ETV Bharat / health

শৰীৰত দেখা দিয়া এই লক্ষণক কেতিয়াও নকৰিব আওকাণ, হ’ব পাৰে এয়া তেজৰ কৰ্কট ৰোগৰ লক্ষণ!

বহু সময়ত আমি শৰীৰত দেখা কিছুমান লক্ষণক সাধাৰণ সমস্যা বুলি ভাবি আওকাণ কৰো, কিন্তু কিছুমান ক্ষেত্ৰত ই তেজৰ কৰ্কট ৰোগৰ লক্ষণো হ’ব পাৰে-

BLOOD CANCER
তেজৰ কৰ্কট ৰোগ (GETTY IMAGES)
author img

By ETV Bharat Health Team

Published : September 8, 2025 at 5:33 PM IST

3 Min Read
Choose ETV Bharat

আমাৰ ছালখন আমাৰ স্বাস্থ্যৰ দাপোন ৷ আমাৰ শৰীৰৰ ভিতৰত যিকোনো ধৰণৰ ৰোগৰ সংকেত আমাৰ ছালত দেখা যায় ৷ কিন্তু বহু সময়ত আমি সেইবোৰক সৰু সমস্যা বুলি গণ্য কৰি আওকাণ কৰো ৷ কিন্তু কিছুমান ক্ষেত্ৰত ই তেজৰ কৰ্কট ৰোগৰ লক্ষণ (Blood Cancer Symptoms) হ’ব পাৰে ৷

তেজৰ কৰ্কট ৰোগৰ কিছুমান লক্ষণ (Blood Cancer Signs on Skin) আমাৰ ছালত দেখা যায় ৷ যদি এই লক্ষণসমূহ সময়মতে চিনাক্ত কৰা হয়, তেন্তে ৰোগটো আগতীয়াকৈ ধৰা পেলাব পৰা যায় ৷ ছালত দেখা পোৱা তেজৰ কৰ্কট ৰোগৰ লক্ষণসমূহ জানো আহক ৷

অপ্ৰয়োজনীয় আঘাতৰ চিন

যদি কোনো আঘাত নথকাকৈ ছালত নীলা, বেঙুনীয়া বা ক’লা দাগ দেখা দিবলৈ আৰম্ভ কৰে, তেন্তে সেয়া চিন্তাৰ বিষয় হ’ব পাৰে ৷ তেজৰ কৰ্কট ৰোগত প্লেটলেট্ছৰ সংখ্যা কমি যায় ৷ প্লেটলেটেছ তেজ গোট মৰাত সহায় কৰে ৷ ইয়াৰ অভাৱৰ বাবে সৰু সৰু ৰক্তবাহী নলীবোৰ সহজে ফাটি যায়, যাৰ ফলত ছালৰ তলত তেজ লিক হৈ এনে চিন গঠন হয় ৷

ছালত ৰঙা, মুগা বা বেঙুনীয়া ৰঙৰ দাগ

এই সৰু সৰু ৰঙা-বেঙুনীয়া ৰঙৰ দাগবোৰ প্ৰায়ে ছালৰ তলত ৰক্তক্ষৰণৰ ফলত সৃষ্টি হয় ৷ সাধাৰণতে ভৰিৰ ওপৰত দেখা দিয়ে আৰু টিপিলেও ম্লান নহয় ৷ প্লেটলেটছৰ অভাৱৰ এয়া এটা গুৰুত্বপূৰ্ণ লক্ষণ ৷

ছালত অবিৰত খজুৱতি

যদি ছালত বিশেষকৈ ভৰি, হাত আৰু শৰীৰৰ অন্যান্য অংশত কোনো ধৰণৰ ফোহা বা এলাৰ্জি নোহোৱাকৈ অবিৰতভাৱে তীব্ৰ খজুৱতি হয়, তেন্তে ইয়াক আওকাণ কৰা উচিত নহয় ৷ বিশেষকৈ হডকিন লিম্ফোমাৰ দৰে তেজৰ কৰ্কট ৰোগত কেন্সাৰ কোষে চাইট’কাইন নামৰ ৰাসায়নিক পদাৰ্থ নিৰ্গত কৰে, যাৰ ফলত ছালত বিষ আৰু খজুৱতি হ’ব পাৰে ৷

ছাল হালধীয়া হোৱা

ছাল আৰু চকুৰ বগা ৰং হালধীয়া হোৱাটো জণ্ডিচৰ লক্ষণ ৷ তেজৰ কৰ্কট ৰোগৰ ক্ষেত্ৰত কেন্সাৰ কোষৰ বাবে ৰক্তকণিকা নষ্ট হ’লে বা যকৃতত আক্ৰান্ত হ’লে এই ৰোগ হয় ৷ ইয়াৰ ফলত বিলিৰুবিনৰ মাত্ৰা বৃদ্ধি পায়, যাৰ ফলত ছাল আৰু চকু হালধীয়া হয় ৷ ইয়াৰ উপৰিও ই ৰক্তহীনতাৰ গুৰুতৰ লক্ষণ ৷

ছালৰ ফোঁহা

তেজৰ কৰ্কট ৰোগৰ ফলত ছালত ফোহা ওলাব পাৰে ৷ এই ফোহা ৰঙা, গোলাপী বা বেঙুনীয়া ৰঙৰ ওখ বা সমতল দাগ হ’ব পাৰে ৷ কিছুমান ক্ষেত্ৰত কেন্সাৰ কোষবোৰ পোনে পোনে ছালত জমা হৈ ঘাঁৰ সৃষ্টি কৰে ৷ সাধাৰণ ক্ৰীম বা ঔষধৰ দ্বাৰা এই ফোহাবোৰ ভাল নহয় আৰু সময়ৰ লগে লগে বাঢ়ি গৈ থাকে ৷

উৎস

https://www.cancercenter.com/blood-cancers

https://www.worldwidecancerresearch.org/cancer-and-cancer-research-explained/cancer-myths-and-questions/what-is-blood-cancer-and-why-do-we-need-more-research/

লগতে পঢ়ক

  1. উত্তৰ-পূবত কিয় দ্ৰুতগতিত বৃদ্ধি পাইছে কৰ্কট ৰোগীৰ সংখ্যা ?
  2. কিয় প্ৰায়ে শেষ পৰ্যায়তহে কৰ্কট ৰোগ ধৰা পৰে ? চিকিৎসকৰ পৰা জানক ইয়াৰ প্ৰকৃত কাৰণ
  3. মুখৰ ভিতৰত হোৱা ঘাঁ মুখৰ কৰ্কট ৰোগৰ কাৰণ নেকি ?