... তেন্তে এইটো হৈছে ডেংগুৰ আটাইতকৈ মাৰাত্মক লক্ষণ: জানি লওক প্ৰতিৰোধৰ ব্যৱস্থা - Plasma Leakage
Plasma Leakage: কিছুদিনৰ পৰা হায়দৰাবাদত ডেংগু আক্ৰান্ত ৰোগীৰ সংখ্য়া দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে । শেহতীয়াকৈ হায়দৰাবাদত ডেংগুৰ ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে চিকিৎসা বিশেষজ্ঞসকলে প্লাজমা লিকেজৰ বিপদৰ বিষয়েও সকীয়াই দিয়ে, যিটো প্লেটলেট হ্ৰাস হোৱাতকৈও অধিক বিপজ্জনক বুলি বিবেচিত হৈছে ।

Published : August 28, 2024 at 1:16 PM IST
বাৰিষাৰ সময়ত ৰোগ তথা সংক্ৰমণৰ আশংকাও দ্ৰুতগতিত বৃদ্ধি পাবলৈ আৰম্ভ কৰে । এনে পৰিস্থিতিত চিকুংগুণিয়া, ডেংগু আৰু ভাইৰেল জ্বৰৰ ৰোগীৰ সংখ্যা দিনক দিনে বাঢ়িবলৈ আৰম্ভ কৰিছে ।
শেহতীয়াকৈ হায়দৰাবাদত ডেংগুৰ ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে চিকিৎসা বিশেষজ্ঞসকলে প্লাজমা লিকেজৰ বিপদৰ বিষয়ে সকীয়াই দিয়ে, যিটো প্লেটলেট হ্ৰাসতকৈও অধিক বিপজ্জনক বুলি বিবেচিত হৈছে । গান্ধী, ওছমানিয়া, নিলোফৰ আৰু ফিভাৰ হাস্পতালৰ দৰে চিকিৎসালয়ত ডেংগু ৰোগীৰ আগমন ঘটিছে, যাৰ ফলত এই গুৰুতৰ জটিলতাৰ ওপৰত পুনৰ গুৰুত্ব দিয়া হৈছে ।
প্লাজমা লিকেজ মানে কি ?
প্লাজমা লিকেজ ডেংগুৰ আটাইতকৈ স্পষ্ট আৰু মাৰাত্মক লক্ষণ, যিটো ৰোগৰ ৩ৰ পৰা ৭ দিনৰ ভিতৰত দেখা দিয়ে । ডেংগু ভাইৰাছে ৰক্তবাহী নলীৰ ভিতৰৰ আৱৰণ অৰ্থাৎ এণ্ডোথেলিয়ামত প্ৰদাহ সৃষ্টি কৰিব পাৰে । এই প্ৰদাহে ৰক্তবাহী নলীৰ বেৰত ফাঁক সৃষ্টি কৰে, যাৰ বাবে ই চাৰিওফালৰ কলাবোৰলৈ বিয়পিবলৈ আৰম্ভ কৰে । বিশেষজ্ঞসকলৰ মতে ইয়াৰ ফলত ৰক্তচাপো বৃদ্ধি পায় । যাৰ বাবেই আন স্বাস্থ্য সম্পৰ্কীয় সমস্যা আৰম্ভ হয় । কিছুমান ব্যক্তিৰ ডেংগুৰ সংক্ৰমণৰ শীঘ্ৰেই হোৱাৰ ফলত প্লাজমা লিকেজ এক উল্লেখযোগ্য কাৰক ।
মন কৰিবলগীয়া লক্ষণসমূহ হ’ল যদি পেটত তীব্ৰ বিষ হয়, অবিৰতভাৱে বমি হয়, ভৰি আৰু চকুৰ চাৰিওফালে প্ৰদাহ, হেমাট’ক্ৰাইটৰ মাত্ৰা বৃদ্ধি (তেজত ৰক্তকণিকাৰ অনুপাতৰ পৰিমাপ), ৰক্তচাপ বৃদ্ধি, অধিক ঠাণ্ডা অনুভৱ হোৱা, বমি আৰু হৃদস্পন্দন জড়িত সমস্যাৰ সৃষ্টি হ’ব পাৰে । এই লক্ষণসমূহে প্লাজমা লিকেজ আৰম্ভ হোৱাৰ ইংগিত দিয়ে, বুকুৰ এক্স-ৰে-ৰেডিঅ’গ্ৰাফীৰ লগতে বুকু আৰু পেটৰ আল্ট্ৰাছাউণ্ড কৰি প্লাজমাৰ লিকেজ হৈছে নে নাই ধৰা পেলাব পাৰি । কিন্তু সময় থাকোতে যদি ইয়াৰ চিকিৎসা কৰা নহয় তেন্তে এই অৱস্থা হেমৰেজিক শ্বক চিনড্ৰমলৈ পৰিণত হ’ব পাৰে, যিটো ৰোগীৰ বাীবে মাৰাত্মক হ’ব পাৰে ।
বিশেষজ্ঞৰ পৰামৰ্শ
জ্যেষ্ঠ চিকিৎসক ডাঃ ৰাজা ৰাৱে এই ক্ষেত্ৰত সকলোৱে সতৰ্কতাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ বাবে উপদেশ প্ৰদান কৰে । “ডেংগু ধৰা পৰিলে আতংকিত হোৱাৰ প্ৰয়োজন নাই, কিন্তু অসাৱধানতা জীৱনলৈ ভাবুকি কঢ়িয়াই আনিব পাৰে যদিও ডেংগুৰ বাবে কোনো নিৰ্দিষ্ট ঔষধ নাই, তথাপিও কোনো জুলীয়া পদাৰ্থৰ সৈতে পেৰাচিটামল গ্ৰহণ কৰাৰ লগতে কাঢ়া আদি গ্ৰহণ কৰিব পাৰে ইয়াৰ দ্বাৰা জ্বৰৰ পৰা কিছু সকাহ লাভ কৰিব পাৰি ৷ ডেংগুৰ প্ৰায় ১০% ৰোগীৰ দেহত প্লাজমা লিকেজ হোৱাৰ আশংকা থাকে সেয়ে ওপৰত উল্লেখিত প্লাজমা লিকেজৰ যিকোনো লক্ষণ দেখা দিলেও তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত ৷

