ETV Bharat / health

অকাল প্ৰসৱৰ ফলত শিশুৰ মানসিক বিকাশত কিবা প্ৰভাৱ পৰে নেকি ? চিকিৎসকৰ পৰা জানি লওক

অকাল প্ৰসৱৰ পিছত শিশুৰ শৰীৰত কেনে প্ৰভাৱ পৰে ? অকালতে জন্ম লোৱা শিশুৱে ডাঙৰ হৈ পঢ়া-শুনা আৰু কেৰিয়াৰত পাৰদৰ্শিতা দেখুৱাব পাৰেনে ? কি কয় চিকিৎসকে-

Does Premature Delivery Affect Baby's Brain Development
অকাল প্ৰসৱৰ ফলত শিশুৰ মানসিক বিকাশত কিবা প্ৰভাৱ পৰে নেকি ? চিকিৎসকৰ পৰা জানি লওক (ETV Bharat)
author img

By ETV Bharat Health Team

Published : April 3, 2025 at 4:17 PM IST

4 Min Read
Choose ETV Bharat
  • লেখিকা:-দীপশিখা তালুকদাৰ

অকাল প্ৰসৱ অৰ্থাৎ আশা কৰা সময়ৰ আগতে জন্ম হোৱা শিশু প্ৰায়ে শাৰীৰিকভাৱে দুৰ্বল হয় ৷ সাধাৰণতে ৩৭ সপ্তাহৰ আগতে জন্ম হোৱা শিশুক অকালপক্ক বুলিও কোৱা হয় ৷ অকাল জন্মৰ বাবে এই শিশুসকলৰ অংগ আৰু মগজু সম্পূৰ্ণৰূপে বিকশিত নহয়, যাৰ ফলত তেওঁলোকৰ স্নায়ুজনিত বৃদ্ধিত প্ৰভাৱ পৰিব পাৰে ৷ এনে শিশুক প্ৰাৰম্ভিক মাহত বিশেষ যত্নৰ প্ৰয়োজন হয়, কাৰণ তেওঁলোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল আৰু বহু স্বাস্থ্যজনিত সমস্যাৰ প্ৰতি তেওঁলোক অধিক সংবেদনশীল ৷ কিন্তু উপযুক্ত চিকিৎসা সেৱা, পুষ্টি আৰু উদ্দীপনা কৌশলৰ সহায়ত এই শিশুসকলে স্বাভাৱিক শিশুৰ দৰে মানসিক আৰু শাৰীৰিকভাৱে বিকশিত হ’ব পাৰে ৷ সেয়ে আজি এই প্ৰতিবেদনৰ দ্বাৰা আমি জানিবলৈ চেষ্টা কৰো আহক যে অকাল প্ৰসৱৰ ফলত শিশুৰ মানসিক বিকাশত কেনে প্ৰভাৱ পৰিব পাৰে আৰু ডাঙৰ হ’লে তেওঁলোকে পঢ়া-শুনা আৰু কেৰিয়াৰত ভাল প্ৰদৰ্শন কৰিব পাৰেনে নে নাই এই সন্দৰ্ভত জ্যেষ্ঠ শিশুৰোগ বিশেষজ্ঞ ডাঃ ছলমান খানে কি ক’লে জানো আহক-

অকাল জন্মই নৱজাতকৰ মগজুৰ বিকাশত প্ৰভাৱ পেলায় নেকি ?

ডাঃ ছালমানে কয় যে, অকাল জন্ম লোৱা শিশুৰ মগজু জন্মৰ সময়ত সম্পূৰ্ণ বিকশিত নহয়, যাৰ ফলত স্নায়ুজনিত সংযোগ দুৰ্বল হৈ থাকিব পাৰে ৷ কিছুমান ক্ষেত্ৰত এই শিশুসকলে একাগ্ৰতা, শিক্ষণ, আৰু...স্মৃতিশক্তিৰ সমস্যা দেখিবলৈ পোৱা যায় ৷ কিন্তু সময়ৰ লগে লগে সঠিক পুষ্টি আৰু পৰিপূৰক লাভ কৰিলে তেওঁলোকৰ মগজুৰ বিকাশ দ্ৰুতগতিত উন্নত হ’ব পাৰে ৷

অকালতে জন্ম লোৱা শিশুৱে ডাঙৰ হৈ পঢ়া-শুনা আৰু কেৰিয়াৰত পাৰদৰ্শিতা দেখুৱাব পাৰেনে ?

ডাঃ ছলমানে কয় যে, এইটো এটা ভুল ধাৰণা যে...অকালতে জন্ম হোৱা শিশু ভৱিষ্যতে হয়তো পঢ়া-শুনা বা কেৰিয়াৰত ভাল প্ৰদৰ্শন কৰিব নোৱাৰিব ৷ বহুতো বৈজ্ঞানিক গৱেষণাৰ পৰা দেখা গৈছে যে অকালতে জন্ম লোৱা শিশুও ডাঙৰ হৈ সম্পূৰ্ণ সক্ষম হ’ব পাৰে, যদিহে তেওঁলোকক উপযুক্ত যত্ন আৰু পুষ্টি প্ৰদান কৰা হয় ৷ বহুতো অকালতে জন্ম লোৱা শিশু ডাঙৰ হৈ ডাক্তৰ, অভিযন্তা আৰু বিজ্ঞানী হৈ পৰিছে, ইয়াৰ দ্বাৰা প্ৰমাণিত হৈছে যে প্ৰাৰম্ভিক সময়ত তেওঁলোকে সন্মুখীন হোৱা অসুবিধাৰ মাজতো সকলো ক্ষেত্ৰতে ভাল প্ৰদৰ্শন কৰিব পাৰে ৷

Neurodevelopmentalৰ সহায়ত শিশুৰ মগজুৰ বিকাশ সম্ভৱ

অকালতে জন্ম লোৱা শিশুৰ মগজুৰ বিকাশ উন্নত কৰিবলৈ স্নায়ুবিকাশৰ সহায় অতি প্ৰয়োজনীয় ৷ প্ৰথম মাহত পিতৃ-মাতৃয়ে শিশুটিৰ সৈতে অধিক কথা পাতিব লাগে, দৃষ্টি আৰু শ্ৰৱণত উদ্দীপনা দিব লাগে, আৰু ছালৰ পৰা ছালৰ সংস্পৰ্শ বজাই ৰাখিব লাগে (কেংগাৰু কেয়াৰ) বৃদ্ধি কৰিব লাগে ৷ ইয়াৰ ফলত মগজুৰ সংযোগ শক্তিশালী হয় ৷

পুষ্টি আৰু সুস্থ জীৱনশৈলীৰ গুৰুত্ব

মানসিক বিকাশৰ বাবে উপযুক্ত পুষ্টিৰ প্ৰয়োজন ৷ অকালতে জন্ম লোৱা শিশুক আইৰণ, ওমেগা-৩ ফেটি এচিড, ভিটামিন ডি আৰু...প্ৰ’টিন সমৃদ্ধ খাদ্য খাবলৈ দিয়াটো খুবেই প্ৰয়োজন ৷ এইবোৰে মগজুৰ কাৰ্যক্ষমতা বৃদ্ধি কৰাৰ লগতে শিক্ষণ ক্ষমতাও বৃদ্ধি কৰে ৷

অভিভাৱকৰ ভূমিকা আৰু প্ৰেৰণা

অকালতে জন্ম লোৱা শিশুৰ সফলতাত পিতৃ-মাতৃৰ ভূমিকা গুৰুত্বপূৰ্ণ ৷ আত্মবিশ্বাস বৃদ্ধি কৰা, ইতিবাচক পৰিৱেশ প্ৰদান কৰা আৰু যিকোনো ধৰণৰ স্নায়ুজনিত সমস্যাৰ সোনকালে চিকিৎসা কৰা আদি কামত তেওঁলোকক জড়িত কৰাটো গুৰুত্বপূৰ্ণ ৷ উপযুক্ত পথ প্ৰদৰ্শনৰ দ্বাৰা এই শিশুসকলে কেৱল পঢ়া-শুনাতে নহয়, কেৰিয়াৰতো সফলতা লাভ কৰিব পাৰে ৷

অকাল প্ৰসৱৰ পিছতো শিশুৰ মানসিক বিকাশ সম্পূৰ্ণৰূপে সম্ভৱ ৷ সঠিক যত্ন, পুষ্টি আৰু উদ্দীপনা কৌশলৰ দ্বাৰা তেওঁলোক ডাঙৰ হৈ সম্পূৰ্ণ সুস্থ আৰু বুদ্ধিমান হ’ব পাৰে ৷ অভিভাৱকৰ সমৰ্থন আৰু ইতিবাচক পৰিৱেশে তেওঁলোকৰ সফলতাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷

উৎস:-https://pmc.ncbi.nlm.nih.gov/articles/PMC2762422/

লগতে পঢ়ক

  1. পলমকৈ গৰ্ভৱতী হ’ব বিচৰা মহিলাসকলৰ বাবে সুখবৰ!...ডিম্বাণু হিমায়িতকৰণে কৰিব সহায়
  2. গৰ্ভৱতী মহিলাসকলে কৰ্মৰত অৱস্থাত কেনেকৈ ল’ব নিজৰ স্বাস্থ্যৰ যতন ?
  3. মহৰ পৰা নিজকে ৰক্ষা কৰিবলৈ গৰ্ভৱতী মহিলাৰ বাবে ৫ টা গুৰুত্বপূৰ্ণ টিপছ - World Mosquito Day 2024