পোনপটীয়াকৈ মগজুত পেলায় প্ৰভাৱ...লক্ষণৰ প্ৰতি গুৰুত্ব নিদিলে এই ভাইৰাছে কাঢ়িব আপোনাৰ প্ৰাণ - Chandipura Virus
Chandipura Virus Outbreak: গুজৰাট আৰু ৰাজস্থানৰ বহু অঞ্চলত সৃষ্টি হৈছে উদ্বেগজনক পৰিস্থিতিৰ । এটা ভাইৰাছে ৰাজ্য দুখনত বহুলোকৰ মাজত এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে ৷ এই ভাইৰাছে প্ৰত্যক্ষভাৱে মগজুত প্ৰভাৱ পেলায় আৰু ই মাৰাত্মকো হ’ব পাৰে । কি এই ভাইৰাছ ? জানো আহক সবিশেষ-

Published : July 16, 2024 at 1:03 PM IST
গুজৰাট আৰু ৰাজস্থানত এনে এটা ভাইৰাছৰ প্ৰাদূৰ্ভাৱ ঘটিছে যিয়ে মানুহৰ খাৱণ-শোৱণ নোহোৱা কৰিছে ৷ ভাইৰাছটোৰ নাম চাণ্ডীপুৰা ৷ এই ভাইৰাছত আক্ৰান্ত একাংশ ৰোগী ধৰা পৰাৰ পাছতে সজাগ হৈ পৰিছে স্বাস্থ্য বিভাগ । এই পৰ্যন্ত গুজৰাটৰ চাৰিখন জিলাত এই ভাইৰাছত আক্ৰান্ত ৯জন ৰোগী ধৰা পৰিছে ৷ ইয়াৰে তিনিজন ৰোগী অন্য ৰাজ্যৰ পৰা অহা । অৱশ্যে গুজৰাটৰ স্বাস্থ্যমন্ত্ৰী ৰুশিকেশ পেটেলে কয় যে, আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই, কিন্তু সতৰ্কতা বজাই ৰখাটো জৰুৰী ।
স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয় যে, চাণ্ডীপুৰা কোনো নতুন ভাইৰাছ নহয় । ১৯৬৫ চনত মহাৰাষ্ট্ৰত ইয়াৰ প্ৰথমগৰাকী ৰোগী ধৰা পৰিছিল আৰু গুজৰাটতো প্ৰতি বছৰে একাংশ ৰোগীৰ ক্ষেত্ৰত ইয়াৰ লক্ষণ দেখা যায় ৷ চাণ্ডীপুৰা ভাইৰাছৰ ফলত জ্বৰ(এনকেফেলাইটিছ) আৰু শৰীৰৰ বিষ আদি লক্ষণে দেখা দিয়ে । এই ভাইৰাছ ভেচিকুলোভাইৰাছ বংশৰ সদস্য আৰু একপ্ৰকাৰে মহ, টিক বা চেণ্ডফ্লাইৰ কামোৰৰ দ্বাৰা বিয়পিব পাৰে ।
ৰোগ বিয়পাৰ কাৰণ আৰু লক্ষণ
স্বাস্থ্যমন্ত্ৰী ৰুশিকেশ পেটেলৰ মতে, এই ৰোগ সংক্ৰমিত চেণ্ডফ্লাইৰ কামোৰৰ দ্বাৰা বিয়পে আৰু প্ৰধানকৈ ৯ মাহৰ পৰা ১৪ বছৰ বয়সৰ শিশুৰ ক্ষেত্ৰত এই ৰোগে দেখা দিয়ে । ইয়াক বেছিকৈ গ্ৰাম্যাঞ্চলত দেখা যায় । ইয়াৰ প্ৰধান লক্ষণসমূহ হ’ল জ্বৰ, বমি, ডায়েৰিয়া আৰু মূৰৰ বিষ । যদি এই লক্ষণসমূহে দেখা দিয়ে তেন্তে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে ।
মৃত্যুৰ সংখ্যা এতিয়াও নিশ্চিত হোৱা নাই
এই পৰ্যন্ত গুজৰাটত চাণ্ডীপুৰা ভাইৰাছত আক্ৰান্ত হৈ ৬টি শিশুৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে যদিও স্বাস্থ্য বিভাগে জনাইছে যে এই মৃত্যু চাণ্ডীপুৰা ভাইৰাছৰ বাবে হোৱা বুলি এতিয়াও নিশ্চিত হোৱা নাই ।
স্বাস্থ্য বিভাগে সতৰ্কতা অৱলম্বন কৰিছে
এই বিষয়ত সম্পূৰ্ণ সতৰ্কতা অৱলম্বন কৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে । এই পৰ্যন্ত ৪০০ৰো অধিক ঘৰ পৰিদৰ্শন কৰা হৈছে আৰু ১৯ হাজাৰৰো অধিক লোকৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে । স্বাস্থ্যমন্ত্ৰীয়ে কয় যে এই ৰোগ সংক্ৰামক নহয় ।
সাৱধানতাই দিব সুৰক্ষা
যদিও চাণ্ডীপুৰা ভাইৰাছ দ্ৰুতগতিত বিয়পা ৰোগ নহয়, তথাপিও ইয়াৰ ফলত হোৱা Brain Feverৰ দৰে জটিলতাই মাৰাত্মক ৰূপ ধাৰণ কৰিব পাৰে । জ্বৰ, বমি বা তীব্ৰ মূৰৰ বিষৰ দৰে লক্ষণ দেখা দিলে পলম নকৰাকৈ চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত ।
লগতে পঢ়ক: মহ মৰা বৈদ্যুতিক যন্ত্ৰই এদিনত আপোনাৰ কিমান বিদ্যুৎ খৰচ কৰে জানেনে ? - Mosquito Machine

