ETV Bharat / health

পেটৰ চৰ্বি গলোৱাত সহায় কৰিব নাৰিকল পানীয়ে...জানি লওক ইয়াক পান কৰাৰ সঠিক সময় - Weight Loss

Belly Fat Burning Tips: ওজন কমোৱাটো এটা কঠিন কাম ৷ কাৰণ জিমত ঘণ্টাৰ পিছত ঘণ্টা ৱৰ্কআউট কৰি ঘাম বাহিৰ কৰাটো সকলোৰে বাবে সহজ নহয় ৷ কিন্তু এনে ক্ষেত্ৰত এনে এবিধ বিশেষ পানীয় আছে, যি পানীয় বিধে আপোনাৰ ওজন হ্ৰাস কৰাই নহয় বৰঞ্চ গোটেই দিনটো শৰীৰক শক্তি প্ৰদান কৰিব ।

Coconut water can help you lose weight by reducing belly fat. Learn the best time to consume it
পেটৰ চৰ্বি গলোৱাত সহায় কৰিব নাৰিকল পানীয়ে...জানি লওক ইয়াক পান কৰাৰ সঠিক সময় (FREEPIK)
author img

By ETV Bharat Assamese Team

Published : August 3, 2024 at 12:03 PM IST

3 Min Read
Choose ETV Bharat

ওজন বৃদ্ধিৰ সমস্যা বৰ্তমান সময়ত তেনেই এক সাধাৰণ সমস্যা হৈ পৰিছে আৰু ই স্বাস্থ্যৰ বাবেও একেবাৰে ভাল নহয় ৷ কাৰণ ইয়াৰ ফলত উচ্চ কলেষ্টেৰল, ডায়েবেটিছ, উচ্চ বি পি আৰু হাৰ্ট এটেকৰ আশংকা বাঢ়ি যায় ৷ যেতিয়া পেট আৰু কঁকালৰ চাৰিওফালে চৰ্বি জমা হ’বলৈ আৰম্ভ কৰে তেতিয়া শৰীৰৰ সামগ্ৰিক আকৃতি নষ্ট হৈ পৰে ৷ যাৰ বাবে বহু সময়ত লাজ আৰু কম আত্মবিশ্বাসৰ সন্মুখীন হ’বলগীয়া হয় ৷

আমাৰ মাজৰ বেছিভাগেই বলীউডৰ চেলিব্ৰিটিৰ দৰে ফিটনেছ অৰ্জন কৰিব বিচাৰে ৷ কিন্তু ইয়াৰ বাবে প্ৰয়োজন ৱৰ্কআউট তথা সঠিক খাদ্যাভ্যাসৰ ৷ যদি আপুনি নিজৰ ওজন হ্ৰাস কৰিব বিচাৰিছে তেন্তে ৱৰ্কআউটৰ লগতে নাৰিকল পানী খোৱাৰ অভ্যাস কৰক ৷ কাৰণ ই আপোনাৰ শৰীৰৰ ওজন হ্ৰাস কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিব পাৰে ৷ তেন্তে পলম নকৰি আজি ইয়াৰ বিষয়ে জানো আহক -

মানুহৰ বাবে নাৰিকল পানী হৈছে প্ৰকৃতিৰ এক অমূল্য উপহাৰ ৷ এই পানীয়ক আমাৰ শৰীৰৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয় ৷ যদিও গাঁৱৰ পৰা চহৰলৈ সকলোতে নাৰিকল পানী উপলব্ধ ৷ ইয়াক নিয়মিতভাৱে সেৱন কৰিলে ওজন বহু পৰিমাণে হ্ৰাস পাব পাৰে ৷

নাৰিকল পানীত থকা পুষ্টিকৰ উপাদান

বিখ্যাত খাদ্য বিশেষজ্ঞ আয়ুষী যাদৱে কয় যে যদি আমি নাৰিকল পানী খোৱাৰ অভ্যাস গঢ়ি তোলো, তেন্তে আমাৰ শৰীৰে ভিটামিন, খনিজ পদাৰ্থ আৰু প্ৰাকৃতিক এনজাইম লাভ কৰে ৷ যাৰ ফলত শৰীৰে হাইড্ৰেটেড আৰু সতেজ অনুভৱ কৰিব ৷

নাৰিকল পানীয়ে ওজন কেনেকৈ হ্ৰাস কৰে ?

নাৰিকল পানীত প্ৰাকৃতিক চেনি থাকে আৰু ইয়াত কাৰ্বহাইড্ৰেট কম পৰিমাণে পোৱা যায়, যিয়ে বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰে আৰু হজম শক্তি উন্নত কৰে ৷ এবাৰ ইয়াক পান কৰিলে বহু সময়লৈকে আমাৰ পেট পূৰ হৈ থাকে আৰু অতিমাত্ৰা খাদ্য খোৱাৰ পৰা ৰক্ষা পৰে ৷ এনে পৰিস্থিতিত আপোনাৰ ওজন ক্ৰমান্বয়ে হ্ৰাস হ’বলৈ ধৰে ৷

ফলৰ ৰসতকৈ নাৰিকল পানী অধিক উপকাৰী ৷ কাৰণ ইয়াত অধিক খনিজ পদাৰ্থ থাকে ৷ লগতে ইয়াত কোনো কৃত্ৰিম পদাৰ্থও নাথাকে ৷ সেয়ে নাৰিকল পানী আমাৰ বাবে যথেষ্ট উপকাৰী ৷

নাৰিকল পানী কেতিয়া খাব লাগে ?

যদিও নাৰিকল পানী যেতিয়াই পান কৰা হয়, তেতিয়াই ই আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী ৷ অৱশ্যে এই প্ৰাকৃতিক পানীয়বিধ আপুনি পুৱা খালী পেটত খোৱাটোৱেই উত্তম, তেতিয়া ইয়াৰ প্ৰভাৱ গোটেই দিনটোলৈ দেখা যাব আৰু আপুনি সতেজ আৰু শক্তিশালী অনুভৱ কৰিব ৷

লগতে পঢ়ক: গ্ৰীষ্মকালত আপুনি নাৰিকল খায়নে ? - Nutrition Benefits of Coconut