ETV Bharat / health

শক্তি বৃদ্ধিৰ লগতে ডায়েবেটিছ-ৰক্তচাপ নিয়ন্ত্ৰণ কৰে এইবিধ সামগ্ৰীয়ে, চাওক আৰু কি কি আছে লাভালাভ - BENEFITS OF ANJEER

Anjeer can increase stamina: ডিমৰু শৰীৰৰ বাবে অতি উপকাৰী । ইয়াত যথেষ্ট পৰিমাণে প্ৰাকৃতিক শৰ্কৰা আৰু আঁহ থাকে ৷ যিয়ে মনোবলৰ লগতে শক্তি বৃদ্ধি কৰাত সহায় কৰে । পঢ়ক সবিশেষ...

BENEFITS OF ANJEER
প্ৰাকৃতিক শৰ্কৰাৰে সমৃদ্ধ ডিমৰু (IANS)
author img

By ETV Bharat Assamese Team

Published : August 13, 2024 at 10:55 AM IST

3 Min Read
Choose ETV Bharat

ডিমৰুবোৰ ইয়াৰ মিঠা সোৱাদ আৰু পুষ্টিৰ বাবে জনাজাত । ইয়াৰ বহুতো গুণ আছে, যি বিশেষকৈ পুৰুষসকলক স্বাস্থ্যৱান কৰি ৰখাত সহায় কৰে । বহু প্ৰকাৰৰ ৰোগ ডিমৰু গ্ৰহণৰ ফলতে আৰোগ্য হয় । এই ফল আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয় । য’ত থাকে যথেষ্ট পৰিমাণে প্ৰাকৃতিক শৰ্কৰা আৰু আঁহ ৷ ইয়াক নিয়মিত গ্ৰহণ কৰাৰ ফলত শাৰিৰীক শক্তিৰ লগতে মনোবল বৃদ্ধি পায় ৷

BENEFITS OF ANJEER
স্বাস্থ্য়ৰক্ষাত ডিমৰুৰ ভূমিকা (GETTY IMAGES)

হায়দৰাবাদস্থিত আয়ুৰ্বেদিক চিকিৎসক ডাঃ নাহুছ কুন্তেৰ মতে, ডিমৰুত ভিটামিন এ, ভিটামিন বি, পটাছিয়াম, মেগনেছিয়াম, জিংক, তাম, মেংগানিজ আৰু আইৰনৰ লগতে বহুতো অত্যাৱশ্যকীয় ভিটামিন আৰু খনিজ সমৃদ্ধ হৈ থাকে । এই পুষ্টিবোৰ সমগ্ৰ শৰীৰটোৰ বাবে অতি গুৰুত্বপূৰ্ণ ৷ ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু শক্তি বৃদ্ধি কৰিবলৈ ফলবিধৰ পানীও ব্যৱহাৰ কৰা হয় ।

জানি লওক ডিমৰু গ্ৰহণৰ উপকাৰিতাসমূহ:

ওজন হ্ৰাস কৰাত সহায় কৰে

ডাঃ নাহুছ কুন্তেৰ মতে, এই ফলবিধে মেদবহুলতা নিয়ন্ত্ৰণ কৰাত সহায় কৰে ৷ যিসকলে ওজন হ্ৰাস কৰিব বিচাৰে, তেওঁলোকৰ বাবে ডিমৰুৰ পানী এক উৎকৃষ্ট কাৰক হিচাপে প্ৰমাণিত হ'ব পাৰে । ইয়াত থকা আঁহৰ পৰিমাণে ব্যক্তিক ভোক অনুভৱ কৰিবলৈ নিদিয়ে, যাৰ ফলত অত্যাধিক খাদ্য গ্ৰহণৰ পৰা বিৰত থাকিব পৰা যায় ৷ তদুপৰি ই বিপাকীয় কাৰ্যত অৰিহণা যোগাই চৰ্বি নিয়ন্ত্ৰণত সহায় কৰে ।

ডিমৰুবোৰ ষ্টেমিনা বৃদ্ধি কৰিবলৈ ব্যৱহাৰ কৰা হয়

ইয়াত যথেষ্ট পৰিমাণে প্ৰাকৃতিক শৰ্কৰা আৰু আঁহ থাকে । এই দুয়োটাই শক্তি আৰু মনোবল বৃদ্ধিত সহায় কৰে । লগতে থাকে জিংক আৰু মেগনেছিয়ামৰ দৰে খনিজ পদাৰ্থ, যি পুৰুষৰ স্বাস্থ্যৰ বাবে অতি গুৰুত্বপূৰ্ণ । ইয়ে শুক্ৰাণু গঠনত সহায় কৰে আৰু গতিশীলতা বৃদ্ধি কৰে ।

ডায়েবেটিছ নিয়ন্ত্ৰণ কৰে

ডিমৰুত থকা আঁহে লাহে লাহে তেজত শৰ্কৰা শোষণ কৰাত সহায় কৰে, যি ডায়েবেটিছত ভূগি থকা ৰোগীৰ বাবে উপকাৰী হোৱাৰ সম্ভাৱনা অধিক । ইয়াৰ বাহিৰেও ফলবিধত থকা এণ্টি অক্সিডেণ্টবোৰে ছালক পুষ্টি প্ৰদান কৰি ছাল সংকুচিত হোৱাৰ দৰে বয়স বৃদ্ধিৰ লক্ষণ হ্ৰাস কৰাত সহায় কৰে ।

(টোকা : ইয়াত আপোনাক দিয়া সকলো স্বাস্থ্য সম্পৰ্কীয় তথ্য আৰু পৰামৰ্শ কেৱল আপুনি বুজিবৰ বাবেহে । আমি বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰী পৰামৰ্শৰ ওপৰত নিৰ্ভৰ কৰি এই তথ্য প্ৰদান কৰিছো । কিন্তু, সেইবোৰ কাৰ্যকৰী কৰাৰ পূৰ্বে আপুনি আপোনাৰ ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ লোৱা ভাল ।)

লগতে পঢ়ক: এইবোৰ খাদ্য পুৱাৰ আহাৰত গ্ৰহণ কৰাৰ পৰা বিৰত থাকক... - Foods To Avoid in Breakfast