ETV Bharat / health

ৰাতি শুবলৈ যোৱাৰ আগতে এগিলাচ গৰম পানী খোৱাৰ অভ্যাস কৰক - Drinking Hot Water at night

Benefits of Drinking Hot Water at night: বেছিভাগ মানুহেই পুৱা গৰম পানী খোৱাৰ উপকাৰিতাৰ কথা কয় । কিন্তু আপুনি জানেনে যে পুৱা গৰম পানী খোৱাৰ পৰিৱৰ্তে ৰাতি শুবলৈ যোৱাৰ আগতে এগিলাচ গৰম পানী খালে আপোনাৰ স্বাস্থ্যই কেনেধৰণৰ উপকাৰিতা লাভ কৰে ৷

Drink a glass of hot water before bedtime and experience these 4 benefits
ৰাতি শুবলৈ যোৱাৰ আগতে এগিলাচ গৰম পানী খোৱাৰ অভ্যাস কৰক (FREEPIK)
author img

By ETV Bharat Assamese Team

Published : July 13, 2024 at 5:13 PM IST

2 Min Read
Choose ETV Bharat

আমাৰ জীৱনৰ বাবে পানী অতি প্ৰয়োজনীয় আৰু মূল্যৱান ৷ আমি আমাৰ সুস্বাস্থ্য বজাই ৰাখিবলৈ প্ৰতিদিনে পৰ্যাপ্ত পৰিমাণৰ পানী খোৱাটো গুৰুত্বপূৰ্ণ ৷ যদিও বেছিভাগ মানুহেই ঠাণ্ডা পানী খায়, কিন্তু গৰম পানী খোৱাৰো যে বহু উপকাৰিতা আছে, ইয়াৰ বিষয়ে হয়তো বহুতে নাজানে ৷ বিশেষকৈ ৰাতি শুবলৈ যোৱাৰ আগতে এগিলাচ গৰম পানী সেৱন কৰিলে আমাৰ শৰীৰৰ কিমান যে উপকাৰ সাধন হয় জানেনে ? সেয়ে আজি এই প্ৰতিবেদনৰ জৰিয়তে ৰাতি শুবলৈ যোৱাৰ আগতে এগিলাচ গৰম পানী খালে আমি কেনেধৰণৰ উপকাৰিতা পাব পাৰো জানো আহক-

Drink a glass of hot water before bedtime and experience these 4 benefits
ৰাতি শুবলৈ যোৱাৰ আগতে এগিলাচ গৰম পানী খোৱাৰ অভ্যাস কৰক (FREEPIK)

ৰক্ত সঞ্চালন উন্নত হয়

ৰাতি শুবলৈ যোৱাৰ আগতে গৰম পানী খালে শৰীৰৰ ভিতৰৰ উষ্ণতা বৃদ্ধি পায় আৰু ইয়াৰ বাবে ৰক্ত সঞ্চালন উন্নত হয় ৷ ইয়াৰ ফলত ঘাম ওলায় আৰু শৰীৰৰ ভিতৰত থকা দূষিত পদাৰ্থ আঁতৰি যায় ৷

লগতে পঢ়ক: পুৱা খালী পেটত গৰম পানী খালে পেটৰ চৰ্বি কমে নেকি ?

পাচনতন্ত্ৰৰ বাবে

যদি আপোনাৰ কোষ্ঠকাঠিন্য বা পেটৰ সৈতে জড়িত সমস্যা আছে, তেন্তে ৰাতি শুবলৈ যোৱাৰ আগতে গৰম পানী খোৱাটো আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে ৷ ৰাতি গৰম পানী খালে হজম প্ৰক্ৰিয়া সুস্থ হৈ থাকে আৰু কোষ্ঠকাঠিন্য, গেছ আদি সমস্যাৰ সৃষ্টি নহয় ৷ পেট পৰিষ্কাৰ হৈ থাকে ৷

ওজন নিয়ন্ত্ৰণত সহায় কৰিব

যদি আপুনি ওজন কমাবলৈ চেষ্টা কৰিছে তেন্তে শুবলৈ যোৱাৰ আগতে গৰম পানী খোৱাটো উচিত ৷ দেখা গৈছে যে যিসকল লোকে পুৱাৰ পৰিৱৰ্তে ৰাতি শুবলৈ যোৱাৰ আগতে গৰম পানী খায়, তেওঁলোকৰ ওজনৰ দ্ৰুত পৰিৱৰ্তন দেখা যায় ৷ ইয়াৰ ফলত বিপাকীয় ক্ৰিয়াও উন্নত হয় ৷

ভাল টোপনি

যিসকল লোকৰ ৰাতি টোপনি নহাৰ সমস্যা থাকে, তেওঁলোকে ৰাতি শুবলৈ যোৱাৰ আগতে গৰম পানী খাব লাগে ৷ ইয়াৰ ফলত টোপনি ভাল হয় আৰু লগতে টোপনিৰ মানদণ্ড উন্নত হয় ৷

লগতে পঢ়ক: শীতকালত আমি কিমান গৰম পানী গ্ৰহণ কৰিব লাগে ?