ETV Bharat / health

ব্ৰেকফাষ্টত নিশ্চিন্ত হৈ খাওক এই খাদ্য: বৃদ্ধি নহয় শৰ্কৰাৰ মাত্ৰা...খুব সহজে কৰিব পাৰিব তৈয়াৰ - Breakfast Recipe For Diabetics

Best Breakfast Recipe For Diabetics: সকলোৱে সুস্থ হৈ থাকিবলৈ কোনেনো নিবিচাৰে ? যিসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি অধিক গুৰুত্ব দিয়ে তেওঁলোকে নিজৰ খাদ্যাভ্যাসৰ প্ৰতি খুবেই সচেতন । কাৰণ আজিৰ সময়ত ৰোগত ভুগিবলৈ বেছি সময় নালাগে । সেয়ে আজি আমি এনে এবিধ পুৱাৰ আহাৰৰ বিকল্প লৈ আহিছো, যাক ডায়েবেটিছ থকা লোকেও নিশ্চিন্ত মনে গ্ৰহণ কৰিব পাৰে ৷

Best Breakfast Recipe For Diabetics
ব্ৰেকফাষ্টত নিশ্চিন্ত হৈ খাওক এই খাদ্য: বৃদ্ধি নহয় শৰ্কৰাৰ মাত্ৰা...খুব সহজে কৰিব পাৰিব তৈয়াৰ (CANVA)
author img

By ETV Bharat Health Team

Published : August 10, 2024 at 2:25 PM IST

2 Min Read
Choose ETV Bharat

আজিৰ দ্ৰুতগতিত চলি থকা জীৱনশৈলীৰ বাবে সকলোৰে খাদ্যাভ্যাস সলনি হৈছে । বয়স যিয়েই নহওক কিয়, প্ৰায় বহুলোকেই ডায়েবেটিছ ৰোগত আক্ৰান্ত । এই কাৰণতে চুগাৰ থকা ৰোগীয়ে যিকোনো বস্তু খোৱাৰ আগতে এশবাৰ চিন্তা কৰে যাতে তেওঁলোকৰ দেহত যাতে শৰ্কৰাৰ মাত্ৰা বৃদ্ধি নাপায় ।

শৰ্কৰাৰ মাত্ৰা বজাই ৰাখিবলৈ তেওঁলোকে যিকোনো বস্তু খোৱাৰ পৰা বিৰত থাকে । এনে লোকৰ বাবে আজি আমি কিছুমান বিশেষ ব্ৰেকফাষ্ট বা পুৱাৰ আহাৰৰ ৰেচিপি লৈ আহিছো ৷ যিটো স্বাস্থ্যৰ বাবে অতি উপকাৰী ৷ যাক খালেও শৰ্কৰাৰ মাত্ৰাত কোনো প্ৰভাৱ নপৰে । এই খাদ্য বিধৰ নাম হৈছে চ’য়া দোচা ।

জনাই দিও যে, এই দোচা বনাবলৈ বেছি সময়ৰো প্ৰয়োজন নহয় । ইয়াক অতি সহজে প্ৰস্তুত কৰিব পাৰি । ইয়াৰ উপৰিও ই অতি সোৱাদযুক্ত । এই চ’য়া দোচাত কোনো ধৰণৰ শৰ্কৰা বৃদ্ধি কৰা কোনো পদাৰ্থ নাথাকে !

বিশেষজ্ঞসকলে কয় যে ডায়েবেটিছ ৰোগীয়ে কোনো সমস্যা নোহোৱাকৈ চ’য়াৰ দোচা খাব পাৰে । গতিকে, চ’য়াৰ দোচা বনাবলৈ কি কি উপাদানৰ প্ৰয়োজন ? কেনেকৈ প্ৰস্তুত কৰিব পাৰি ? জানো আহক-

প্ৰয়োজনীয় সামগ্ৰী
চ’য়া গাখীৰ এটা কাপ
ঘেঁহুৰ আটা আধা কাপ
তেল ৰুচি অনুসৰি
নিমখ ৰুচি অনুসৰি
বেকিং চ’ডা এক চিকুট
জিৰা ১ চামুচ
কটা সেউজীয়া জলকীয়া প্ৰয়োজন অনুসৰি
কটা পিঁয়াজ আধা কাপ
ধনীয়াৰ সোৱাদ অনুসৰি প্ৰয়োজন অনুসৰি
তৈয়াৰৰ পদ্ধতি
  1. ইয়াৰ বাবে প্ৰথমে ৰেচিপিত প্ৰয়োজনীয় পিঁয়াজ আৰু সেউজীয়া জলকীয়া মিহিকৈ কাটি এফালে ৰাখি লওক । লগতে ধনীয়া পিচি লওক ।
  2. এতিয়া এটা বাটিত ঘেঁহুৰ আটা আৰু চ’য়াৰ গাখীৰ দি ভালদৰে মিহলাই লওক ।
  3. এইদৰে মিহলাই লোৱাৰ পিছত এটা এটাকৈ কটা পিঁয়াজ, জলকীয়াৰ গুড়ি, বেকিং চ’ডা, জিৰা আৰু নিমখ ৰুচি অনুসৰি দিব ।
  4. তাৰ পিছত মিশ্ৰণখিনিত পৰ্যাপ্ত পৰিমাণৰ পানী দি দোচা বনাবলৈ পাতল মিশ্ৰণ প্ৰস্তুত কৰি লওক ।
  5. ইয়াৰ পিছত মিশ্ৰণখিনি ১৫ মিনিট এফালে ৰাখি তাৰ পিছত দোচাৰ দৰে তৈয়াৰ কৰি লওক ।
  6. এইদৰে প্ৰস্তুত কৰা দোচাৰ সোৱাদ বিলাহীৰ চাটনি, নাৰিকল চাটনি আৰু চাম্বৰৰ সৈতে গৰমা গৰমে পৰিৱেশন কৰক ।
লগতে পঢ়ক: ৰেষ্টুৰেন্টৰ দৰে সোৱাদ পাবলৈ এনেদৰে তৈয়াৰ কৰক পাউ ভাজি মচলা