এইডচত আক্ৰান্ত হ’লে সন্তান জন্ম দিব পাৰিনে ? HIV সম্বন্ধে জানিবলগীয়া কিছু তথ্য
এইডচ আক্ৰান্ত ব্যক্তি এজনে সন্তান জন্ম দিব পাৰেনে ? আক্ৰান্ত ব্যক্তিজন কেনেদৰে নিৰোগী মানুহৰ দৰে জীৱন নিৰ্বাহ কৰিব পাৰে, জানক ডাঃ ভক্তিময় ভট্টাচাৰ্যৰ পৰাই-

Published : August 29, 2025 at 3:22 PM IST
|Updated : August 29, 2025 at 3:27 PM IST
সৰ্বভাৰতীয় পৰ্যায়ত এইচ আই ভিৰ দ্বাৰা আক্ৰান্তৰ যি হাৰ, তাৰ তুলনাত অসমত এই হাৰ কম যদিও শেহতীয়াকৈ অসমত এইচ আই ভিৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে । অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সংস্থাৰ তথ্য মতে, অসমত ২০১০ চনৰ পৰা এইচ আই ভিৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাই আহিছে । চৰকাৰৰ সংশ্লিষ্ট বিভাগসমূহে এইচ আই ভিৰ সংক্ৰমণ হ্ৰাস কৰাৰ বাবে নিয়মাফিক পদক্ষেপ কৰি আহিছে । যাৰ বাবে অসমত এইচ আই ভিৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত সফল হ'ব পৰা নাই ।
ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে এইডচ আই ভি আক্ৰান্ত লোকৰ সংখ্যা, আক্ৰান্ত সৰহ সংখ্যকে কম বয়সীয়া বুলি জানিবলৈ দিয়ে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ ART কেন্দ্ৰই । সেয়েহে এইডচত আক্ৰান্ত হোৱা পিছতে আক্ৰান্ত ব্যক্তিগৰাকীয়ে কেনেদৰে থাকিব লাগে সেই বিষয়ে এইডচৰ নডেল অফিচাৰ ডাঃ ভক্তিময় ভট্টাচাৰ্য্য কয়, অসুৰক্ষিত যৌন সম্পৰ্ক, HIV সংক্ৰমিত বেজী, চিৰিজ, HIV আক্ৰান্ত মাতৃৰ পৰা সন্তান লৈ আৰু HIV তেজ সঞ্চালন কৰিলে এইডচত এজন ব্যক্তি আক্ৰান্ত হয় । লগতে তেওঁ কয় যে, বৰ্তমান ৰাজ্যত ড্ৰাগছ আসক্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে, ফলত এইডচত আক্ৰান্ত সংখ্যা দিনক দিনে বৃদ্ধি পাব ধৰিছে ।
চিকিৎসকগৰাকীয়ে কয় যে, এজন ব্যক্তিৰ দেহৰ পৰা অন্য এজন ব্যক্তিলৈ এইডচ আই ভি ভাইৰাছ সংক্ৰমণৰ পিছতে তৎক্ষণাত এইডচ হৈ নাযায়, কিয়নো বেমাৰ প্ৰতিৰোধ ক্ষমতাতো লাহে লাহে এই বীজাণুৱে ধ্বংস কৰে, প্ৰথমৱস্থাত যেতিয়া এজনৰ পৰা অন্য এজন ব্যক্তিলৈ এইডচ আই ভি ভাইৰাছ বিয়পি পৰাৰ পাছতে হঠাতে অন্য ভাইৰাছে এজন মানুহক আক্ৰমণ কৰিলে যিদৰে পানীলগা জ্বৰ হয় থিক তেনেদৰে কেইদিনমানৰ কাৰণে এইডচ আক্ৰান্ত জনৰো তেনেকুৱা হয় ।
আনহাতে, এইডচ আই ভিত আক্ৰান্ত হোৱা ব্যক্তিজন 6ৰ পৰা 7বছৰলৈ সুস্থ হৈ থাকিব পাৰে, ইয়াৰ পিছতহে আক্ৰান্ত ব্যক্তিগৰাকীৰ দেহত এইডচৰ লক্ষণসমূহে দেখা দিয়ে । লগতে দুটা পৰীক্ষাৰ জৰিয়তে এইডচ ভাইৰাছটো পৰীক্ষা কৰিব পাৰি । এইডচ আক্ৰান্ত এজন ব্যক্তিয়ে সাধাৰণ মানুহৰ দৰে আমাৰ লগত একেলগে থাকি জীৱন নিৰ্বাহো কৰিব পাৰে ।
চিকিৎসকৰ পৰামৰ্শ জৰুৰী
চিকিৎসকগৰাকীয়ে লগতে তেওঁ কয়, আধুনিক যুগত এইডচৰ ঔষধ উপলব্ধ, তিনিটা দৰৱযুক্ত টেবলেট এটা নিদিষ্ট সময়ত সেৱন কৰিব লাগে এইডচ আক্ৰান্ত ব্যক্তিগৰাকীয়ে ঔষধ গ্ৰহণ কৰাৰ সময় কেতিয়াও পাহৰিব নোৱাৰিব, চিকিৎসকে খাবলৈ দিয়া টেবলেট নিয়মিত সেৱন কৰাৰ পিছত এইডচ আক্ৰান্ত ব্যক্তিজনৰ ভাইৰাছ শূন্য লৈ নামিব । তেতিয়াই তেওঁ এজন নিৰোগী লোকৰ দৰে জীয়াই থাকিব পাৰিব অৰ্থাৎ জীৱন নিৰ্বাহ কৰিব পাৰিব । কিন্তু তেওঁ যদি ঔষধ খাবলৈ পাহৰি যায় তেন্তে ভাইৰাছটো পুন উজ্জীৱিত হৈ ব্যক্তিজনৰ দেহত এইডচৰ লক্ষণসমুহ পুনৰ দেখা দিব পাৰে।
এইডচত আক্ৰান্ত হ’লে সন্তান জন্ম দিব পাৰিনে ?
এইডচত আক্ৰান্ত হ’লেও সন্তান জন্ম দিব পাৰিব! কিন্তু ভাইৰাছটো শূণ্য কৰি আৰু সঠিক সময়ত ঔষধ গ্ৰহণ কৰি, অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ অনুসৰি সন্তান জন্ম দিয়া কথা ভাবিব পাৰে । লগতে তেওঁ কয়, সন্তান জন্ম দিয়া প্ৰক্ৰিয়াটো চিকিৎসজনৰ ওপৰতে নিৰ্ভৰ কৰিব । এইডচত আক্ৰান্ত এজন ৰোগীক অৱহেলা আৰু বেয়া দৃষ্টিৰে চালে আইন অনুসৰি শাস্তি ব্যৱস্থা আছে বুলিও তেওঁ উল্লেখ কৰে ।
ভ্ৰান্ত ধাৰণা
কেৱল আমাৰ দেশতে নহয় সমগ্ৰ বিশ্বতে এইডছ সম্পৰ্কে বহু ধৰণৰ ভুল ধাৰণা বা বিভ্ৰান্তিৰ সৃষ্টি হৈছে । যাৰ বেছিভাগেই ভুল । ইয়াৰ বাবেই ইয়াক বিশ্বৰ বহু ঠাইত অভিশাপ হিচাপেও দেখা যায় আৰু মানুহে এইডছ ৰোগীৰ পৰা দূৰত্ব বজাই ৰাখে, বৰ্জন কৰে আৰু তেওঁলোকৰ প্ৰতি বেয়া অনুভৱ কৰে ।
সাধাৰণতে HIV এইডছ ৰোগত আক্ৰান্ত ব্যক্তিক চুমা খাই, পানী খাই, তেওঁলোকৰ লগত থাকি বা তেওঁলোকৰ লগত পৰিৱেশত থাকি, মহে কামুৰিলে, কাপোৰ ব্যৱহাৰ কৰি, আনকি কাপোৰ-কানিও ব্যৱহাৰ কৰি HIV এইডছ ৰোগত আক্ৰান্ত হয় । স্পৰ্শৰ দ্বাৰাও বিয়পিব পাৰে । যিটো শুদ্ধ নহয় ।
HIV ভাইৰাছ বতাহৰ মাজেৰে বিয়পি নাযায়, সংক্ৰমিত ব্যক্তিয়ে কাহ, হাঁচি বা থু পেলোৱাৰ সময়তো বিয়পি নাযায় । ইয়াৰ বাহিৰেও এই সংক্ৰমণ HIV পজিটিভ ব্যক্তিৰ সৈতে চুইমিং পুলত গা ধুই, কাপোৰ ধুই আনকি তেওঁৰ লেতেৰা পানীও খালেও এই সংক্ৰমণ বিয়পি নাযায় । একে সময়তে সংক্ৰমিত ব্যক্তিক কামোৰাৰ পিছত এই সংক্ৰমণ আন এজনক কামুৰিলেও বিয়পি নাযায় ।
লগতে পঢ়ক

