ETV Bharat / health

চুলি ধোৱাৰ সময়ত এই ভুলৰ বাবেই সৰে চুলি; সাৱধান অন্যথা সোনকালেই হ’ব তপা - Bathing Mistakes

Mistakes While Bathing: বহুবাৰ এনেকুৱা হয় যে আমি গা বা চুলি ধোৱাৰ সময়ত কিছুমান ভুল কৰোঁ যিয়ে আমাৰ চুলিৰ ক্ষতি কৰে, যাৰ ফলত চুলি সৰা আৰু তপা হোৱাৰ সমস্যাও হ’ব পাৰে । সেয়ে ইয়াৰ পৰা বাচিবলৈ তলত দিয়া পদ্ধতিসমূহ

Don't make these mistakes when you are going to take a bath
চুলি ধোৱাৰ সময়ত এই ভুলৰ বাবেই সৰে চুলি; সাৱধান অন্যথা সোনকালেই হ’ব তপা (ETV Bharat Assam)
author img

By ETV Bharat Health Team

Published : August 31, 2024 at 10:28 AM IST

3 Min Read
Choose ETV Bharat

যদি আপোনাৰ চুলি অবিৰতভাৱে সৰি থাকে তেন্তে এই খবৰটো আপোনাৰ বাবে৷ চুলি সৰা আঁৰৰ কাৰণ চুলি ধোৱাৰ ভুল পদ্ধতি হ’ব পাৰে ৷ সাধাৰণতে আমি দেখিবলৈ পাওঁ যে অধিকাংশ লোকেই মূৰৰ ছালখন ভালদৰে চাফা কৰিব নোৱাৰে যাৰ বাবে চুলিৰ গুৰিত মলি জমা হৈ নতুন চুলি গজিব নোৱাৰে আৰু চুলি সৰিবলৈ বা চিগিবলৈ আৰম্ভ কৰে ৷ সৌন্দৰ্য বিশেষজ্ঞই কয় যে, এই সমস্যা দূৰ কৰিবলৈ হ’লে চুলি ধোৱাৰ সঠিক পদ্ধতি জনাটো উচিত৷

চুলি ধোৱাৰ সঠিক উপায়

  • শ্বেম্পু কৰাৰ ৩০ মিনিট পূৰ্বে চুলিত তেল লগাব লাগে ৷
  • ইয়াৰ পিচত চুলিখিনি ভালদৰে তিয়াই লওক ৷
  • শ্বেম্পুখিনি ভালদৰে মূৰৰ ছালত লগাই মালিচ কৰক ৷
  • চুলি ধোৱাৰ পিচত চুলি শেষৰ অংশত কণ্ডিচনাৰ লগাই ২ মিনিটৰ পিচত মূৰটো ধুব ৷ মন ৰাখিব যে কণ্ডিচনাৰ কেতিয়াও চুলিৰ গুৰিত নলগাব ইয়াৰ দ্বাৰা অধিক চুলি সৰিব পাৰে ৷
  • এতিয়া প্ৰাকৃতিক বতাহত চুলিখিনি শুকুৱাই লওক ৷

চুলিৰ ক্ষতিসাধন কৰা এই ভুলবোৰ পৰিহাৰ কৰক

  • চুলি ধোৱাৰ পিচত তিতি থকা চুলিত ফণিওৱাটো এৰাই চলক, কাৰণ ইয়াৰ ফলত চুলিখিনি দুৰ্বল হৈ সৰি পৰিবলৈ আৰম্ভ কৰে আৰু সময়মতে যত্ন নল’লে মানুহো তপাও হৈ পৰিব পাৰে ৷
  • এসপ্তাহত ২ৰ পৰা ৩ বাৰতকৈ অধিক চুলি ধোৱাৰ পৰা বিৰত থাকক, এনে কৰিলে চুলি সৰাৰ লগতে শুকান হৈ পৰে ৷
  • চুলি ধোৱাৰ লগে লগে কেতিয়াও তেল লগাব নালাগে, ই চুলিখিনিক দুৰ্বল কৰিব পাৰে ৷
  • প্ৰথমে চুলিখিনি শুকুৱাই লওক, তাৰ পিচত লাহে লাহে ফণিওৱাৰ পিচত অকণমান তেলেৰে মূৰটো মালিচ কৰক ৷

কণ্ডিচনাৰ ব্যৱহাৰৰ সঠিক উপায়

  • বজাৰত পোৱা কণ্ডিচনাৰৰ সলনি এলোভেৰা ব্যৱহাৰ কৰক ৷
  • এলোভেৰা সপ্তাহত দুবাৰ মূৰত লগাব পাৰে ৷
  • চুলি ধোৱাৰ পিচত চুলিৰ শেষৰ ভাগত অৰ্থাৎ টিপচত কণ্ডিচনাৰ লগাব লাগে ৷
  • এতিয়া ২ৰ পৰা ৩ মিনিট ৰাখিব ৷
  • তাৰ পিচত ভালদৰে মূৰটো পানীৰে ধুই লওক৷
  • মূৰ ছালত যাতে কণ্ডিচনাৰ লাগিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব ৷

চুলি শুকুৱাবলৈ সঠিক উপায়

  • হেয়াৰ ড্ৰাইয়াৰৰ গৰম বতাহৰ ফলত চুলি দুৰ্বল হৈ পৰে ৷
  • আপুনি কাপোৰেৰে চুলিখিনি জোকাৰি শুকুৱাটো পৰিহাৰ কৰক, ইয়াৰ ফলত চুলিখিনি সহজে সৰিবলৈ আৰম্ভ কৰে ৷
  • চুলি শুকুৱাবলৈ প্ৰাকৃতিক বতাহ বা বায়ু যথেষ্ট ৷
  • আপোনাৰ চুলি কেইঘণ্টামানৰ পিচত সম্পূৰ্ণ শুকাই যাব ৷
  • খৰখেদা হ'লে চুলিত টাৱেল মেৰিয়াই অতিৰিক্ত পানী আঁতৰাই পেলাওক ৷
লগতে পঢ়ক: Hair Care Tips: চুলি ধোৱাৰ সময়ত আপুনিও কৰে নেকি এই ৫টা ভুল ? তেন্তে আজিয়েই বন্ধ কৰক