ETV Bharat / health

আপোনাৰ শৰীৰৰ বাবে বিট কিমান উপকাৰী বিশেষজ্ঞৰ পৰাই জানি লওক

বিটত থকা পুষ্টিকৰ উপাদান কেৱল আপোনাৰ স্বাস্থ্যৰ বাবেই নহয় আপোনাৰ ছালৰ পৰা চুলিলৈকে উপকাৰী ৷ সেয়ে আজি এই বিষয়ে বিশেষজ্ঞৰ পৰাই জানি লওক-

Beetroot: A Root Vegetable Packed with Surprising Health Benefits
আপোনাৰ শৰীৰৰ বাবে বিট কিমান উপকাৰী বিশেষজ্ঞৰ পৰাই জানি লওক (ETV Bharat)
author img

By ETV Bharat Health Team

Published : January 22, 2025 at 3:11 PM IST

3 Min Read
Choose ETV Bharat

শীতকালত বিভিন্ন প্ৰকাৰৰ শাক-পাচলিৰে বজাৰ ভৰি পৰে ৷ অসমীয়া থলুৱা খেতিয়কসকলেও এই সময়ছোৱাত শাক-পাচলিৰ খেতি কৰে ৷ উল্লেখ্য় যে, বজাৰত যদিও বিভিন্ন প্ৰকাশৰ শাক-পাচলি উপলব্ধ হয় তথাপিও পুষ্টিৰ অনুসৰি আৰু স্বাস্থ্যৰ ওপৰত নিৰ্ভৰ কৰি খাদ্যৰ তালিকাত শাক-পাচলি ৰাখিব লাগে ৷ সেয়েহে এই ক্ষেত্ৰত আপুনি জানিব লাগিব যে, কোনবিধ পাচলিৰ কি কি উপকাৰী গুণ আছে ৷ পাচলিৰ উপকাৰী গুণ জানিলে আপুনি স্বাস্থ্যৰ অৱস্থাৰ ওপৰত ভিত্তি কৰি আপুনিও খাদ্যৰ তালিকাত পাচলি অন্তৰ্ভুক্ত কৰিব ৷

শীতকালত বজাৰত উপলব্ধ এইবিধ পাচলি হৈছে বিট ৷ বিট প্ৰায় সংখ্যক লোকে খায় আৰু চালাড হিচাপে খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰে ৷ পুষ্টিকৰ খাদ্যৰ লগতে বিটৰ বহু উপকাৰী গুণ আছে ৷ NIHমতে, বিটত থকা পুষ্টিকৰ উপাদানে আপোনাৰ ছালখন পৰিষ্কাৰ কৰি ৰখাই নহয় শৰীৰটোও সুস্থ হৈ ৰাখিব ৷ বিট আমাৰ স্বাস্থ্যৰ বাবে কিমান উপকাৰী জানো আহক-

বিটৰ উপকাৰিতা

  • বিটে ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে ৷ ইয়াত প্ৰচুৰ পৰিমাণে পটাছিয়াম থাকে, যাৰ ফলত শৰীৰত পটাছিয়ামৰ অভাৱ দূৰ হয় ৷ পটাছিয়ামৰ অভাৱৰ বাবে শৰীৰত ক্লান্তি আৰু দুৰ্বলতাৰ দৰে সমস্যাৰ সৃষ্টি হয় ৷
  • শৰীৰত কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি হ’লেও বিটৰ ৰস সেৱন কৰিব পাৰে ৷ কলেষ্টেৰল নিয়ন্ত্ৰণত ৰাখিবলৈ বিটৰ ৰস অধিক উপকাৰী ৷
  • ৰক্তহীনতাত আক্ৰান্ত লোকসকলে বিট খাদ্যৰ তালিকাত ৰাখিব পাৰে ৷ এই পাচলি বিধত প্ৰচুৰ পৰিমানে থকা আইৰণে শৰীৰৰ ৰক্তহীনতা দূৰ কৰে ৷
  • মধুমেহ ৰোগৰ সমস্যাৰ বাবেও বিটৰ ৰস খাব পাৰি ৷ লগতে বিটত থকা বিটাইনে যকৃতৰ লগত জড়িত ৰোগ প্ৰতিৰোধ কৰে
  • গৱেষকৰ মতে, বিটত বেটালেইন থাকে ৷ ইয়াৰ কাৰণে ইয়াৰ ৰং ৰঙা হয়, যিয়ে কেন্সাৰৰ সম্ভাৱনা দূৰ কৰে ৷
  • বিটত ফছফৰাছ থাকে যিয়ে চুলি বৃদ্ধিত সহায় কৰে ৷ ইয়াৰ দ্বাৰা চুলিৰ সমস্যা দূৰ হয় ৷
  • ইয়াত থকা আঁহবোৰে আপোনাৰ পেট পৰিষ্কাৰ কৰি ৰাখে আৰু ই আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰে ৷

(সতৰ্কীকৰণ: এই প্ৰতিবেদনত আপোনাক দিয়া সকলো স্বাস্থ্য তথা জীৱনশৈলী সম্পৰ্কীয় যিকোনো তথ্য আৰু পৰামৰ্শ কেৱল আপোনাৰ সাধাৰণ তথ্যৰ বাবেহে আগবঢ়োৱা হৈছে । আমি এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰী পৰামৰ্শৰ ভিত্তিত প্ৰদান কৰিছো । আপুনি এই উপায় বা পদ্ধতি অনুসৰণ কৰাৰ আগতে এই বিষয়ে বিতংভাৱে জনাটো উচিত তথা আপোনাৰ ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত ।)

লগতে পঢ়ক

  1. এক নহয় অনেক শাৰীৰিক সমস্যাৰ সমাধান লুকাই আছে বিটত - Beetroot
  2. গৰ্ভাৱস্থাত বিটৰ ৰস কেতিয়া খাব লাগে ? সঠিক সময় তথা পদ্ধতি জানি লওক
  3. শীতকাল শেষ হোৱালৈকে দৈনিক খাওক বিট আৰু পাওক অনেক উপকাৰিতা