ETV Bharat / health

আয়ুষ্মান খুৰানাৰ পত্নী তাহিৰা কাশ্যপে দৈনিক গ্ৰহণ কৰা এইবিধ চাহৰ আছে অনেক উপকাৰিতা

Tahira Kashyap's Immunity Booster Morning Tea: এটা ইনষ্টাগ্ৰাম ভিডিঅ’ত তাহিৰা কাশ্যপে তেওঁৰ ইমিউনিটি বুষ্টাৰ চাহৰ ৰেচিপি শ্বেয়াৰ কৰিছে । এই চাহৰ লাভালাভ কি তথা ই আমাৰ স্বাস্থ্যৰ পক্ষে কিমান উপকাৰী জানো আহক-

Ayushmann Khurrana's wife Tahira Kashyap drinks a special tea daily to boost immunity. Learn about its benefits and recipe here
আয়ুষ্মান খুৰানাৰ পত্নী তাহিৰা কাশ্যপে দৈনিক গ্ৰহণ কৰা এইবিধ চাহৰ আছে অনেক উপকাৰিতা
author img

By ETV Bharat Assamese Team

Published : March 17, 2024 at 3:51 PM IST

3 Min Read
Choose ETV Bharat

বলীউডৰ জনপ্ৰিয় অভিনেতা আয়ুষ্মান খুৰানাৰ পত্নী তাহিৰা কাশ্যপে নিজৰ ফিটনেছৰ বাবে প্ৰায়েই চৰ্চাত থাকে ৷ তাহিৰা কাশ্যপে প্ৰায়ে ছ’চিয়েল মিডিয়াত নিজৰ ফিটনেছ ৰুটিন, ব্যায়াম আৰু খাদ্যাভ্যাসৰ বিষয়ে শ্বেয়াৰ কৰে ৷ কিছুদিন পূৰ্বে তাহিৰা কাশ্যপে নিজৰ স্বাস্থ্যসন্মত পুৱাৰ খাদ্য ৰুটিনৰ ভিডিঅ’ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছিল ৷ ভিডিঅ’টোৰ আৰম্ভণিতে তাহিৰা কাশ্যপে কয় যে, তেওঁ ৰাতিটো পানীত তিয়াই ৰখা শুকান ফলৰ সৈতে নিজৰ দিনটোৰ আৰম্ভণি কৰে ৷ তাহিৰাই পুৱা খালী পেটত ক’লা কিচমিচ, আখৰোট, প্লাম আৰু কাঠবাদাম খায় ৷ শুকান ফলৰ পিছত তাহিৰা কাশ্যপে এবিধ বিশেষ চাহ খায় ৷ তাহিৰাই কয় যে, এয়া এক প্ৰকাৰৰ ইমিউনিটি বুষ্টাৰ চাহ ৷ এই চাহ খালে আমাৰ স্বাস্থ্যই বহু উপকাৰিতা লাভ কৰাই নহয় বৰঞ্চ বহু ৰোগৰ সম্ভাৱনা কমোৱাতো সহায় কৰে ৷ এই চাহৰ ৰেচিপি আৰু ইয়াৰ উপকাৰিতাৰ বিষয়ে জানো আহক-

ইমিউনিটি বুষ্টাৰ মৰ্নিং টি ৰেচিপি

তাহিৰা কাশ্যপেও নিজৰ ইনষ্টাগ্ৰামত ইমিউনিটি বুষ্টাৰ চাহৰ ৰেচিপি শ্বেয়াৰ কৰিছে ৷ ইয়াৰ বিষয়ে জানো আহক-

উপাদানৰ তালিকা

  • পানী-২ কাপ
  • লেমনগ্ৰাছ – অলপ
  • আদা-১ ইঞ্চি টুকুৰা
  • নেমু-১
  • তুলসী – ৪ৰ পৰা ৫টা পাত
  • কেঁচা হালধি- ১ টুকুৰা

ৰেচিপি

  • ইমিউনিটি বুষ্টাৰ চাহ বনাবলৈ প্ৰথমে পাত্ৰত ২ গিলাচ পানী উতলাই লওক ৷
  • সিজোৱা পানীত হালধি দিব ৷ পানীখিনি উতলিবলৈ দিব ৷
  • ইয়াৰ পিছত কুটি লোৱা আদা, মিহিকৈ কটা লেমনগ্ৰাছ, মৌ আৰু তুলসীৰ পাত পানীত দিব ৷
  • এই সকলোবোৰ বস্তু ১ মিনিট ৰান্ধি তাৰ পিছত তাত নেমুৰ ৰস দিব ৷
  • এই সকলোবোৰ বস্তু কমেও ১০ মিনিট ৰান্ধিব দিব ৷
  • চাহ সিজোৱাৰ পিছত ঢাকি ১ মিনিট ৰাখিব ৷ পিছত এই চাহ ফিল্টাৰ কৰি পান কৰক ৷
  • প্ৰতিদিনে পুৱা গৰমে এই চাহ খাব পাৰে আৰু পুৱা সতেজ কৰিব পাৰে ৷

ইমিউনিটি বুষ্টাৰ চাহ খোৱাৰ উপকাৰিতা

১) ৰোগৰ আশংকা কম

তাহিৰা কাশ্যপৰ বিশেষ ইমিউনিটি বুষ্টাৰ চাহৰ উপকাৰিতাৰ বিষয়ে বৰ্ণনা কৰি ভাগ্য আয়ুৰ্বেদৰ পুষ্টিবিদ পূজা সিঙে কয় যে, ইয়াত প্ৰদাহ নিবাৰণকাৰী গুণ আছে যিয়ে ৰোগৰ সম্ভাৱনা হ্ৰাস কৰে ৷ পৰিৱৰ্তিত বতৰত ডিঙিৰ বিষত ভুগি থকাসকলৰ বাবে এই চাহ অতি উপকাৰী ৷

২) কাহৰ সমস্যা দূৰ হ’ব

এই চাহত আদা আৰু তুলসীৰ পাত ব্যৱহাৰ কৰা হয় ৷ ইয়াৰ এন্টি-ইনফ্লেমেটৰী আৰু এন্টি-ফাংগেল গুণ আছে, যিয়ে সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে ৷ ইয়াৰ ফলত বুকুত জমা হোৱা কাহ আৰু শ্লেষ্মাৰ সমস্যা দূৰ হয় ৷

৩) শৰীৰৰ প্ৰদাহ কম কৰে

এই চাহত মৌ ব্যৱহাৰ কৰা হয় ৷ মৌক ইমিউনিটি বুষ্টাৰ বুলি গণ্য কৰা হয়৷ একে সময়তে এন্টিঅক্সিডেন্ট আৰু ভিটামিন চি আৰু ফ্লেভনয়ডৰ দৰে পুষ্টিকৰ উপাদান নেমুত পোৱা যায় ৷ এই সকলোবোৰ বস্তুৱে শৰীৰৰ প্ৰদাহ কমায় ৷

লগতে পঢ়ক: আজিৰ পৰা আৰু কেতিয়াও পেলাই নিদিব ৰঙালাওৰ গুটি