ETV Bharat / health

কোনবোৰ কাৰণত অগ্নিদগ্ধ হোৱাৰ আশংকা বেছি ? অগ্নিদগ্ধ হ'লে কেনেধৰণৰ খাদ্য গ্ৰহণ কৰিব লাগে ?

জুয়ে পুৰাৰ কাৰণ সমূহ কি কি, কোনবোৰ লোক বেছিকৈ অগ্নিদগ্ধ হয়, অগ্নিদগ্ধ হ'লে কেনেধৰণৰ খাদ্য গ্ৰহণ কৰিব লাগে, জনালে জ্যেষ্ঠ চিকিৎসক ডাঃ ভূপেন্দ্ৰ প্ৰসাদ শৰ্মাই

BURN RISK FACTORS
কোনবোৰ কাৰণত অগ্নিদগ্ধ হোৱাৰ আশংকা বেছি ? অগ্নিদগ্ধ হ'লে কেনেধৰণৰ খাদ্য গ্ৰহণ কৰিব লাগে ? (ETV Bharat Assam)
author img

By ETV Bharat Health Team

Published : May 24, 2025 at 1:32 PM IST

3 Min Read
Choose ETV Bharat

বৰ্তমান সময়ত জুয়ে পোৰা বা অগ্নিদগ্ধ হোৱা এই সমূহ ঘটনা প্ৰায়ে শুনিবলৈ পোৱা যায় ৷ জুয়ে পোৰা দুৰ্ঘটনা এটা অতি ভয়াৱহ দুৰ্ঘটনা ৷ জুয়ে কেৱল ব্যক্তিএগৰাকীৰ বাহিৰৰ অংশই যে পুৰে সেইটো নহয়, ইয়াৰ ফলত মানুহৰ ভিতৰত অংগ-প্ৰতংগও অনিষ্ট হয় ৷ সমান্তৰালভাৱে ই এক শৰীৰিক তথা মানসিক আঘাত ৷ অগ্নিদগ্ধৰো আছে নানা প্ৰকাৰ, যেনে : কিছুমানৰ ওপৰে ওপৰে দগ্ধ হয় যাক superficial burn বুলি কোৱা হয়, আনহাতে কিছুমানৰ আকৌ দ কৈ বা গভীৰভাৱে পোৰে হয় যাক Deep Burn বা গভীৰ জ্বলা-পোৰা বুলি কোৱা হয় ৷

ওপৰে ওপৰে যি সমূহ দগ্ধ সেই সমূহ সোনকালে ভাল হৈ যায় যদিও কিছুমান স্থান বেছিকৈ পুৰি যায় তেতিয়া সেইসমূহ ভাল হ'বলৈ অকমান সময় লাগে ৷ Deep Burnত কেতিয়াবা অস্ত্ৰোপচাৰ কৰিব লগীয়াও হয় ৷

জ্যেষ্ঠ চিকিৎসক ডাঃ ভূপেন্দ্ৰ প্ৰসাদ শৰ্মা (ETV Bharat Assam)

জুয়ে পোৰাৰ কাৰণসমূহ কি কি ?

  • জুয়ে পোৰা দুৰ্ঘটনাৰ বিভিন্ন কাৰণ হ'ব পাৰে ৷ ইয়াৰে ভিতৰত-
  • খোলা জুইৰ বাবে এই দুৰ্ঘটনা হ'ব পাৰে ৷
  • গৰম বস্তু যেনে-গৰম পানী, গাখীৰ, দাইল আদিৰ দৰে পানীয়া বস্তু পৰা এনে দুৰ্ঘটনা হ'ব পাৰে ৷
  • কেমিকেলৰ পৰাও এই দুৰ্ঘটনা হ'ব পাৰে ৷
  • বৈদ্যুতিক কাৰণতো এনে দুৰ্ঘটনা সংঘটিত হ'ব পাৰে ৷
  • এইবোৰ কাৰণতে সাধাৰণতে অগ্নিদগ্ধ হোৱা দেখা যায় ৷ আনহাতে প্ৰতিটো কাৰণৰে চিকিৎসাও বেলেগ বেলেগ ধৰণৰ হয় ৷

কোনো সকল লোক বেছিকৈ অগ্নিদগ্ধ হয় ?

এই সন্দৰ্ভত চিকিৎসকগৰাকীয়ে জনায় ৷ অগ্নিদগ্ধ হোৱা সকলৰ ভিতৰত বেছি ভাগে মহিলা আৰু শিশু ৷ মহিলাসকলৰ ক্ষেত্ৰতো বিশেষকৈ কম বয়সীয়া মহিলা সকল বেছিকৈ অগ্নিদগ্ধ হোৱা দেখা যায় ৷ কাৰণ মহিলা সকলে সাধাৰণতে ৰন্ধা-বঢ়া কৰে, খোলা জুইৰ লগত বেছি কাম কৰে সেয়ে তেওঁলোকৰ ক্ষেত্ৰত এনে দুৰ্ঘটনা বেছি হোৱা দেখা যায় ৷

অগ্নিদগ্ধ হ'লে কেনেধৰণৰ খাদ্য গ্ৰহণ কৰিব লাগে ?

বহুসময়ত অগ্নিদগ্ধ হলে বগা দাগ পৰা পৰিলক্ষিত হয় ৷ এনেক্ষেত্ৰত কিছু খাদ্য গ্ৰহণ কৰিব নলাগে বুলি অতীজৰে পৰা শুনি অহা দেখা যায় ৷ এইক্ষেত্ৰত চিকিৎসক গৰাকীয়ে কয়,' পুৰিলে কেতিয়াবা আমাৰ ছালত বগা দাগ পৰা দেখা যায় ৷ বহুতে কণীৰ বাবে এই দাগ পৰা বুলি কোৱা দেখা যায় ৷ কিন্তু এইয়া সত্য নহয় ৷ কণী খোৱাৰ বাবে এই বগা দাগ নহয় ৷ আমি যিসকল ৰোগী বেছিকৈ অগ্নিদগ্ধ হয় তেওঁলোকক ৬-৭ টা কৈ কণী দৈনিক খাবলৈ দিওঁ ৷ বহুতে টেঙা খাবলৈও মানা কৰা দেখা যায় ৷ ঘাঁ হলে টেঙা খাবলৈ বাধা দিয়া দেখা যায় যিটো এটা ভুল ধৰনা কাৰণ টেঙাত ভিটামিন চি থাকে আৰু ভিটামিন চি য়ে ঘাঁ শুকুৱাত হে সহায় কৰে ৷ সেইবাবে আমি যথেষ্ট পৰিমাণে টেঙা খাব লাগে ৷'

জুয়ে পুৰিলে জ্বলা বন্ধাৰ কাৰণ কি ?

জুয়ে পুৰিলে বহুসময়ত জ্বলা বান্ধি যোৱা দেখা হয় ৷ চিকিৎসক মতে যেতিয়া ছালখন ওপৰে ওপৰে পুৰে তেতিয়া জ্বলা বান্ধি উঠা দেখা যায় ৷ সেয়ে জ্বলা বান্ধি উঠিলে ভয় কৰিব নালাগে ৷ আনহাতে যদি পোৰা অংশ পানী ঢালে তেন্তে জ্বলা বান্ধি নুঠে ৷

লগতে পঢ়ক

  1. বৰ্ধিত মানসিক চাপৰ বাবেই অপৰাধ প্ৰৱণতা বৃদ্ধি পাইছে নেকি ? কি ক’লে বিশেষজ্ঞই
  2. ৰুট কেনেলৰ পিছত দাঁতৰ বিশেষ যত্ন লোৱাটো কিয় প্ৰয়োজনীয়
  3. হাড় আৰু মাংসপেশীক সদায় কেনেকৈ সুস্থ ৰাখিব পাৰি ? জানি লওক বিশেষজ্ঞৰ পৰা