"ছান বাৰ্ণ" হৈছে নেকি ? তেন্তে অনুসৰণ কৰক সৌন্দৰ্য বিশেষজ্ঞা মালা মহন্তৰ এই টিপছ - Skin Care
Skin Care Tips: ছান বাৰ্ণৰ সমস্যা হৈছে এনে এক সমস্যা যি এবাৰ হ’লে ছালৰ গোটেই সৌন্দৰ্যই কাঢ়ি লৈ যায় লগতে কেতিয়াবা ছালৰ সৈতে জড়িত সমস্যাও দেখা যায় ৷ কিন্তু এই সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰি ৷ এই সন্দৰ্ভত জনালে সৌন্দৰ্য বিশেষজ্ঞা মালা মহন্তই ।

Published : June 28, 2024 at 9:41 PM IST
গুৱাহাটী, 28 জুন: গৰমৰ দিন কেইটাত অত্যধিক গৰম তথা প্ৰখৰ ৰ'দৰ বাবে প্ৰত্যেকে কম-বেছি পৰিমাণে সন্মুখীন হোৱা এটা সমস্যা হৈছে "ছান বাৰ্ণ"ৰ সমস্যা । বিদ্যালয়লৈ যোৱা শিশুটিৰ পৰা আৰম্ভ কৰি ঘৰৰ গৃহিনীগৰাকীলৈকে সকলোৰে এই সমস্যা হয় ।
তাপমাত্ৰা বৃদ্ধিপোৱাৰ বাবে কেৱল ঘৰৰ বাহিৰত ওলাই গ’লেহে যে "ছান বাৰ্ণ"ৰ সমস্যা হ'ব তেনে নহয়, ঘৰৰ ভিতৰত থাকিলেও এই সমস্যা হ'ব পাৰে । এই সমস্যাৰ ফলত ছালৰ ৰঙো কিছু কিছু ঠাই বেছি ক’লা পৰি যায়, কিছুমান ঠাইত বগা দাগ পৰা দেখা যায় । সেয়ে জানো আহক এই সমস্যাৰ পৰা কেনেকৈ হাত সাৰিব পাৰি...
ঘৰুৱাভাৱে কেনেদৰে ছান বাৰ্ণৰ সমস্যাৰ পৰা হাত সাৰিব পাৰি ?
"ছান বাৰ্ণ"ৰ সমস্যা ঘৰুৱাভাৱেও দূৰ কৰিব পৰা যায় । বৰ্তমান সময়ত যিহেতু যথেষ্ট পৰিমাণে ফল-মূল আদি পোৱা যায় । এই ফল-মূল সমূহেৰেও আপুনি আপোনাৰ ছালৰ যতন ল'ব পাৰে ।
ফল-মূলেৰে কেনেদৰে "ছান বাৰ্ণ"ৰ সমস্যা দূৰ কৰিব ?
- আনাৰসৰ ৰস- আনাৰসৰ ৰসেৰেও আমি "ছান বাৰ্ণ"ৰ সমস্যা দূৰ কৰিব পাৰো । তাৰ বাবে আপোনাক লাগিব অকমান আনাৰসৰ ৰস ৷ আনাৰসৰ ৰস লগত অকমান কেঁচা গাখীৰ মিহলাই ১০ মিনিটৰ বাবে ফ্ৰিজিং কৰি ৰাখি থ’ব । তাৰ পিচত মুখ, হাত আৰু ডিঙিৰ ছালত লগাই ১০ মিনিটৰ পাচত মুখখন ভালদৰে ধুই ল'ব ।
- তৰমুজ- দুচামুচ মান তৰমুজৰ ৰস আৰু দুচামুচ নেমুৰ ৰস একেলগে মিহলাই ফ্ৰিজিং কৰি থ’ব লাগে । সেই শীতল মিশ্ৰণটো মুখ, হাত আৰু ডিঙিৰ ছালত লগাই ১০ মিনিটৰ পাচত মুখখন ভালদৰে ধুই ল'ব । এনে কৰাৰ ফলত ছালখন যথেষ্ট শীতল হয় আৰু "ছান বাৰ্ণ"ৰ সমস্যা দূৰ হ'ব ।
- ক’লা জামু- যথেষ্ট পৰিমাণে আইৰণ থকা এবিধ ফল হৈছে ক’লা জামু । কৱলা জামুৱে ছালৰ ক’লা দাগ নাইকিয়া কৰাটো সহায় কৰে । যিসকল লোকৰ ছালত ক’লা দাগ পৰিছে তেওঁলোকে যদি দৈনিক ১০ মিনিটৰ বাবে হ’লেও একেৰাহে এমাহৰ পৰা ডেৰমাহলৈ দাগ পৰা ঠাইত ক’লা জামুৰ ৰস লগাব পাৰে তেন্তে এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে ।
লগতে পঢ়ক: মুখমণ্ডলত শালমন হোৱাটো নিবিচাৰে যদি আজিয়েই ত্যাগ কৰক এইসমূহ খাদ্য - Foods That Cause Acne

