ETV Bharat / health

ভাৰতত Stomach Fluৰ ৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি, এই সন্দৰ্ভত কি কয় বিশেষজ্ঞসকলে

Stomach Flu Cases : ভাইৰেল গেষ্ট্ৰ’এণ্টেৰাইটিছ নামেৰেও জনাজাত ‘ষ্টমাক ফ্লু’ ন’ৰ’ভাইৰাছ, ৰোটাভাইৰাছ, এণ্টেৰ’ভাইৰাছকে ধৰি বিভিন্ন ভাইৰাছৰ দ্বাৰা হোৱা এক সাধাৰণ ৰোগ ৷ দেশৰ বহু ঠাইত ইয়াৰ এই সমস্যা বৃদ্ধি পোৱা দেখা গৈছে । পঢ়ক সম্পূৰ্ণ প্ৰতিবেদন..

stomach flu
ভাৰতত Stomach Fluৰ ৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি, এই সন্দৰ্ভত কি কয় বিশেষজ্ঞসকলে
author img

By ETV Bharat Assamese Team

Published : February 27, 2024 at 4:43 PM IST

2 Min Read
Choose ETV Bharat

নেশ্যনেল ডেস্ক, 27 ফেব্ৰুৱাৰী: দিল্লীত ‘পেটৰ ফ্লু’ত আক্ৰান্তৰ সংখ্যা যথেষ্ট বৃদ্ধি পোৱা বুলি সম্প্ৰতি চিকিৎসকে জানিবলৈ দিয়ে ৷ ভাইৰেল গেষ্ট্ৰ’এণ্টেৰাইটিছ নামেৰেও জনাজাত ‘ষ্টমাক ফ্লু’ ন’ৰ’ভাইৰাছ, ৰোটাভাইৰাছ, এণ্টেৰ’ভাইৰাছকে ধৰি বিভিন্ন ভাইৰাছৰ দ্বাৰা হোৱা এক সাধাৰণ ৰোগ ৷ এই ভাইৰাছবোৰ অতি সংক্ৰামক আৰু দূষিত খাদ্য বা পানী, সংক্ৰমিত ব্যক্তিৰ ঘনিষ্ঠ সংস্পৰ্শ, বা দুৰ্বল পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ জৰিয়তে সহজে বিয়পিব পাৰে ৷

ভাৰতত পেটৰ ফ্লুৰ ৰোগী

মেক্স হাস্পতাল বৈশালীৰ জ্যেষ্ঠ পৰামৰ্শদাতা আভ্যন্তৰীণ চিকিৎসা ডাঃ বন্দনা গাৰ্গে কয়, ‘শেহতীয়াকৈ ফ্লু, ডায়েৰিয়া, ভাইৰেল জ্বৰ আদিৰ দৰে ৰোগীৰ বাবে অ’পিডিত আমাৰ ওচৰলৈ অহা ৰোগীৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে, যি ২০ শতাংশৰ পৰা ৩০ শতাংশ বেছি ৷’

ইয়াৰ প্ৰধান লক্ষণসমূহ হ’ল পেটৰ বিষ, ডায়েৰিয়া আৰু বমি ৷ ইফালে স্বাস্থ্য বিশেষজ্ঞই এই সমস্যাত ভোগা ৰোগীক এন্টিবায়টিক সেৱন নকৰিবলৈ পৰামৰ্শ দিছে ৷

চি.কে. দিল্লীৰ বিৰলা হাস্পতালৰ আভ্যন্তৰীণ চিকিৎসাৰ সঞ্চালক ডাঃ ৰাজীৱ গুপ্তাই সংবাদ সংস্থাটোক জনাইছে যে, ‘ষ্ট’মেক ফ্লুৰ ৰোগী বাঢ়িছে, সাধাৰণতে কেইদিনমানৰ ভিতৰতে নিজাববীয়াকৈ সমাধান হয় ৷ কিন্তু ইয়াৰ ওপৰত এন্টিবায়টিকৰ বিশেষ প্ৰভাৱ নপৰে ৷ বেক্টেৰিয়াৰ সংক্ৰমণ নাথাকিলে ইয়াক ব্যৱহাৰ কৰিব নালাগে ৷ ডাক্তৰে কয় যে গড়ে তেওঁ প্ৰতিদিনে ৬-৭ টা কেছ দেখা পাই আছে ৷

বিশেষজ্ঞগৰাকীয়ে কয় যে, সৰু ল’ৰা-ছোৱালী, বয়সস্থ প্ৰাপ্তবয়স্ক আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল ব্যক্তিৰ পেটৰ ফ্লুৰ পৰা গুৰুতৰ জটিলতা, যেনে ডিহাইড্ৰেচন আৰু পুষ্টিহীনতা আদিৰ সৃষ্টি হোৱাৰ আশংকা অধিক ৷

ডাঃ বন্দনাই কয় যে, ডায়েবেটিছ, উচ্চ ৰক্তচাপৰ দৰে সমস্যাৰ সন্মুখীন হোৱা লোকসকলো বিপদত পৰে ৷ স্বাস্থ্যসন্মত খাদ্যাভ্যাস বজাই ৰখা, সঘনাই হাত ধোৱা, ভিৰ কৰা ঠাইৰ পৰা আঁতৰি থকা, মাস্ক পৰিধান কৰা আৰু অসুস্থ ব্যক্তিৰ সংস্পৰ্শৰ পৰা আঁতৰি থকাকে ধৰি বহুকেইটা সাৱধানতা অৱলম্বন কৰিবলৈ চিকিৎসকে আহ্বান জনায় ৷

লগতে পঢ়ক: শৰীৰত যদি বৃদ্ধি পাইছে বেয়া LDL Cholesterol; তেন্তে কেতিয়াও নাখাব এই খাদ্য