ETV Bharat / health

সিংহ ৰাশিয়ে লাভ কৰিব গণেশৰ কৃপা...কুম্ভ ৰাশিৰ আৰ্থিক লাভ...কি কয় আপোনাৰ দিনটোৰ ৰাশিফলে ? - Daily Horoscope For 30th July

Daily Horoscope : পদোন্নতি তথা বেতন বৃদ্ধি হ’ব পাৰে এই ৰাশিৰ লোকৰ... ভগৱানৰ কৃপা দৃষ্টি লাভ কৰিব বৃশ্চিক ৰাশিৰ লোকে... আৰু অধিক জানিবলৈ পঢ়ক আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 30th July 2024
আজিৰ দিনটোৰ ৰাশিফল (ETV Bharat)
author img

By ETV Bharat Features Team

Published : July 30, 2024 at 12:56 AM IST

3 Min Read
Choose ETV Bharat

মেষ ৰাশি : ক্ৰোধক নিয়ন্ত্ৰণ কৰক ৷ পৰিয়ালবৰ্গৰ লগত বিবাদ আৰু তৰ্ক হ’ব ৷ মনটো অশান্ত হৈ থাকিব ৷ অধৈৰ্য হৈ থাকিব ৷ বৌদ্ধিক আলোচনা আৰু তৰ্কযুদ্ধত অংশগ্ৰহণ কৰাৰ পৰা আঁতৰত থাকিব ৷ ব্যয় বৃদ্ধি ৷ ভ্ৰমণ স্থগিত ৰাখক ৷

বৃষ ৰাশি: দিনটোৰ আৰম্ভণি খুব ভাল হ’ব ৷ কৰ্মস্থলীত সফল হ’ব ৷ খং দমন কৰি থাকিব ৷ খ্যাতি দ্ৰুতভাৱে বৃদ্ধিত হ’ব ৷ নিৰাশা আৰু উদ্বেগ সৃষ্টি হ’ব ৷

মিথুন ৰাশি: শান্ত আৰু সংযমিতৰূপে ৰাখক ৷ দিনটোৰ আৰম্ভণিতে উদ্বিগ্ন কৰি তুলিব পাৰে ৷ ব্যয় বৃদ্ধি ৷ গ্ৰহ-নক্ষত্ৰসমূহে শিক্ষাৰ্থীৰ বাবে প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব পাৰে, সফলতা লাভ ৷ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ আৰ্থিক লাভ হ’ব ৷

কৰ্কট ৰাশি: ক্ৰোধক নিয়ন্ত্ৰণত ৰাখিব ৷ মানসিক আৰু শাৰীৰিক অৱস্থা অতি উন্নত হ‘ব ৷ মন, শৰীৰ ভালে থাকিব ৷ নেতিবাচকতা চিন্তাই আগুৰি ধৰিব ৷

সিংহ ৰাশি: গণেশৰ কৃপা দৃষ্টি লাভ কৰিব ৷ কথা কওতে সাৱধান হ’ব ৷ কাজিয়া হ’ব ৷ স্বাস্থ্যৰ প্ৰতি চকু দিয়ক ৷ যুক্তিসংগত আৰু শান্ত কথা ক’ব ৷ প্ৰিয়জনৰ মাজৰ বান্ধোন অধিক শক্তিশালী হ’ব ৷

কন্যা ৰাশি: লাভ বৃদ্ধি ৷ দিনটো ভালদৰেই আৰম্ভ হ’ব ৷ বন্ধুবৰ্গ আৰু পৰিয়ালবৰ্গৰ লগত ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ সিদ্ধান্ত লওতে অলপ খেলিমেলি হ’ব পাৰে ৷ মানসিক চিন্তাই আগুৰি ধৰিব ৷ ভুল বুজাবুজি আৰু বিবাদৰ পৰা আঁতৰি থাকিব । স্বাস্থ্যৰ অৱনতি হ’ব পাৰে; যত্ন ৰাখিব ৷

তুলা ৰাশি: শুভ দিন ৷ পেচাগত দিশত সফল হ’ব ৷ পদোন্নতি বা বেতন বৃদ্ধি হ’ব পাৰে ৷ পৰিয়ালৰ সদস্যসকলৰ লগত ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ বিবাহৰ বাবে উপযুক্ত সময় ৷ স্বাস্থ্যবান হৈ থাকিব ৷

বৃশ্চিক ৰাশি: ভগৱানৰ কৃপা দৃষ্টি লাভ কৰিব ৷ গ্ৰহ-নক্ষত্ৰৰ পৰা আশীৰ্বাদ লাভ কৰিব ৷ বেতন বৃদ্ধি, পদোন্নতি, বিদেশভ্ৰমণ, ভাল স্বাস্থ্য, আমোদ-প্ৰমোদ, আৰু সৌভাগ্য লাভ হ’ব ৷ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷

ধনু ৰাশি: দিনটো উন্নত হ’ব ৷ নিৰাশা, ক্ৰোধ, হতাশা বা এলাহৰ নকৰিব; আশাবাদী হওক আৰু আগবাঢ়ি যাওক ৷ যুক্তিতৰ্ক আৰু কাজিয়া কৰা লোকৰ পৰা আঁতৰি থাকিব ৷ মধ্যাহ্নৰ পিছত, ঘৰুৱা পৰিৱেশ উন্নত হ’ব ৷ নেতিবাচকতা চিন্তাৰ পৰা বিৰতি পাবৰ বাবে প্ৰাৰ্থনা, ধ্যান আৰু যোগাসনৰ অভ্যাস কৰক ৷

মকৰ ৰাশি: মিশ্ৰিত দিন ৷ পেচাগত দিশত লাভৱান হ’ব ৷ বন্ধু আৰু পৰিয়ালবৰ্গৰ লগত ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ মানসিক আৰু শাৰীৰিক সুস্থতা নিম্নগামী হ’ব ৷ শান্ত হৈ থাকিব ৷ নেতিবাচক চিন্তাই উদিগ্ন কৰি তুলিব পাৰে ৷

কুম্ভ ৰাশি: আৰ্থিক আৰু পেচাগত লাভ বৃদ্ধি ৷ দিন ফলপ্ৰসূ হ’ব; বেতন বৃদ্ধি আৰু পদোন্নতিৰ আশা কৰিব পাৰি ৷ স্বাস্থ্য ভালে থাকিব ৷ বন্ধু আৰু পৰিয়ালবৰ্গৰ লগত ভ্ৰমণলৈ যাব পাৰে ৷

মীন ৰাশি: দিনটো মধ্যমীয়া হ’ব ৷ মানসিক অস্থিৰতা, উদ্বেগ আৰু ক্লান্তি অনুভৱ কৰিব ৷ ধ্যান কৰা বা যোগাসন কৰিবলগা হ’ব পাৰে ৷ আকস্মিক ব্যয় হব পাৰে; ধন সাজু ৰাখিব ৷ স্বাস্থ্য বৰ ভালে নাযাব ৷ পেচাগত দিশত উন্নতি লাভ কৰিব ৷

লগতে পঢ়ক: বহু জাতক-জাতিকাৰ জীৱনলৈ পৰিৱৰ্তন আহিব এই সপ্তাহত : প্ৰেম বিবাহৰ যোগ; জানক আপোনাৰ বিষয়ে - Weekly Horoscope