বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী কৰিশ্মা কাপুৰৰ প্ৰাক্তন স্বামী তথা ব্যৱসায়ী খেলুৱৈ সঞ্জয় কাপুৰৰ হাৰ্ট এটেকত ইতিমধ্যে কৰুণ মৃত্যুক সাৱটি লৈছে । ১২ জুন তাৰিখে ইংলেণ্ডত ৫৩ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে ব্যৱসায়ীগৰাকীয়ে । তেওঁৰ মৃত্যুৰ বাবে গোটেই পৰিয়ালটো স্তম্ভিত হৈ পৰিছে ।
সঞ্জয় কাপুৰৰ হঠাৎ মৃত্যুৰ খবৰে কেৱল তেওঁৰ পৰিয়ালেই নহয়, প’ল’ আৰু ক্ৰীড়া জগতখনকো স্তম্ভিত কৰি তুলিছে ৷ যদিও প্ৰাৰম্ভিক খবৰ অনুসৰি প’ল’ মেচৰ সময়ত তেওঁৰ মুখত মৌমাখি সোমাই যোৱাৰ ফলত ডিঙি ফুলি হাৰ্ট এটেক হোৱা বুলি কোৱা হৈছে, তথাপিও এই ঘটনাৰ সঠিক তথ্য আৰু ইয়াৰ পৰিণতিৰ বিষয়ে এতিয়াও স্পষ্ট তথ্য পোহৰলৈ অহা নাই যদিও তেওঁৰ মৃত্যু কৌনিছ চিণ্ড্ৰমৰ ফলত হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে ৷ কিন্তু কি হয় এই কৌনিছ চিণ্ড্ৰম ইয়াৰ বিষয়ে বিতংভাৱে জানিবলৈ আমি দিল্লীৰ জ্যেষ্ঠ হৃদৰোগ বিশেষজ্ঞ ডাঃ আশীষ কুমাৰৰ সৈতে আলোকপাত কৰিছিলো আৰু তেওঁ এই বিষয়ে কি ক’লে জানো আহক-

কি হয় কৌনিছ চিণ্ড্ৰম: এক বিৰল কিন্তু গুৰুতৰ অৱস্থা
কৌনিছ চিণ্ড্ৰম হৈছে এনে এক অৱস্থা য’ত এলাৰ্জি বা অতি সংবেদনশীলতা প্ৰতিক্ৰিয়াৰ ফলত একুইট ক’ৰ’নাৰী চিণ্ড্ৰম (ACS) হয়। ইয়াৰ ফলত এঞ্জাইনা (বুকুৰ বিষ), হাৰ্ট এটেক (মাইকাৰ্ডিয়াল ইনফাৰ্কচন) আৰু ক’ৰ’নাৰী ধমনীত স্পাজম (ভেছ’স্পাজম) হ’ব পাৰে। এই অৱস্থাৰ সৃষ্টি হয় যেতিয়া এলাৰ্জিৰ সময়ত শৰীৰত হিষ্টামিন, লিউকোট্ৰাইন আৰু অন্যান্য ৰাসায়নিক পদাৰ্থ নিৰ্গত হয়, যাৰ ফলত হৃদযন্ত্ৰৰ ধমনীবোৰত প্ৰভাৱ পৰে। আটাইতকৈ বেছি জনাজাত ট্ৰিগাৰ হ’ল এন্টিবায়টিক (২৮%) আৰু পোক-পৰুৱা (২৩%)। ইফালে ইয়াৰ সঠিক অন্তৰ্নিহিত ব্যৱস্থাটো সম্পূৰ্ণৰূপে বুজা হোৱা নাই । কৌনিছ চিণ্ড্ৰমৰ অন্যান্য নামসমূহ হ’ল-

- এলাৰ্জিক মায়োকাৰ্ডিয়াল ইনফাৰ্কচন
- এলাৰ্জিক একুইট ক’ৰ’নাৰী চিণ্ড্ৰম
- ক’ৰ’নাৰী হাইপাৰচেন্সিটিভিটি ডিছঅৰ্ডাৰ
মৌমাখিৰ দংশন বা এলাৰ্জীৰ ফলত কেনেকৈ হাৰ্ট এটেক হয় ?
মৌমাখিৰ দংশন বা আন কোনো এলাৰ্জেন (যেনে কিছুমান ঔষধ, খাদ্য, লেটেক্স)ৰ সংস্পৰ্শলৈ আহিলে শৰীৰত তীব্ৰ এলাৰ্জিৰ প্ৰতিক্ৰিয়া হ’ব পাৰে ।
হৃদযন্ত্ৰৰ ক্ষেত্ৰত Kounis syndromeৰ লক্ষণসমূহ কি কি ?
কৌনিছ চিণ্ড্ৰমত এলাৰ্জি আৰু হৃদযন্ত্ৰৰ লগত জড়িত লক্ষণসমূহ একেলগে দেখা দিব পাৰে, যেনে:
- বুকুৰ তীব্ৰ বিষ বা গধুৰ হোৱা
- উশাহ লোৱাত অসুবিধা
- ছালত ফোঁহা, খজুৱতি বা ফুলি উঠা
- ৰক্তচাপ কমি যোৱা বা মূৰ ঘূৰণি
- ইচিজিত এছটি বৃদ্ধি (হাৰ্ট এটেকৰ দৰে ৰিপৰ্ট)
- ট্ৰপনিনৰ মাত্ৰা বৃদ্ধি (হৃদযন্ত্ৰৰ পেশীৰ ক্ষতিৰ ইংগিত)
মৌমাখিৰ দংশনৰ ফলত হাৰ্ট এটেক: সম্ভৱনে ?

মৌমাখিৰ দংশনৰ ফলত হৃদৰোগৰ ঘটনা সংঘটিত হোৱাটো খুবেই বিৰল কিন্তু সম্ভাৱ্য ঘটনা হ’ব পাৰে ৷ এই অৱস্থাটোক ‘কৌনিছ চিণ্ড্ৰম’ বুলি কোৱা হয়, যিটো এলাৰ্জিৰ ফলত হোৱা আৰু হৃদযন্ত্ৰৰ ধমনী প্ৰদাহ বা সংকুচিত হৈ হাৰ্ট এটেক হ’ব পাৰে ৷ বিশেষকৈ যিসকল ব্যক্তিৰ পূৰ্বতে হৃদযন্ত্ৰৰ কোনো সমস্যা নাই, তেওঁলোকৰ ক্ষেত্ৰত এই অৱস্থা দেখা যায় ৷ অৱশ্যে সঞ্জয় কাপুৰৰ ঘটনাৰ ক্ষেত্ৰত এই ধৰণৰ অৱস্থা নিশ্চিত কৰিবলৈ অধিক চিকিৎসা তথ্যৰ প্ৰয়োজন ৷ মৌমাখিৰ দংশনৰ ফলত এনাফিলেক্সিছৰ ৰূপত গুৰুতৰ এলাৰ্জিৰ প্ৰতিক্ৰিয়া হ’ব পাৰে । এই প্ৰতিক্ৰিয়াৰ ফলত জীৱন সংকটজনক হ’ব পাৰে আৰু ইয়াৰ ফলত ৰক্তচাপ দ্ৰুতগতিত হ্ৰাস পায়, উশাহ-নিশাহ লোৱাত অসুবিধা হয়, আনকি হৃদযন্ত্ৰৰ বিকলতাও হ’ব পাৰে । যদিও কৌনিছ চিনড্ৰম যথেষ্ট বিৰল, তথাপিও ই মাৰাত্মক হ’ব পাৰে । যদি কাৰোবাৰ মৌমাখিৰ দংশন, ঔষধ বা পেটলৈ যোৱাৰ এলাৰ্জী হয় আৰু লগতে বুকুৰ বিষ হয়, তেন্তে ইয়াক আওকাণ কৰাটো একেবাৰেই উচিত নহয় । তৎক্ষণাত চিকিৎসকৰ সহায় লোৱাটো জৰুৰী ।

সঞ্জয় কাপুৰৰ চিকিৎসাৰ অৱস্থা: আমি কোনো সিদ্ধান্তত উপনীত হ'ব পাৰোনে ?
সঞ্জয় কাপুৰৰ মৃত্যুৰ কাৰণ সন্দৰ্ভত বিভিন্ন প্ৰতিবেদনত তাৰতম্য দেখা গৈছে ৷ কিছু খবৰত কোৱা হৈছে যে প’ল’ খেলৰ সময়ত তেওঁ মৌমাখি মুখৰ ভিতৰত গৈছিল, যাৰ ফলত ডিঙিৰ ভিতৰ অংশ ফুলি উঠিছিল আৰু ইয়াৰ ফলত তেওঁৰ হাৰ্ট এটেক হৈছিল ৷ অন্য খবৰ অনুসৰি প’ল’ খেলৰ সময়ত হাৰ্ট এটেকৰ বাবে হঠাৎ ঢলি পৰে আৰু পিছত মৃত্যু হয় ৷ সেয়েহে তেওঁৰ মৃত্যুৰ সঠিক কাৰণ নিশ্চিত কৰিবলৈ অধিক তথ্যৰ প্ৰয়োজন (Medical cause behind Sunjay Kapur's death)৷

সামৰণি
সঞ্জয় কাপুৰৰ উদ্যোগ আৰু ক্ৰীড়া দুয়োটা দিশতে সক্ৰিয় জীৱন আছিল । তেওঁ প’ল’ৰ প্ৰতি নিজৰ তীব্ৰ আগ্ৰহ আৰু নিষ্ঠা দেখুৱাইছিল, আৰু তেওঁৰ দল ‘অৰেয়াছ প’লো’ৰ পৃষ্ঠপোষক আছিল । শেহতীয়াকৈ তেওঁৰ দলটোৱে ‘প্ৰিন্স অৱ ৱেলছ ট্ৰফী’ৰ দৰে সন্মানীয় প্ৰতিযোগিতাত সফলতা লাভ কৰিছিল ।
On to the quarter-finals of the Queens Cup! 💪🏻💪🏻💪🏻
— Sunjay Kapur (@sunjaykapur) June 4, 2025
Aureus Polo🇮🇳 vs. Suján Indian Tigers🐅
A super thrilling match that went into extra time. We clinched it with a golden goal, final score 13–12 in a nail-biting finish.💥#QueensCup #Polo #AureusPolo #Teamwork #Sport… pic.twitter.com/ZnX4fV85YI
খবৰ অনুসৰি, ইংলেণ্ডত অনুষ্ঠিত প’ল’ খেলৰ সময়ত সঞ্জয় কাপুৰে খেলখনত অংশ লৈছিল । খেলৰ মাজতে মৌমাখি এটাই তেওঁৰ মুখত প্ৰৱেশ কৰাত তেওঁ পোকটোক গিলি পেলালে । ইয়াৰ ফলত তেওঁৰ ডিঙি ফুলি উঠে, যাৰ ফলত বতাহৰ নলী বন্ধ হৈ হাৰ্ট এটেক হয় । যদিও তাৎক্ষণিক চিকিৎসা সাহায্য প্ৰদান কৰা হৈছিল, তেওঁক বচোৱাৰ অনেক প্ৰচেষ্টা চলোৱা হৈছিল যদিও চিকিৎসকে তেওঁক বচাবলৈ সক্ষম নহ’ল ।
Terrible news of the tragic Air India crash in Ahmedabad. My thoughts and prayers are with all the families affected. May they find strength in this difficult hour. 🙏 #planecrash
— Sunjay Kapur (@sunjaykapur) June 12, 2025
প্ৰাৰম্ভিক খবৰ অনুসৰি প’ল’ মেচৰ সময়ত তেওঁ মৌমাখি গিলি ডিঙিত ফুলি হাৰ্ট এটেক হোৱা বুলি প্ৰকাশ পাইছিল যদিও ঘটনাটোৰ সঠিক চিকিৎসাজনিত অৱস্থা আৰু ইয়াৰ পৰিণতিৰ বিষয়ে স্পষ্ট তথ্য এতিয়াও উপলব্ধ হোৱা নাই ৷ সেয়েহে তেওঁৰ মৃত্যুৰ কাৰণ নিশ্চিত কৰিবলৈ অধিক তথ্যৰ প্ৰয়োজন ৷ ইফালে, সঞ্জয় কাপুৰৰ আকস্মিক মৃত্যুত তেওঁৰ পৰিয়াল আৰু প’ল’ সমাজে গভীৰ শোক প্ৰকাশ কৰিছে ৷
উৎস:-https://pmc.ncbi.nlm.nih.gov/articles/PMC6791094/
https://pmc.ncbi.nlm.nih.gov/articles/PMC4900351/
লগতে পঢ়ক