বৃদ্ধি পাইছে চৰ্বিযুক্ত যকৃতৰ ৰোগ... কি কয় চিকিৎসকে ? - FATTY LIVER DISEASE
Fatty Liver diseases: এপ’ল’ লিভাৰ ডিজিজ আৰু লিভাৰ ট্ৰান্সপ্লাণ্ট বিশেষজ্ঞসকলে কয় যে শেহতীয়াকৈ যকৃতৰ ৰোগ বৃদ্ধি পাইছে আৰু তৎকালীনভাৱে চিকিৎসকৰ পৰামৰ্শ আৰু চিকিৎসা লোৱাটো জৰুৰী হৈ পৰিছে ৷

Published : July 1, 2024 at 4:37 PM IST
ট্ৰিচিৰ এখন ব্যক্তিগত হোটেলত এপ’ল’ হাস্পতালৰ গেষ্ট্ৰ’ইনটেষ্টিনেল অস্ত্ৰোপচাৰ আৰু যকৃত সংৰোপণৰ ওপৰত এখনি সংবাদমেল অনুষ্ঠিত হয় । অনুষ্ঠানটোত বক্তব্য ৰাখি যকৃত সংৰোপণ বিশেষজ্ঞ বিজয় গণেশনে কয়, "যকৃত হৈছে আমাৰ শৰীৰৰ আটাইতকৈ ডাঙৰ অংগ । যকৃত হৈছে এনে এক অংগ যি বিষাক্ত পদাৰ্থ আঁতৰ কৰে, হজম কৰাত সহায় কৰে আৰু ৰোগ প্ৰতিৰোধ প্ৰণালী সুৰক্ষিত কৰে ।"
আহাৰ, শাৰীৰিক সক্ৰিয়তাৰ অভাৱ আৰু অত্যাধিক সুৰাপানৰ ফলত যকৃত সম্পৰ্কীয় ৰোগ বৃদ্ধি পাইছে । অধ্যয়নে দেখুৱাইছে যে ২০ শতাংশ লোকৰ যকৃতৰ বিভিন্ন প্ৰকাৰৰ সমস্যা আছে । শেহতীয়াকৈ চৰ্বিযুক্ত যকৃতৰ ৰোগ বৃদ্ধিয়ে তাৎক্ষণিক মনোযোগ আৰু চিকিৎসাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে ।
"ডেৰ বছৰ পূৰ্বে যকৃত, অগ্ন্যাশয় আৰু পিত্তনলীৰ ওপৰত সজাগতা কাৰ্যসূচী আৰম্ভ কৰা হৈছিল । এই পৰ্যন্ত ২টা শিশুসহ ১০ জন লোকৰ যকৃতৰ অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন কৰা হৈছে আৰু তেওঁলোকৰ স্বাস্থ্য ভাল আছে," তেওঁ লগতে কয় ।
এপ’ল’ চিকিৎসালয়ৰ যকৃতৰ ৰোগ আৰু যকৃত সংৰোপণ বিশেষজ্ঞ কুমাৰ গুৰুপৰণে কয়, "সুৰাপানৰ উপৰিও আন কিছুমান কাৰণতো যকৃতৰ ৰোগ হ'ব পাৰে । অত্যাধিক ফাষ্ট ফুড গ্ৰহণ, অনিয়মীয়া ৰক্তচাপ, অত্যাধিক বড়ি সেৱনে যকৃতৰ ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে ।"
যকৃতৰ ৰোগ :
যকৃতৰ ৰোগক দুটা মুখ্য প্ৰকাৰত শ্ৰেণীবদ্ধ কৰিব পাৰি: তীব্ৰ আৰু দীৰ্ঘম্যাদী । যকৃতৰ গুৰুতৰ ক্ষতি হঠাতে হ'ব পাৰে । আনহাতে, দীৰ্ঘম্যাদী সংক্ৰমণ মেদবহুলতা, সুৰাপান আৰু ভাইৰেল সংক্ৰমণৰ ফলত হয় । দীৰ্ঘম্যাদী যকৃতৰ ক্ষতি কেইমাহমান বা আনকি বছৰৰ পাচতহে প্ৰত্যক্ষ কৰিব পাৰি । আঘাত হোৱাৰ পিচত ইয়াৰ প্ৰভাৱ স্পষ্ট হয় আৰু দৈনন্দিন জীৱন প্ৰভাৱিত কৰে ।
যকৃতৰ ৰোগৰ লক্ষণ :
এই অৱস্থাত ভুগি থকা লোকসকলে ভাগৰুৱা, চকু হালধীয়া হোৱা, ছালৰ খজুৱতি, ভৰি আৰু পেট ফুলা, অকাৰণতে ওজন কমি যোৱা, সহজে ঘাঁ হোৱা, প্ৰস্ৰাৱ ক’লা হোৱা, মল শেঁতা পৰা আদি অনুভৱ কৰিব ।
এই লক্ষণসমূহ দেখা দিয়ে কাৰণ যকৃতে তেজৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰোৱাত অসুবিধা পায় । যিহেতু এনে লক্ষণে যকৃতৰ ক্ষতি হোৱা আৰু কাম কৰিব নোৱাৰাৰ কথা প্ৰকাশ কৰে, সেয়েহে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ লৈ চিকিৎসা কৰাটো অতি প্ৰয়োজনীয় ।
এপ’ল’ হাস্পতালছ লিভাৰ ট্ৰান্সপ্লান্টেশ্যন তামিলনাডুৰ সভাপতি ইলানকুমাৰনে কয়, "যকৃতৰ ৰোগৰ অন্তিম পৰ্যায়ত থকা সকলৰ বাবে যকৃত সংৰোপণৰ পৰামৰ্শ দিয়া হয় । অংগ দাতাৰ ওপৰত নিৰ্ভৰ কৰি দুটা প্ৰকাৰৰ সংৰোপণ কৰা হয় ।"
যকৃত দুটা ধৰণে লাভ কৰা হয় :
মৃত ব্যক্তিৰ পৰা (cadaveric) বা জীৱিত ব্যক্তিৰ পৰা যকৃত প্ৰাপ্ত কৰা হয় । প্ৰতিস্থাপনৰ প্ৰয়োজনীয়তা কিমান জৰুৰী আৰু দাতা ইচ্ছুক নে ? আৰু ৰোগীৰ অন্যান্য পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি কোনটো চিকিৎসা পদ্ধতি অনুসৰণ কৰিব সেইটো নিৰ্বাচন কৰিব পাৰি ।
লগতে পঢ়ক : ফেটি লিভাৰৰ সমস্যাত ভুগিছে নেকি ? আজিয়েই আজিৰ ত্যাগ কৰক এইসমূহ খাদ্য... - fatty liver disease

