ETV Bharat / health

সংক্ৰমণ তথা ভাইৰেল জ্বৰৰ পৰা নিজকে সুৰক্ষিত ৰাখিবলৈ পান কৰক এইবিধ হালধীয়া পানী - Healthy Drink

Yellow Turmeric Water In Morning: পুৱা খালী পেটত হালধিৰ পানী খোৱাৰ কিমান উপকাৰিতা আছে, আপুনি জানেনে ? ইয়াৰ ফলত ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হোৱাৰ লগতে আৰু জ্বৰ আৰু সংক্ৰমণৰ দৰে ঋতুভিত্তিক ৰোগৰ পৰাও সহজতে আমি নিজকে সুৰক্ষিত ৰাখিব পাৰো । জানি লওক তৈয়াৰ কৰাৰ পদ্ধতি ৷

Drink turmeric water to protect yourself from infections and many diseases
সংক্ৰমণৰ তথা ভাইৰেল জ্বৰৰ পৰা নিজকে সুৰক্ষিত ৰাখিবলৈ পান কৰক এইবিধ হালধীয়া পানী (CANVA)
author img

By ETV Bharat Assamese Team

Published : August 13, 2024 at 2:15 PM IST

2 Min Read
Choose ETV Bharat

ভাৰতীয় খাদ্যত ব্যৱহৃত হোৱা এবিধ বিশেষ মচলা হৈছে হালধি ৷ ভাৰতীয় খাদ্য হালধি অবিহনে আধৰুৱা কিন্তু আপুনি জানেনে যে, খাদ্যত ব্যৱহৃত হোৱা এই হালধি আপোনাৰ স্বাস্থ্যৰ বাবে কোনো মহৌষধতকৈ কম নহয় ৷ আয়ুৰ্বেদত হালধি বহু ধৰণৰ ঔষধ প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হয় ৷ সকলোৰে ঘৰত হালধি সহজে পোৱা যায় ৷

এক চিকুট হালধিয়ে খাদ্যৰ ৰং আৰু সোৱাদ দুয়োটাই বৃদ্ধি কৰিব পাৰে ৷ লগতে বহুতো বিপদজনক ৰোগৰ পৰাও ৰক্ষা কৰাত ই সক্ষম ৷

হালধি মিহলোৱা পানীৰ উপকাৰিতা

প্ৰতিদিনে পুৱা এক গিলাচ পানীত যদি আমি হালধি মিহলাই খালী পেটত সেৱন কৰো, তেন্তে ইয়াৰ দ্বাৰা আমি ভাইৰাছৰ সংক্ৰমণ আৰু অন্যান্য সংক্ৰমণৰ সম্ভাৱনা দূৰ কৰিব পাৰো ৷ বিশেষ কথাটো হ’ল হালধি মিহলোৱা পানী খালে মেদবহুলতাও হ্ৰাস কৰিব পৰা যায় ৷

দৰাচলতে হালধিত বেক্টেৰিয়া আৰু ভেঁকুৰ প্ৰতিৰোধী গুণ আছে, যিয়ে শৰীৰক সংক্ৰমণৰ পৰা ৰক্ষা কৰে ৷ হালধিয়ে আপোনাৰ মুখৰ স্বাস্থ্যও উন্নত কৰে ৷ হালধি সেৱনে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে ৷ ইয়াৰ বাহিৰেও পেটৰ লগত জড়িত বহু ৰোগত হালধি খুবেই উপকাৰী ৷ হালধি স্বাস্থ্যৰ বাবে এক সম্পদ ৷ গতিকে ইয়াক আমি পাৰিলে নিতৌ পান কৰা উচিত ৷

হালধিৰ পানী কেনেকৈ তৈয়াৰ কৰিব ?

ইয়াৰ বাবে পুৱাৰ ভাগত এগিলাচ পানীত এচিকুট হালধি গুৰি মিহলাই লওক ৷ এই পানীও আপুনি ৰাতিটোৰ বাবে এনেদৰে থৈ দিয়ক আৰু পুৱা অলপ গৰম কৰি খালী পেটত এই পানী কুহুমীয়াকৈ পান কৰক ৷ এই পানী খোৱাৰ পিছত প্ৰায় আধা ঘণ্টামান একো নাখাব ৷ এই পানী মুখত লৈ চাৰিওফালে ঘূৰাই পান কৰক ৷

লগতে পঢ়ক: বহুগুণৰ অধিকাৰী হালধিৰ লাভালাভসমূহ কি কি ? - health benefits of turmeric