ETV Bharat / health

বিমানত উঠাৰ পূৰ্বে নাখাব এই খাদ্য অন্যথা ভুগিব পাৰে এই সমস্যাত - FLIGHT FOOD TIPS

বহুতে বিমানত উঠাৰ পূৰ্বে কি খোৱা উচিত এই বিষয়ে নজনাৰ ফলত পিচলৈ পেটৰ সৈতে জড়িত সমস্যা বা গেছ আদিৰ দৰে সমস্যা হ’ব পাৰে-

Flight Food Hacks: What to Avoid and What to Eat for a Healthy and Happy Flight
বিমানত উঠাৰ পূৰ্বে নাখাব এই খাদ্য অন্যথা ভুগিব পাৰে এই সমস্যাত (ETV Bharat)
author img

By ETV Bharat Health Team

Published : March 25, 2025 at 12:55 PM IST

4 Min Read

বিমানত উঠি ভ্ৰমণ কৰাৰ মজাই সুকীয়া ৷ সেয়ে হয়তো বিমান যাত্ৰাৰ হাবিয়াস সকলোৰে থাকে ৷ কিন্তু কেতবোৰ বিশেষ দিশত সাৱধানতা অৱলম্বন নকৰিলে এই যাত্ৰা আপোনাৰ বাবে আৰামদায়ক নহ'ব পাৰে ৷ হয়, ভ্ৰমণৰ আগতে আমি সদায় স্বাস্থ্যসন্মত আৰু অতি লঘু খাদ্য খাব লাগে ৷ যাত্ৰাৰ সময়ত যাতে পেটৰ সমস্যা নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি আমি কিছুমান খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে ৷ বিমান যাত্ৰা কৰাৰ পূৰ্বে কোনবোৰ খাদ্য খাব নালাগে,আজি জানো আহক-

টেঙাজাতীয় খাদ্য

বিমান যাত্ৰা কৰাৰ পূৰ্বে কেতিয়াও টেঙাজাতীয় খাদ্য খাব নালাগে ৷ অত্যধিক টেঙা খাদ্য খালে পেটত অস্বস্তিৰ সৃষ্টি হয় ৷ ইয়াৰ ফলত পেট ফুলা, বদহজমৰ দৰে সমস্যা হ’ব পাৰে ৷

দাইল, ৰাজমাহ

দাইল-ৰাজমাহ আমাৰ স্বাস্থ্যৰ বাবে যথেষ্ট উপকাৰী ৷ কিন্তু ইয়াত যথেষ্ট পৰিমাণে প্ৰটিন থাকে ৷ এনে প্ৰটিনযুক্ত খাদ্য খোৱাৰ পিছত বিমানত যাত্ৰা কৰিলে পেটত গেছৰ সমস্যা হ’ব পাৰে ৷ সেয়েহে যাত্ৰা কৰাৰ পূৰ্বে এনে উচ্চ প্ৰটিনযুক্ত খাদ্য পৰাপক্ষত নাখাব ৷

কাৰ্বনেটেড পানীয়

দ্ৰৱীভূত কাৰ্বন ডাই অক্সাইড গেছযুক্ত কাৰ্বনেটেড পানীয় অৰ্থাৎ বিভিন্ন ব্ৰেণ্ডৰ শীতল পানীয়ও বিমান যাত্ৰাৰ পূৰ্বে খোৱাটো অনুচিত ৷ ইয়াত যথেষ্ট পৰিমাণে চেনীও থাকে ৷ এইসমূহ খোৱাৰ ফলত পেটৰ বহু সমস্যা হ’ব পাৰে ৷

দুগ্ধজাত খাদ্য

লেক্ট’জযুক্ত খাদ্যয়েও হজম শক্তি নষ্ট কৰে ৷ সেয়েহে বিমানেৰে যাত্ৰা কৰাৰ আগতে গাখীৰ, দৈ বা অন্যান্য দুগ্ধজাত সামগ্ৰী খোৱাৰ পৰা বিৰত থাকিব লাগে ৷ ইয়াৰ ফলত পেটত অসহনীয় বিষ হ’ব পাৰে ৷

ভজা খাদ্য

অধিকাংশ লোকেই বিমানলৈ অপেক্ষা কৰি থকাৰ সময়ত বিমানবন্দৰত উপলব্ধ বিভিন্ন ভজা-পোৰা সামগ্ৰী খায় ৷ বিশেষকৈ, শিশুৱে এইবোৰ খাবলৈ ভাল পায় ৷ কিন্তু এনেবোৰ খাদ্য আমাৰ স্বাস্থ্যৰ বাবে কিমান হানিকাৰক, তাক দোঁহৰাৰ প্ৰয়োজন নাই ৷ বিমান যাত্ৰাৰ পূৰ্বেও এনে খাদ্য খালে পেট বেয়া হোৱাটো প্ৰায় নিশ্চিত ৷

কফি আৰু চাহ

হয়, এইটো অলপ আচৰিত হ’ব পাৰে কাৰণ বহুতে বিমান যাত্ৰাৰ সময়তো কিছু কেফেইন চুগ ডাউন কৰাৰ অভ্যাসত ৷ কিন্তু, যদি আপুনি বমি হোৱাটো নিবিচাৰে, তেন্তে কফি আৰু চাহৰ পৰা আঁতৰি থকাটোৱে আপোনাৰ বাবে উপকাৰী ৷ এই পানীয়বোৰত থকা কেফেইনৰ পৰিমাণ ইমানেই বেছি যে অতি শীঘ্ৰে ই আপোনাৰ শৰীৰৰ পৰা পানী শুহি ডিহাইড্ৰেচনৰ সৃষ্টি কৰিব পাৰে ৷ তদুপৰি, যদি আপুনি এচিডিটিত ভুগিছে, তেন্তে প্ৰচুৰ পৰিমাণে কফি আৰু চাহ খালে আপোনাৰ এচিডিটিৰ সমস্যা বৃদ্ধি পাব পাৰে আৰু বমি হ’ব পাৰে ৷

জ্বলা-পোৰা খাদ্য

যদি আপুনি মছলাৰ অনুৰাগী তেন্তে পেটত গেছ হোৱাটো যদি নিবিচাৰে তেন্তে জ্বলা-পোৰা বা মছলাযুক্ত খাদ্য বিমানত উঠাৰ আগতে নাখাব ৷ জ্বলা-পোৰা খাদ্য খোৱাৰ ফলত পেট বেয়া হোৱাই নহয়, অস্বস্তি আৰু পেট জ্বলাৰ দৰে সমস্যা হ’ব পাৰে ৷ সেয়েহে দীঘলীয়া বিমান যাত্ৰাৰ বাবে সাজু হ’লে মছলা আৰু জ্বলা-পোৰা খাদ্য খোৱা পৰিহাৰ কৰাটোৱেই উত্তম ৷

তেন্তে কি খোৱাটো উচিত ?

পানী

যাত্ৰাৰ সময়ত পানী খোৱাটো খুব দৰকাৰী ৷ কিন্তু তৰল খাদ্য বুলি অস্বাস্থ্যকৰ ৰস, শীতল পানীয় খাই বিপদত নপৰিব ৷

খিচিৰি

যাত্ৰাৰ আগত যদি গধুৰ আহাৰ খাবলৈ মন যায়, তেন্তে আপুনি মচলা নোহোৱাকৈ খিচিৰি খাব পাৰে ৷ আপুনি কিছুমান ফলো খাব পাৰে ৷ কিন্তু কেতিয়াও টেঙাজাতীয় ফল নাখাব ৷ মুঠতে যাত্ৰাৰ পূৰ্বে সদায় সহজে হজম হোৱা খাদ্য খাব ৷

উৎস:-https://wwwnc.cdc.gov/travel/page/food-water-safety#:~:text=Avoid%20fresh%20salsas%2C%20condiments%2C%20and,liquid%20(such%20as%20ceviche).

(সতৰ্কীকৰণ: এই প্ৰতিবেদনত আপোনাক দিয়া সকলো স্বাস্থ্য তথা জীৱনশৈলী সম্পৰ্কীয় যিকোনো তথ্য আৰু পৰামৰ্শ কেৱল আপোনাৰ সাধাৰণ তথ্যৰ বাবেহে আগবঢ়োৱা হৈছে । আমি এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰী পৰামৰ্শৰ ভিত্তিত প্ৰদান কৰিছো । আপুনি এই উপায় বা পদ্ধতি অনুসৰণ কৰাৰ আগতে এই বিষয়ে বিতংভাৱে জনাটো উচিত তথা আপোনাৰ ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত ।)

লগতে পঢ়ক

  1. থাইৰয়ডত আক্ৰান্ত লোকে কোনবিধ নিমখ খোৱা উচিত ?
  2. গোটেই দিনটো স্মাৰ্টফোন ব্যৱহাৰ কৰে ? ক্ষতিৰ কথা জানিলে থতমত খাব আপুনি
  3. শাক-পাচলি, ফল-মূলত থকা ৰাসায়নিক পদাৰ্থসমূহ কেনেকৈ দূৰ কৰিব পাৰি ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.