ETV Bharat / health

ভাৰতত ক'ভিড-১৯ পৰিস্থিতি নিয়ন্ত্ৰণাধীন - COVID19 UNDER CONTROL IN INDIA

ছিংগাপুৰ আৰু হংকঙত বৃদ্ধি পাইছে ক'ভিড-১৯ ত আক্ৰান্তৰ সংখ্য়া ।

Covid-19 cases in Singapore and Hong Kong
ছিংগাপুৰ আৰু হংকঙত বৃদ্ধি ক'ভিড-১৯ ত আক্ৰান্ত (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : May 20, 2025 at 10:04 AM IST

2 Min Read

নতুন দিল্লী: বিগত কেইবা সপ্তাহত ছিংগাপুৰ আৰু হংকঙত বৃদ্ধি পাইছে ক'ভিড-১৯ ত আক্ৰান্তৰ সংখ্য়া । এই খবৰ বিয়পি পৰাৰ পিছতেই সতৰ্ক হৈছে ভাৰত । সোমবাৰে সংশ্লিষ্ট কৰ্তৃপক্ষই উল্লেখ কৰিছে যে দেশত বৰ্তমান ক'ভিড-১৯ পৰিস্থিতি নিয়ন্ত্ৰণাধীন হৈ আছে । ছিংগাপুৰ আৰু হংকঙত ক'ভিড-১৯ত আক্ৰান্তৰ সংখ্য়া বৃদ্ধি পোৱাৰ বাতৰি লাভ কৰা পিছতেই ৰাষ্ট্ৰীয় ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰ (NCDC), ইমাৰ্জেঞ্চী মেডিকেল ৰিলিফ (EMR) বিভাগ, দুৰ্যোগ ব্যৱস্থাপনা কোষ, ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ (ICMR) আৰু কেন্দ্রীয় চৰকাৰী চিকিৎসালয়ৰ বিশেষজ্ঞসকলে এক পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে । এই বৈঠকখন স্বাস্থ্য সেৱাৰ সঞ্চালক প্ৰধানৰ (DGHS)ৰ সভাপতিত্বত অনুষ্ঠিত হয় ।

এগৰাকী শীৰ্ষ বিষয়াই ই টিভি ভাৰতক কয়, "সভাত ভাৰতত বৰ্তমানৰ ক'ভিড-১৯ পৰিস্থিতি নিয়ন্ত্ৰণৰ অধীনত আছে বুলি উল্লেখ কৰা হৈছে । ২০২৫ চনৰ ১৯ মে'ৰ পৰা ভাৰতত সক্ৰিয় ক'ভিড-১৯ত আক্ৰান্তৰ সংখ্যা 257 গৰাকী । এই সংখ্য়া দেশৰ বৃহৎ জনসংখ্যাৰ পৰিপ্ৰেক্ষিতত তেনেই নগন্য় ।" এই সকলোবোৰ আক্ৰান্তৰ বেছিভাগেই জটিল নহয় । ৰোগীক চিকিৎসায়ত ভৰ্তি কৰাৰো আৱশ্যক নহয় ।"

তেওঁ লগতে আৰু কয়, "সম্প্ৰতি ছিংগাপুৰ আৰু হংকঙত ক'ভিড-১৯ত আক্ৰান্তৰ সংখ্য়া বৃদ্ধি পোৱা বুলি তথ্য় প্ৰকাশ পাইছে । প্ৰাৰম্ভিক তথ্য় অনুসৰি আক্ৰান্তসকলৰ অৱস্থা জটিল নহয় । অস্বাভাৱিক জটিলতা বা মৃত্যুৰ আশংকা নাই । মহানগৰ স্বাস্থ্য মন্ত্ৰালয়ে পৰিস্থিতি নিয়মিতভাৱে পৰ্যবেক্ষণ কৰি আছে আৰু জনস্বাস্থ্য সুৰক্ষাৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিছে ।"

এই সন্দৰ্ভত ক্লিনিকেল প্ৰেক্টিচ কমিটী, আন্তৰ্জাতিক ইমাৰ্জেন্সী মেডিচিন ফেডাৰেশ্যন (IFEM)ৰ বিষয়া ডাঃ তমৰিশ কোলে কয়, "হংকঙত ক'ভিড-১৯ৰ নতুন ভেৰিয়েণ্ট হৈছে Omicron JN.1 ।" ছিংগাপুৰত দুই-তৃতীয়াংশ JN.1 ৰ দুই বংশ, LF.7 আৰু NB.1.8 ত আক্ৰান্ত ।" ডাঃ তমৰিশ কোলে কয় যে ভাৰতৰ পৰিস্থিতি নিয়ন্ত্ৰণত আছে । ক'ভিড-১৯ৰ ক্ষেত্ৰত ভাৰতৰ শক্তিশালী পৰ্যবেক্ষণ ব্যৱস্থা, ইণ্টিগ্ৰেটেড ডিজিজ ছাৰ্ভিলিয়েন্স প্ৰগ্ৰেম (IDSP) আৰু ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিছাৰ্চে (ICMR) সকলো কাম কৰি আছে ।

লগতে পঢ়ক:ক'ভিড-১৯ প্ৰতিষেধকৰ বাবে হোৱা মৃত্যুৰ ক্ষতিপূৰণ নীতি প্ৰণয়ন: সঁহাৰি বিচাৰিছে উচ্চতম ন্যায়ালয়ে - COVID 19 VACCINE

এইবাৰ বাদুলিৰ পৰা নতুন কৰোনা ভাইৰাছ - CORONAVIRUS FROM BATS

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.