ETV Bharat / health

আপোনাৰ দাঁতৰ ৰং সলনি হৈছে নেকি ? তেন্তে সাৱধান হ’ব পাৰে এই সমস্যা - TARTAR

আমাৰ সমগ্ৰ শৰীৰৰ লগতে দাঁতৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু তথা কিছুমান সমস্যাৰ সৃষ্টি হ’ব পাৰে যেনে দাঁতৰ টাৰ্টাৰ, আজি এই বিষয়ে বিতংভাৱে জানো আহক-

Do not ignore tartar in your teeth, it can cause many problems
আপোনাৰ দাঁতৰ ৰং সলনি হৈছে নেকি ? তেন্তে সাৱধান হ’ব পাৰে এই সমস্যা (ETV Bharat Assam)
author img

By ETV Bharat Health Team

Published : May 16, 2025 at 11:15 AM IST

4 Min Read

আমাৰ সামগ্ৰিক স্বাস্থ্যৰ বাবে দাঁতৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু দাঁতখিনি সুস্থ হৈ থকাটো অতিকৈ গুৰুত্বপূৰ্ণ ৷ কিন্তু বহুতে মুখ বা দাঁতৰ সঠিক পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু সুস্থতাৰ প্ৰতি অসাৱধানতা অৱলম্বন কৰে, যাৰ ফলত মুখত বিশেষকৈ দাঁতত বহু ধৰণৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷ ইয়াৰে এটা হ’ল দাঁতত টাৰ্টাৰ জমা হোৱাৰ সমস্যা ৷ দাঁতত টাৰ্টাৰৰ গঠন অৰ্থাৎ কঠিন ৰূপত প্লেক গঠন হোৱাটো এটা সাধাৰণ সমস্যা, যাৰ বাবে দাঁতত হালধীয়া বা বাদামী ৰঙৰ তৰপ জমা হয় আৰু যিয়ে দাঁতৰ সৌন্দৰ্য কম কৰে ৷ কিন্তু যদি টাৰ্টাৰ আঁতৰোৱাৰ চেষ্টা কৰা নহয় বা পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ যত্ন লোৱা নহয় তেন্তে ইয়াৰ প্ৰভাৱ দাঁতৰ সৌন্দৰ্যৰ লগতে স্বাস্থ্যকো প্ৰভাৱিত কৰিব পাৰে আৰু কেতিয়াবা দাঁতৰ গুৰুতৰ সমস্যাৰো সৃষ্টি কৰিব পাৰে ৷

দাঁতৰ টাৰ্টাৰ হোৱা মানে কি ?

হেল্থ কেয়াৰ ডেণ্টেল কেয়াৰ ক্লিনিক থানে মুম্বাইৰ দন্ত চিকিৎসক ডাঃ সুৰজ ভাৰতীয়ে কয় যে, খাদ্যৰ কণা, বেক্টেৰিয়া, লেলাউটি আদিৰ ফলত সৃষ্টি হোৱা দাঁতত জমা হোৱা প্লেকৰ পৰা টাৰ্টাৰ গঠন হয় ৷ নিয়মীয়াকৈ ব্ৰাছ আৰু ফ্লছিং কৰি আঁতৰাই নিদিলে ই কঠিন হৈ টাৰ্টাৰলৈ পৰিণত হয় ৷ ইয়াৰ বাবে দায়ী কাৰণসমূহৰ বিষয়ে যদি আমি ক’বলৈ যাও, তেন্তে তাৰে কিছুমান তলত দিয়া ধৰণৰ-

Do not ignore tartar in your teeth, it can cause many problems
আপোনাৰ দাঁতৰ ৰং সলনি হৈছে নেকি ? তেন্তে সাৱধান হ’ব পাৰে এই সমস্যা (ETV Bharat Assam)
  • নিয়মিতভাৱে ব্ৰাছ নকৰা বা ভুল ধৰণে ব্ৰাছ নকৰা ৷
  • মিঠা বা আঠাযুক্ত খাদ্য অত্যধিক সেৱন ৷
  • পানীলগা আৰু লালা উৎপাদন কমি যোৱা ৷
  • ধূমপান আৰু ধঁপাত সেৱন ৷
  • কেলচিয়াম আৰু ভিটামিন চিৰ অভাৱ ৷

লক্ষণ আৰু প্ৰভাৱ

দাঁতত টাৰ্টাৰ সমস্যাৰ কিছুমান সাধাৰণ লক্ষণ আৰু প্ৰভাৱ তলত দিয়া ধৰণৰ-

  • দাঁতত হালধীয়া বা বাদামী ৰঙৰ আৱৰণ
  • দাঁতৰ আঁঠু ফুলা আৰু তেজ ওলোৱা
  • মুখৰ দুৰ্গন্ধ

নিদান

ডাঃ সূৰজ ভাৰতীয়ে কয় যে, ক্লিনিকত টাৰ্টাৰ আঁতৰাবলৈ স্কেলিং প্ৰক্ৰিয়া ব্যৱহাৰ কৰা হয় ৷ স্কেলিংত দাঁতবোৰ গভীৰভাৱে পৰিষ্কাৰ কৰি টাটাৰ আঁতৰোৱা হয় ৷ ইয়াৰ পিছত পলিচিং কৰি দাঁতবোৰ জিলিকি উঠে, যাতে প্লেক পুনৰ সোনকালে জমা নহয় ৷ ইয়াৰ পিছত দাঁত আৰু আঁঠুৰ স্বাস্থ্যৰ ওপৰত নিৰ্ভৰ কৰি চিকিৎসকে কেতিয়াবা এন্টি বেক্টেৰিয়েল মাউথৱাছ বা ঔষধো দিব পাৰে ৷

তেওঁ কয় যে, এই সমস্যাটো সময়মতে সমাধানৰ বাবে চেষ্টা নকৰিলে কেৱল দাঁতবোৰ দুৰ্বল হোৱাই নহয়, গহ্বৰ, পাইঅ’ৰিয়া, আনকি দাঁত সৰি পৰাৰ আশংকাও হ’ব পাৰে ৷

তেওঁৰ মতে কিছুমান কথা মনত ৰাখিলে দাঁত টাৰ্টাৰ মুক্ত কৰি ৰখাত অতি উপকাৰী হ’ব পাৰে ৷ তাৰে কিছুমান তলত দিয়া ধৰণৰ ৷

  • সঠিকভাৱে ব্ৰাছ কৰক, দিনটোত দুবাৰকৈ
  • মিঠা আৰু আঠাযুক্ত খাদ্যৰ সেৱন সীমিত কৰক
  • নিয়মীয়াকৈ ফ্লছিং কৰাৰ অভ্যাস কৰক আৰু মাউথৱাছ ব্যৱহাৰ কৰক
  • ধূমপান আৰু ধঁপাত পৰিহাৰ কৰক
  • প্ৰতি ৬ মাহৰ মূৰে মূৰে দন্ত চিকিৎসকৰ ওচৰত দাঁত পৰীক্ষা কৰাব লাগে

যদি আপোনাৰ মুখৰ ভিতৰখন লেতেৰা হৈ থাকে, তেন্তে অতি সোনকালে আপুনি গুৰুতৰ ৰোগত আক্ৰান্ত হওতেও বেছি পৰ নালাগিব ৷ এয়া পিছে আমি কোৱা কথা নহয় ৷ এই মত স্বাস্থ্য বিশেষজ্ঞৰ ৷ সেয়েহে, মুখৰ পৰিস্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি সদায় যত্ন লোৱাটো খুবেই জৰুৰী ৷ মুখৰ ভিতৰখন পৰিস্কাৰ কৰিবলৈ পুৱা শোৱাৰ পৰা উঠাৰ পিছত আৰু ৰাতি টোপনি যোৱাৰ আগতে দুবাৰকৈ দাঁত ব্ৰাছ কৰাটো খুবেই জৰুৰী ৷ ই মুখত থকা বেক্টেৰিয়া আৰু বীজাণু পৰিস্কাৰ কৰে ৷ অন্যথা এই বেক্টেৰিয়াবোৰ পাকস্থলীলৈ যায় ৷ যাৰ ফলত আমাৰ বহু গুৰুতৰ স্বাস্থ্যৰ সমস্যা হ'ব পাৰে ৷ লগত দাঁতৰ সৈতে বিভিন্ন সমস্যাৰ পৰা বাচি থাকিবলৈ দাঁতৰ স্বাস্থ্য বজাই ৰখাৰ লগতে ইয়াৰ পৰিষ্কাৰ-পৰিচন্নতা, তথা কিবা সমস্যা হ’লে দাঁতৰ বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো খুবেই জৰুৰী তেতিয়াহে আপোনাৰ দাঁত সদায় সুস্থ হৈ থাকিব ৷

লগতে পঢ়ক

  1. দাঁত ব্ৰাছ নকৰাকৈ খাদ্য খায় নেকি ? জানি লওক লোকচান
  2. দাঁত ক্ষয়ৰ বাবে মুখ বন্ধ কৰি থাকিব লগা হৈছে নেকি ? তেন্তে এয়া লওক উপায় - Dental Care Tips
  3. মুখৰ স্বাস্থ্য বজাই ৰখাটো আমাৰ বাবে কিয় জৰুৰী ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.