ETV Bharat / health

ঋতুস্ৰাৱৰ সময়তো গৰ্ভৱতী হোৱা আশংকা থাকে নেকি ? কি কয় চিকিৎসকে

আজিও মানুহৰ মাজত ঋতুস্ৰাৱ সম্বন্ধে বহু ভুল ধাৰণা আছে, ল'ৰা হওক বা ছোৱালী হওক সকলোৰে এই বিষয়ে সঠিক তথ্য থকাটো জৰুৰী, এইবিষয়ে বিতংভাৱে জানো আহক-

period awareness for boys and girls
ঋতুস্ৰাৱৰ সময়তো গৰ্ভৱতী হোৱা আশংকা থাকে নেকি ? কি কয় চিকিৎসকে (CANVA)
author img

By ETV Bharat Health Team

Published : July 5, 2025 at 7:19 AM IST

4 Min Read
Choose ETV Bharat

ঋতুস্ৰাৱ বা পিৰিয়ড হৈছে এক প্ৰাকৃতিক জৈৱিক প্ৰক্ৰিয়া(Biological Process), যিটো প্ৰায় প্ৰতিগৰাকী মহিলাই প্ৰতিমাহে পাৰ কৰিবলগীয়া হয় ৷ এই সময়ছোৱাত তেওঁলোকে বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়, যাৰ বিষয়ে আজিও বহুতে মুকলিকৈ কথা ক’বলৈ লাজ কৰে ৷ আজিও আমাৰ চৌপাশৰ মানুহৰ মাজত ইয়াৰ বিষয়ে বহুতো ভুল ধাৰণা আৰু উৰাবাতৰি চলি আছে, যাৰ বিষয়ে মানুহে বেছিকৈ আলোচনা কৰা পৰিলক্ষিত নহয় ৷

কেৱল ছোৱালীয়েই নহয়, ল’ৰাবোৰেও ইয়াৰ সৈতে জড়িত কিছুমান কথা জনাটো খুবেই জৰুৰী (period awareness for boys and girls), যাতে তেওঁলোকে কেৱল নাৰীৰ প্ৰয়োজন আৰু সমস্যাক বুজি পোৱাই নহয়, ইজনে আনজনৰ সৈতে এই বিষয়ে মুকলিকৈ কথা পাতিব পাৰে ৷ সেয়ে এই সন্দৰ্ভত ডাঃ মনন বৰাই ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰে ৷

ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰি তেওঁ ঋতুস্ৰাৱৰ সৈতে জড়িত কিছুমান তথ্য জনসাধাৰণৰ সৈতে শ্বেয়াৰ কৰে (menstrual cycle knowledge for everyone), যিবোৰৰ বিষয়ে প্ৰায়ে ভুল তথ্য দিয়া হয় আৰু সেয়েহে সকলোৱে এই বিষয়ে জনাটো গুৰুত্বপূৰ্ণ ৷ এনে কিছুমান কথা জানো আহক-

মাহেকীয়াৰ সময়ত গৰ্ভৱতী হ’ব পাৰেনে ?

হয়, ঋতুস্ৰাৱৰ সময়তো গৰ্ভধাৰণৰ সম্ভাৱনা থাকে ৷ দৰাচলতে শুক্ৰাণু বহু দিন জীয়াই থাকিব পাৰে (৩ৰ পৰা ৫দিনলৈ)আৰু সেয়েহে মাহেকীয়াৰ সময়ত গৰ্ভধাৰণৰ সম্ভাৱনা কম হয়, কিন্তু ইয়াক অস্বীকাৰ কৰিব নোৱাৰি ৷

অমিতা খালে ঋতুস্ৰাৱ সোনকালে হয় নেকি ?

নাই, এইটো এটা ভুল ধাৰণা ৷ চিকিৎসকগৰাকীৰ মতে, ইয়াৰ কোনো বৈজ্ঞানিক প্ৰমাণ পোৱা নাই ৷ ই আপোনাৰ হজম শক্তি উন্নত কৰিব পাৰে, কিন্তু ইয়াৰ মাহেকীয়াৰ হোৱা নোহোৱাৰ সৈতে কোনো সম্পৰ্ক নাই ৷

শীতল পানীয়ই ঋতুস্ৰাৱ বন্ধ কৰিব পাৰেনে ?

চিকিৎসকগৰাকীয়ে কয় যে, এইটো সম্পূৰ্ণ ভুল তথ্য ৷ কোনো উষ্ণতা বা পানীয়ই আপোনাৰ ঋতুস্ৰাৱৰ চক্ৰ নিয়ন্ত্ৰণ কৰিব নোৱাৰে ৷

ঋতুস্ৰাৱ নোহোৱাৰ অৰ্থ সদায় গৰ্ভৱতী হোৱাটোৱেই বুজাই নেকি ?

এইটোৱেই আটাইতকৈ সাধাৰণ প্ৰশ্ন আৰু ইয়াৰ বিষয়ে এটা সাধাৰণ বিশ্বাস ৷ অৱশ্যে মানুহৰ এই তথ্যও বহুলাংশে ভুল ৷ গৰ্ভাৱস্থাৰ বাহিৰেও মাহেকীয়া নোহোৱাৰ আঁৰত আন বহুতো কাৰণ থাকিব পাৰে ৷ মানসিক চাপ, থাইৰয়ড, পিচিঅ’এছ আৰু ওজনৰ সমস্যাৰ বাবেও এনে হ’ব পাৰে ৷

ঋতুস্ৰাৱৰ সময়ত আচাৰ বা টেঙা বস্তু খাব নালাগে নেকি ?

ই ঋতুস্ৰাৱৰ সৈতে জড়িত এনে এটি কথা, যিটো প্ৰায় প্ৰতিগৰাকী ছোৱালীয়ে নিশ্চয় আইতাক বা মাকৰ পৰা শুনিছে ৷ অৱশ্যে এইটোও ভুল ৷ চিকিৎসকৰ মতে, আপোনাৰ ঋতুস্ৰাৱৰ ফ্ল’ৰ সৈতে খাদ্যৰ কোনো প্ৰভাৱ নপৰে ৷

মাহেকীয়াৰ সময়ত গা ধোৱা বা চুলি ধোৱা ক্ষতিকাৰক নেকি ?

চিকিৎসকে কয় যে, এইটো একেবাৰেই ভুল কথা, বৰঞ্চ ঋতুস্ৰাৱৰ সময়ত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ (period hygiene tips) যত্ন লোৱাটো গুৰুত্বপূৰ্ণ ৷ ইয়াৰ ফলত ক্ৰেম্প বা বিষত সকাহ লাভ কৰাই নহয় লগতে সংক্ৰমণৰ সম্ভাৱনাও হ্ৰাস পায় ৷

চেনিটেৰী পেডে কেন্সাৰৰ সৃষ্টি কৰিব পাৰেনে ?

ডাঃ মননৰ মতে, এনে নহয় যদিও সময়ে সময়ে পেড সলনি নকৰিলে ফোহা আৰু সংক্ৰমণ নিশ্চিতভাৱে হ’ব পাৰে ৷ গতিকে ৪ৰ পৰা ৫ ঘণ্টাৰ ভিতৰত পেড সলনি কৰিব লাগে ৷

ঋতুস্ৰাৱৰ সময়ত ব্যায়াম কৰিলে কিবা ক্ষতি হয় নেকি ?

কোনোপধ্যে নহয় ৷ চিকিৎসকৰ মতে, ঋতুস্ৰাৱৰ সময়ত শাৰীৰিকভাৱে সক্ৰিয় হৈ থকাটোৱে ক্ৰেম্প বা বিষ কমোৱাত সহায় কৰে আৰু লগতে মেজাজো উন্নত কৰে ৷

মনত ৰাখিব, পিৰিয়ড (ঋতুস্ৰাৱ) কেৱল ছোৱালী বা মহিলাৰ সৈতে জড়িত বিষয়েই নহয়, বৰঞ্চ ই এক জৈৱিক প্ৰক্ৰিয়া যিটো সমাজৰ প্ৰতিজন ব্যক্তিয়ে বুজাটো গুৰুত্বপূৰ্ণ - সেয়া ল'ৰা হওক বা ছোৱালী হওক । যেতিয়া আমি ল’ৰাকো ঋতুস্ৰাৱৰ বিষয়ে সঠিক তথ্য দিওঁ তেতিয়া আমি এখন সংবেদনশীল, বুদ্ধিমান আৰু সৰ্বাংগীন সমাজৰ ভেটি স্থাপন কৰোঁ ।

ঋতুস্ৰাৱৰ প্ৰতি সচেতনতাই ছোৱালীৰ ওপৰত আত্মবিশ্বাস বৃদ্ধি কৰে আৰু লাজ বা দ্বিধা হ্ৰাস কৰে, আনহাতে ল’ৰাৰ সহানুভূতি আৰু সমৰ্থনৰ ভাৱ গঢ় লৈ উঠে । ইয়াৰ ফলত বিদ্যালয়, পৰিয়াল আৰু সমাজত এক সুস্থ পৰিৱেশৰ সৃষ্টি হয় । ঋতুস্ৰাৱৰ সৈতে জড়িত ভুল ধাৰণা আৰু লাজবোৰ আঁতৰাই উভয় লিংগক সমানে শিক্ষিত কৰোঁ আহক যাতে প্ৰতিটো শিশুৱে তথ্যসহকাৰে ডাঙৰ হৈ সংবেদনশীল নাগৰিক হিচাপে নিজকে গঢ় দিব পাৰে ।

লগতে পঢ়ক

  1. ঋতুস্ৰাৱৰ সময়ত পেডৰ সলনি ব্যৱহাৰ কৰক এইসমূহ সামগ্ৰী, কাপোৰত দাগ নলগাৰ লগতে ৰাহি হ’ব ধন
  2. ঋতুস্ৰাৱৰ অসহ্যকৰ বিষৰ পৰা সকাহ দিয়াত লাভদায়ক এই বীজ
  3. মহিলাৰ দৰে পুৰুষৰো ঋতুস্ৰাৱ হয় নেকি ? কি কয় বিশেষজ্ঞই