হ’ব পৰা আন সকলো সমস্যা তথা ৰোগৰ পৰা হাত সাৰিব থাকিব পাৰে ৷

বৃক্কৰ স্বাস্থ্য উন্নত কৰা পানীয়

সুৰাপান ত্যাগ কৰি কিছুমান স্বাস্থ্যকৰ পানীয়ক ইয়াৰ বিকল্প হিচাপে লৈ পান কৰিব পাৰে যিয়ে বৃক্কৰ স্বাস্থ্য উন্নত কৰিব-

Why is alcohol like 'poison' for kidney patients? Quit drinking today
বৃক্কৰ স্বাস্থ্য উন্নত কৰা পানীয় (ETV Bharat)

১/ বিটৰ ৰস

২/ নেমুৰ ৰস

৩/ আদাৰ ৰস

৪/ নাৰিকল পানী

৫/ পদিনা পানী

https://pmc.ncbi.nlm.nih.gov/articles/PMC6767945/

https://www.kidney.org/news-stories/drinking-alcohol-affects-your-kidneys#:~:text=Alcohol%20causes%20changes%20in%20the,and%20organs%2C%20including%20the%20kidneys.

লগতে পঢ়ক: ঔষধ খায়ো কমাব পৰা নাই কলেষ্টেৰল ? এইকেইবিধ খাদ্যই কৰিব সহায় - Bad Cholesterol