ETV Bharat / health

শৰীৰত যদি আছে এই ৰোগ তেন্তে কেতিয়াও নাখাব আনাৰস অন্যথা....

আনাৰস এবিধ অতি সোৱাদযুক্ত ফল, কিন্তু জোখতকৈ ইয়াক বেছিকৈ খালে শৰীৰৰ বাবে সমস্যাৰ সৃষ্টি হ’ব পাৰে-

Does pineapple have any side effects?
শৰীৰত যদি আছে এই ৰোগ তেন্তে কেতিয়াও নাখাব আনাৰস অন্যথা.... (ETV Bharat)
author img

By ETV Bharat Health Team

Published : November 9, 2024 at 5:19 PM IST

2 Min Read
Choose ETV Bharat

আনাৰস আমাৰ স্বাস্থ্যৰ বাবে খুবেই উপকাৰী সেই বিষয়ে নতুনকৈ কোৱাৰ হয়তো কোনো প্ৰয়োজন নাই, বহুতৰে প্ৰিয় এই ফলবিধ ইয়াৰ উৎকৃষ্ট মিঠা সোৱাদ আৰু পুষ্টিৰ বাবে জনাজাত ৷ এই ফলবিধে কেৱল সতেজতা প্ৰদান কৰাই নহয়, ইয়াক ভিটামিন চি আৰু খনিজ পদাৰ্থৰ সমৃদ্ধ উৎস বুলিও গণ্য কৰা হয় ৷

বিশেষজ্ঞৰ মতে, আনাৰস খালে স্বাস্থ্যৰ বাবে বহু উপকাৰিতা হয় যদিও আমাৰ শৰীৰত এই স্বাস্থ্যজনিত সমস্যা থাকে তেন্তে ইয়াক খোৱাটো উচিত নহয়, অন্যথা সমস্যা আৰু অধিক বৃদ্ধি পাব পাৰে ৷

এই ৰোগত আনাৰস খাব নালাগে

১/ চিলিয়াক ৰোগ

চিলিয়াক ৰোগ (Celiac Disease) থকা লোকৰ বাবে আনাৰস খোৱাটো বিশেষ এটা ভাল নহয়, গ্লুটেনৰ (Gluten Reaction) প্ৰতি ইয়াৰ প্ৰতিক্ৰিয়া হ’ব পাৰে ৷ আনাৰসত প্ৰাকৃতিকভাৱে পোৱা এনজাইম ব্ৰ’মেলিন থাকে, যিয়ে চিলিয়াক ৰোগৰ অৱস্থা আৰু বেয়া কৰি তুলিব পাৰে ৷ চিলিয়াক ৰোগীয়ে যদি আনাৰস খায় তেন্তে পেট ফুলা, বিষ আৰু আন বহুতো সমস্যাত ভুগিব পাৰে ৷

২/ গেষ্ট্ৰাইটিছ বা এচিডিটিৰ সমস্যা

গেষ্ট্ৰাইটিছ বা এচিডিটিৰ সমস্যা থকা লোকৰ বাবেও আনাৰস ক্ষতিকাৰক হ’ব পাৰে ৷ ইয়াক খালে সমস্যা আৰু অধিক বৃদ্ধি পাব পাৰে ৷ বিশেষকৈ ৰাতি এই ফল খোৱাটো পৰিহাৰ কৰাটো উচিত ৷

৩/ বৃক্কৰ ৰোগ

ভিটামিন চি গ্ৰহণৰ সৰ্বোচ্চ সীমা দৈনিক প্ৰায় ২০০ মিলিগ্ৰাম ৷ অত্যধিক পৰিমাণৰ ভিটামিন চি সেৱন কৰিলে বৃক্কৰ সমস্যা থকা লোকৰ ক্ষতি হ’ব পাৰে ৷ গতিকে যদি আপুনি আপোনাৰ বৃক্কক ক্ষতিৰ পৰা ৰক্ষা কৰিব বিচাৰে তেন্তে ইয়াক খোৱাটো সীমিত কৰক ৷

৪/ ডায়েবেটিছ

আনাৰসত প্ৰাকৃতিক চেনি আৰু কেলৰি বেছি থাকে, যদি কোনো ডায়েবেটিছ ৰোগীয়ে ইয়াক গ্ৰহণ কৰে তেন্তে ৰক্ত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি পাব আৰু তেতিয়া আপোনাৰ স্বাস্থ্যৰ হঠাৎ অৱনতি ঘটিব পাৰে ৷ ডায়েবেটিছ ৰোগীয়ে আনাৰসৰ সলনি আন ফল-মূল খাদ্যত অন্তৰ্ভুক্ত কৰিব লাগে ৷

https://www.sciencedirect.com/topics/pharmacology-toxicology-and-pharmaceutical-science/pineapple

https://pmc.ncbi.nlm.nih.gov/articles/PMC8028712/

লগতে পঢ়ক: বাকলি গুচাই খায় নেকি এই ফল ? তেন্তে আজিয়েই ত্যাগ কৰক এই ভুল