এক নহয় অনেক শাৰীৰিক সমস্যাৰ সমাধান লুকাই আছে বিটত - Beetroot
Benefits Of Eating Beetroot: বিট হৈছে এবিধ অতি পুষ্টিকৰ পাচলি যাক আমি নিতৌ খোৱা উচিত, আহকচোন ইয়াৰ উপকাৰিতাৰ ওপৰত চকু ফুৰাওঁ

Published : July 30, 2024 at 4:10 PM IST
বিট হৈছে এনে এবিধ পাচলি যি মাটিৰ তলত গজে ৷ সাধাৰণতে ইয়াক চালাড হিচাপে খোৱা হয় ৷ ইয়াৰ ৰস খাবলৈ সোৱাদযুক্ত হোৱাৰ লগতে ইয়াত পুষ্টিকৰ উপাদানৰ অভাৱ নাই, ইয়াত আইৰণ, খাদ্য আঁহ, প্ৰাকৃতিক চেনি, মেগনেছিয়াম, ছডিয়াম আৰু পটাছিয়াম সমৃদ্ধ উৎসও ইয়াত পোৱা যায় ৷ যিয়ে আমাৰ স্বাস্থ্যক সকলো দিশতে উপকৃত হোৱাৰ কাম কৰে ৷
কিন্তু যদি আপুনি দৈনিক খালী পেটত বিট সেৱন কৰে তেন্তে ইয়াৰ প্ৰভাৱ কেইদিনমানৰ ভিতৰতে দেখা যায় ৷ সেয়ে আজি জানো আহক খালী পেটত বিট খোৱাৰ উপকাৰিতা-
১/ প্ৰস্ৰাৱৰ সমস্যা (Urine Infections)
ভাৰতৰ বহু লোকে প্ৰস্ৰাৱৰ সংক্ৰমণৰ সমস্যাৰ সন্মুখীন হয়, যাৰ ফলত মুক্তভাৱে প্ৰস্ৰাৱ কৰিব নোৱাৰা সমস্যা, প্ৰস্ৰাৱত জ্বলা-পোৰা আদি অন্তৰ্ভুক্ত ৷ ইয়াৰ পৰা হাত সাৰিবলৈ পুৱাৰ ভাগত বিটৰ ৰস খালে, ইয়াৰ দ্বাৰা যথেষ্ট সকাহ পাব ৷
২/ পানী জমা হোৱা সমস্যা ৰোধ কৰে (Water Retention)
শৰীৰৰ বেছিভাগ অংশ পানীৰে গঠিত, গতিকে শৰীৰত কেতিয়াও তৰল পদাৰ্থৰ অভাৱ হোৱা উচিত নহয় ৷ কিন্তু যদি আমাৰ শৰীৰত পানী জমা হ’বলৈ আৰম্ভ কৰে তেন্তে ই বিপদৰ কাৰণ হৈ পৰে ৷ যদি আপোনাৰো এনেকুৱা সমস্যা আছে তেন্তে নিশ্চিতভাৱে খালী পেটত বিট খাব ৷
৩/ ওজন কমোৱাত সহায় কৰে (Weight Loss)
যিসকল লোকে ওজন বৃদ্ধি, পেটৰ চৰ্বি আৰু কঁকালৰ চৰ্বি বৃদ্ধিৰ বাবে অসুবিধা অনুভৱ কৰিছে তেওঁলোকে পুৱা বিট খোৱাটো জৰুৰী কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে ডায়েটাৰী ফাইবাৰ থাকে, যাৰ ফলত দীৰ্ঘ সময়লৈকে আমাৰ ভোক অনুভৱ নহয় আৰু অতিমাত্ৰা খাদ্য খোৱাৰ পৰা আমি বিৰত থাকিব পাৰো ৷
৪/ পুষ্টিকৰ পদাৰ্থ শোষণ (Absorption Of Nutrients)
বিট নিজেই পুষ্টিকৰ উপাদানৰে সমৃদ্ধ, বেছিভাগ স্বাস্থ্য বিশেষজ্ঞই পুৱা খালী বিট খাবলৈ পেটত খাবলৈ পৰামৰ্শ দিয়ে কাৰণ এনে কৰিলে পুষ্টিকৰ পদাৰ্থ শোষণ ভাল হয়, যাৰ ফলত শৰীৰত কোনো পুষ্টিকৰ উপাদানৰ অভাৱ(Deficiency Disease) নহয় ৷ বিশেষকৈ ভিটামিন আৰু খনিজ পদাৰ্থ শোষণ সহজ হ’ব পাৰে ৷

