ETV Bharat / health

আপোনাৰ জানিবলৈ মন যায় নে বাৰু মানুহ কিমান বছৰলৈ জীয়াই থাকিব পাৰে ? - Maximum life span of Human

How many years can humans live: কোনোবাই যদি আপোনাক সোধে যে, মানুহে কিমান বছৰলৈ জীয়াই থাকিব পাৰে, এতিয়া আপুনিও ইয়াৰ উত্তৰ দিব পাৰিব । আপুনি আচৰিত হোৱাৰ প্ৰয়োজন নাই, কিন্তু বিজ্ঞানীসকলে বিচাৰি পাইছে ইয়াৰ উত্তৰ ।

For how many years can a human being live? Scientists found the answer
মানুহ কিমান বছৰলৈ জীয়াই থাকিব পাৰে ?
author img

By ETV Bharat Assamese Team

Published : March 26, 2024 at 1:47 PM IST

3 Min Read
Choose ETV Bharat

জীৱনৰ আটাইতকৈ কঠিন সত্যটো কি ? এই প্ৰশ্নৰ চিধা উত্তৰ হৈছে মৃত্যু ৷ এই পৃথিৱীত জন্ম লোৱা সকলো মানুহৰ এদিন নহয় এদিন দিন এই জীৱন ত্যাগ কৰিবলগীয়া হয় ৷

কিন্তু এটা কথা নিশ্চিত যে, কোনোবাই যদি নিজৰ খাদ্যাভ্যাস সঠিকভাৱে ৰাখে আৰু ব্যায়াম কৰি থাকে তেন্তে তেওঁ আন লোকতকৈ বেছি দিনলৈ জীয়াই থাকিব পাৰে ৷ বিগত কেইটামান দশকত সমগ্ৰ বিশ্বতে মানুহৰ আয়ুস বৃদ্ধি পাইছে ৷

উদাহৰণস্বৰূপে ব্ৰিটেইন আৰু আমেৰিকাৰ দৰে দেশত আয়ুস ক্ৰমে ৮০ আৰু ৭০ বছৰ ৷

আনহাতে, ভাৰতৰ দৰে উন্নয়নশীল দেশত আয়ুস ৭০.৫ বছৰ ৷ আয়ুস বৃদ্ধিৰ আঁৰৰ আটাইতকৈ ডাঙৰ কাৰণটো হ’ল বিগত কেইটামান দশকত মানৱ জাতিয়ে আধুনিক ঔষধ আৱিষ্কাৰ কৰিছে ৷ ইয়াৰ বাবেই মেলেৰিয়া, ডেংগু, টিবি আদি মাৰাত্মক ৰোগৰ চিকিৎসা সম্ভৱ হৈ উঠিছে ৷ অৱশ্যে এতিয়া নিশ্চিতভাৱে প্ৰশ্ন উত্থাপন হৈছে যে, এজন ব্যক্তি কিমান দিনলৈ জীয়াই থাকিব পাৰে ?

মানুহে কিমান দিন জীয়াই থাকিব পাৰে ?

এই প্ৰশ্নৰ উত্তৰ অতি জটিল ৷ পৃথিৱীৰ আটাইতকৈ দীৰ্ঘজীৱী ব্যক্তিজনৰ নাম জিন কেলমেণ্ট (Jeanne Louise Calment) ৷ ১৮৭৫ চনত জন্মগ্ৰহণ কৰা এই বৃদ্ধাগৰাকীৰ মৃত্যু হৈছিল ১৯৯৭ চনত ৷ এইদৰে জিনে এই পৃথিৱীত ১২২ বছৰ কটালে ৷ অৱশ্যে এতিয়া আমি আমাৰ প্ৰশ্নলৈ উভতি আহোঁ ৷ আমাৰ প্ৰশ্নৰ ভিত্তি হৈছে মানৱ শৰীৰে কিমান বছৰ কাম কৰিব পাৰে ৷ সহজ ভাষাত ক’বলৈ গ’লে এজন মানুহে তাত্ত্বিকভাৱে কিমান বছৰ জীয়াই থাকিব পাৰে?

এজন মানুহ ১৫০ বছৰলৈকে জীয়াই থাকিব পাৰে!

দৰাচলতে ছিংগাপুৰৰ বায়’টেক কোম্পানী গেৰো আৰু নিউয়ৰ্কৰ ৰ’জৱেল পাৰ্ক কম্প্ৰিহেন্সিভ কেন্সাৰ চেণ্টাৰৰ গৱেষকসকলে মানৱ শৰীৰে শৰীৰৰ ক্ষতি সহ্য কৰিব পৰা আৰু তাৰ পৰা আৰোগ্য লাভ কৰাৰ ক্ষমতাৰ ওপৰত অধ্যয়ন কৰিছে ৷

এই গৱেষকৰ দলটোৱে আৱিষ্কাৰ কৰিছে যে মানুহে তাত্ত্বিকভাৱে ১৫০ বছৰ জীয়াই থাকিব পাৰে ৷ এই প্ৰশ্নৰ উত্তৰ বিচাৰিবলৈ তেওঁলোকে কৃত্ৰিম বুদ্ধিমত্তা (Artificial Intelligence) আৰু হাজাৰ হাজাৰ স্বেচ্ছাসেৱকৰ চিকিৎসা তথ্য ব্যৱহাৰ কৰিছে ৷

বয়স, ৰোগ আৰু জীৱনশৈলীৰ কথা মনত ৰাখি গৱেষকসকলে এই কথা জানিব পাৰিছে যে, ১২০ৰ পৰা ১৫০ বছৰলৈকে যিকোনো ধৰণৰ সমস্যাৰ পৰা আৰোগ্য লাভ কৰিবলৈ মানুহৰ শৰীৰ সক্ষম ৷ সহজ ভাষাত ক’বলৈ গ’লে এই সময়ছোৱাত শৰীৰত যদি কোনো ধৰণৰ ৰোগে দেখা দিয়ে, তেন্তে শৰীৰে ইয়াৰ বিৰুদ্ধে যুঁজিবলৈ সক্ষম ৷ কিন্তু বয়সৰ ব্যৱধান ১৫০ বছৰ অতিক্ৰম কৰাৰ লগে লগে মানুহৰ শৰীৰে সৰু সৰু ৰোগবোৰো সহ্য কৰিব নোৱাৰা হৈ পৰে যাৰ ফলত ব্যক্তিজনৰ এদিন মৃত্যু হয় ৷

লগতে পঢ়ক: বয়স বৃদ্ধিৰ লগতে ছালৰ যত্নৰ বাবে মনত ৰাখক এই ৫টা নিয়ম - Skin Care Tips