ETV Bharat / health

কফ চিৰাপ গ্ৰহণ কৰাৰ পূৰ্বে সাৱধান হওক: মধ্যপ্ৰদেশত কফ চিৰাপে প্ৰাণ কাঢ়িলে ৬টি শিশুৰ

কফ চিৰাপ আমাৰ স্বাস্থ্যৰ পক্ষে হানিকাৰক নেকি ? কি কয় বিশেষজ্ঞই-

Can Cough Syrup Damage Kidneys? Here's What Experts Reveal
কফ চিৰাপ গ্ৰহণ কৰাৰ পূৰ্বে সাৱধান (Getty Images)
author img

By ETV Bharat Health Team

Published : October 4, 2025 at 1:07 PM IST

5 Min Read
Choose ETV Bharat

মধ্যপ্ৰদেশৰ ছিণ্ডৱাৰাত শেহতীয়াকৈ পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ খবৰ ৷ কফ চিৰাপ সেৱনৰ ফলত ছিণ্ডৱাৰাত ৬টি শিশুৰ মৃত্যু হৈছে ৷ শিশুকেইটিৰ মৃত্যুৰ পিছত হোৱা তদন্তত বৃক্ক ক্ষতিগ্ৰস্ত হোৱাৰ ফলত এনে শোকাৱহ ঘটনা হোৱা বুলি জানিব পৰা গৈছে ৷ তদন্তত লগতে শিশুকেইটিয়ে কল্ড্ৰিফ আৰু নেক্সট্ৰ’ছ ডি এছ চিৰাপ সেৱন কৰা বুলিও পোহৰলৈ আহিছিল আৰু ইয়াৰ পিছতে এই কফ চিৰাপসমূহ নিষিদ্ধ কৰা হৈছিল ৷ ছিণ্ডৱাৰাৰ এই ঘটনাৰ পিছতে বহু লোকৰ মনত এক বিশেষ প্ৰশ্ন উত্থাপন হৈছে ৷

কফ চিৰাপে কেনেদৰে বৃক্কৰ ক্ষতি কৰিব পাৰে তথা কফ চিৰাপ শিশুক দিব লাগে নে নালাগে সেই লৈ বহু লোকৰ মনত এতিয়া প্ৰশ্নৰ উদ্ৰেক ঘটিছে ৷ দিল্লীৰ জি টি বি হাস্পতালৰ মেডিচিন বিভাগৰ অধ্যাপক ডাঃ অজিত কুমাৰে এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ মতামত আগবঢ়াইছে ৷ কি কৈছে এই বিশেষজ্ঞ চিকিৎসকগৰাকীয়ে, জানো আহক-

  • কফ চিৰাপে বৃক্কৰ ক্ষতি কৰিব পাৰে নেকি ?

ডাঃ অজিত কুমাৰে কয় যে বৰ্তমান সময়ত অভিভাৱকসকলে প্ৰায়ে শিশুক চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ কফ চিৰাপ দিয়ে ৷ কিন্তু এনে অভ্যাস পৰিহাৰ কৰা উচিত তথা কফ চিৰাপৰ অত্যধিক মাত্ৰা বিপদজনক হ’ব পাৰে বুলি চিকিৎসকগৰাকীয়ে সকীয়াই দিয়ে ৷ কফ চিৰাপত ডাইথাইলিন গ্লাইকল আৰু ইথিলিন গ্লাইকল যোগ কৰা হয় বুলিও তেওঁ কয় ৷

লগতে এই দ্ৰব্যসমূহ কফ চিৰাপ নষ্ট নহ’বলৈ যোগ কৰা হয় যদিও কিছুমান ক্ষেত্ৰত ক্ষতিকাৰক হ’ব পাৰে বুলিও ডাঃ অজিত কুমাৰে আঙুলিয়াই দিয়ে ৷ তেওঁ কয় যে, যদি শিশুৱে অত্যধিক পৰিমাণৰ কফ চিৰাপ খায় তেতিয়া তেওঁলোকৰ শৰীৰত অতিৰিক্ত ডাইথাইলিন গ্লাইকল আৰু ইথিলিন গ্লাইকলৰ সৃষ্টি হ’ব পাৰে, যাৰ ফলত বৃক্কৰ ক্ষতি হ’ব পাৰে ৷

ইয়াৰ ফলত প্ৰস্ৰাৱ অসংযম আৰু পেটৰ বিষ হ’ব পাৰে বুলিও বিশেষজ্ঞগৰাকীয়ে লগতে কয় ৷ দীৰ্ঘদিন ধৰি প্ৰস্ৰাৱৰ সমস্যা থাকিলে বৃক্কত প্ৰত্যক্ষ প্ৰভাৱ পেলায় আৰু বৃক্ক সংক্ৰমিত হৈ সঠিকভাৱে কাম কৰিব নোৱাৰে ৷ অত্যধিক সংক্ৰমণৰ ফলত বৃক্ক বিকল হৈ পৰে আৰু ইয়াৰ ফলত মৃত্যু পৰ্যন্ত হ’ব পাৰে বুলি ডাঃ অজিত কুমাৰে লগতে সতৰ্ক কৰি দিয়ে ৷

দিল্লীৰ মূলচান্দ চিকিৎসালয়ৰ পালমোন’লজী বিভাগৰ ডাঃ ভগৱান মন্ত্ৰীয়ে কয় যে কফ চিৰাপ দুবিধ- এবিধ শুকান কফৰ বাবে আৰু আনবিধ কফযুক্তৰ বাবে ৷ এলাৰ্জীৰ বাবেও কিছুমান চিৰাপ পোৱা যায় ৷ ডাঃ মন্ত্ৰীয়ে চিৰাপ খোৱাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ ল’বলৈ পৰামৰ্শ দিয়ে ৷ তেওঁ লগতে এটি ৬ৰ পৰা ১২ বছৰ বয়সৰ শিশুৱে আধা চামুচ (২.৫৫ মিলিলিটাৰ) কফ চিৰাপ দিনটোত ২-৩ বাৰ খাব পাৰে বুলিও কয় ৷

কিন্তু চিকিৎসকৰ প্ৰেছক্ৰিপচন অবিহনে ২ৰ পৰা ৬ বছৰৰ তলৰ শিশুক কেতিয়াও চিৰাপ নিদিবলৈ তেওঁ সকলোকে আহ্বান জনায় ৷ এই শিশুসকলক কফ চিৰাপ দিলে ক্ষতিকাৰক হ’ব পাৰে বুলিও ডাঃ মন্ত্ৰীয়ে সকীয়াই দিয়ে ৷ সদায় খাদ্য খোৱাৰ পিছত কফ চিৰাপ খাব লাগে আৰু একে সময়তে দুটা পৃথক পৃথক চিৰাপ খোৱাৰ পৰা বিৰত থাকিব লাগে বুলিও তেওঁ লগতে কয় ৷

  • চিকিৎসকৰ পৰামৰ্শ অবিহনে ঔষধ খোৱাটো কিমান গ্ৰহণযোগ্য ?

মধ্যপ্ৰদেশৰ ছিণ্ডৱাৰাত কফ চিৰাপ খাই ছটা শিশুৰ কৰুণ মৃত্যুৰ ঘটনাটোৱে চিকিৎসকৰ প্ৰেছক্ৰিপচন অবিহনে ঔষধ প্ৰয়োগ কৰাটো কিমান বিপদজনক হ’ব পাৰে সেই কথাকেই বুজাইছে, বিশেষকৈ সৰু ল’ৰা-ছোৱালীৰ বাবে । এটি তথ্যত প্ৰকাশিত যে কাহৰ চিৰাপত থকা ডাইথাইলিন গ্লাইকল আৰু ইথিলিন গ্লাইকলৰ দৰে বিষাক্ত উপাদানৰ ফলত বৃক্ক বিকল হৈ শিশুকেইটাৰ মৃত্যু হৈছিল । এই ঘটনাই ঔষধৰ ওপৰত কঠোৰ নিৰীক্ষণ আৰু অভিভাৱকৰ সজাগতা দুয়োটাৰে প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে ।

এই সন্দৰ্ভত ডাঃ অজিত কুমাৰ আৰু ডাঃ ভগৱান মন্ত্ৰীয়ে ব্যক্ত কৰাৰ দৰে কাহৰ চিৰাপ প্ৰতিটো শিশু বা প্ৰতিটো প্ৰকাৰৰ কাহৰ বাবে একে নহয় । ভুল চিৰাপ বাছি লোৱা, অতিমাত্ৰা সেৱন কৰা বা চিকিৎসকৰ কোনো প্ৰেছক্ৰিপচন বা পৰামৰ্শ অবিহনে ফাৰ্মাচীৰ পৰা ক্ৰয় কৰি গ্ৰহণ কৰা কাৰ্যই যিকোনো সংকটজনক অৱস্থাৰ সৃষ্টি কৰিব পাৰে । শিশুৰ দেহত দেখা দিয়া লক্ষণসমূহ সামান্য যেন লগিলেও যিকোনো ঔষধ ব্যৱহাৰ কৰাৰ পূৰ্বে অভিভাৱকে সদায় শিশুৰোগ বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰাটো খুবেই জৰুৰী ।

এই ঘটনাই চৰকাৰ আৰু ঔষধ কোম্পানীসমূহৰ বাবেও এক সতৰ্কবাণী যে নিষিদ্ধ বা ক্ষতিকাৰক ঔষধ বজাৰত প্ৰৱেশ কৰাটো নিশ্চিত কৰিবলৈ কঠোৰ নিৰীক্ষণ আৰু তদাৰকী অতি প্ৰয়োজনীয় । ঔষধ তৈয়াৰ কৰা, ইয়াৰ গুণগত মান পৰীক্ষা আৰু ঔষধ ৰোগীক প্ৰদান কৰাৰ পূৰ্বে বা গ্ৰহণ কৰাৰ পূৰ্বে সেই ঔষধ গ্ৰহণযোগ্য হয় নে নহয় এই সন্দৰ্ভত পৰীক্ষা কৰা ।

শেষত এই কথাই ক’ব পাৰি যে ছিণ্ডৱাৰাৰ ঘটনা কেৱল এক অনাকাংক্ষিত ঘটনাই নহয়, সমগ্ৰ জাতিটোৰ বাবে এক শিক্ষা যে ঔষধ গ্ৰহণ কৰাৰ পূৰ্বে সঠিক পৰামৰ্শ আৰু দায়িত্বৰ সৈতে প্ৰয়োগ কৰিলেহে জীৱন ৰক্ষা কৰিব পাৰি । সজাগতা, সতৰ্কতা, চিকিৎসাৰ পৰামৰ্শ আদিয়েই এনে ঘটনা ৰোধ কৰাৰ একমাত্ৰ প্ৰকৃত উপায় ।

লগতে পঢ়ক

  1. কফ চিৰাপ ক্ৰয় কৰোঁতে হওক সাৱধান! ক্ৰয় কৰাৰ সময়ত মনত ৰাখিব এই কথা - Cough Syrup
  2. Cough Syrup: পিতৃ-মাতৃসকল হৈ যাওক সাৱধান! শিশুৰ বাবে অতি হানিকাৰক কফ চিৰাপ
  3. চৰ্দি-কাহৰ দৰে সাধাৰণ ৰোগত পৰিণত হৈছে হতাশা আৰু উদ্বেগ : ৩ বছৰত আক্ৰান্তৰ সংখ্যা ৬০% বৃদ্ধি - Depression and Anxiety