ETV Bharat / health

কটা-চিঙা নকৰাকৈয়ে সম্পন্ন হ’ল জটিল অস্ত্ৰোপচাৰ...ব্ৰেইন টিউমাৰৰ ৰোগীক নতুন জীৱন দিলে AIGএ - Brain Tumor

Brain Tumor Removed Through Eyelid: এছিয়ান ইনষ্টিটিউট অৱ গেষ্ট্ৰ’এণ্টেৰ’লজীৰ চিকিৎসকে সফলতাৰে সম্পন্ন কৰে এই অস্ত্ৰোপচাৰ । স্নায়ু বিভাগ আৰু চকু চিকিৎসা বিভাগে যৌথভাৱে ৰোগীক দিলে নতুন জীৱন ।

AIG Doctors Achieve Rare Surgical Success: Brain Tumor Removed Through Eyelid
কটা-চিঙা নকৰাকৈয়ে সম্পন্ন হ’ল জটিল অস্ত্ৰোপচাৰ...ব্ৰেইন টিউমাৰৰ ৰোগীক নতুন জীৱন দিয়ে AIGএ (FREEPIK)
author img

By ETV Bharat Health Team

Published : August 28, 2024 at 2:02 PM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদত অৱস্থিত গাচ্চিব’লিৰ এছিয়ান ইনষ্টিটিউট অৱ গেষ্ট্ৰ’এণ্টেৰ’লজীৰ (এআইজি) চিকিৎসকে লাভ কৰিলে বৃহৎ সফলতা ৷ শেহতীয়াকৈ চিকিৎসালয় খনলৈ অহা এগৰাকী ৰোগীৰ মগজুৰ টিউমাৰ চিকিৎসকে এটা অতি উদ্ভাৱনীমূলক পদ্ধতিৰ জৰিয়তে সফলতাৰে আঁতৰাই পেলাবলৈ সক্ষম হয়, য’ত চকুৰ পতাৰে মগজুলৈ প্ৰৱেশ কৰাৰ প্ৰক্ৰিয়া জড়িত হৈ আছিল । এই জটিল আৰু বিৰল অস্ত্ৰোপচাৰটো এগৰাকী ৫৪ বছৰীয়া মহিলাৰ ওপৰত কৰা হৈছিল যিয়ে বিগত ছমাহ ধৰি সোঁ চকুৰ দৃষ্টিশক্তি ম্লান হোৱাৰ সমস্যা তথা বিষ অনুভৱ কৰি আছিল ।

প্ৰাৰম্ভিক চিকিৎসাৰ পিচতো তেওঁৰ লক্ষণসমূহ স্থায়ী হৈ থকাৰ পিচত এআইজি হাস্পতালৰ পৰা সহায় বিচাৰিছিল, য’ত জ্যেষ্ঠ পৰামৰ্শদাতা স্নায়ুচাৰ্জন ডাঃ অভিৰচন্দ্ৰ গব্বিথা, স্নায়ুচাৰ্জাৰীৰ সঞ্চালক ডাঃ সুভোদ্ৰাজু আৰু চকুৰ চিকিৎসকৰ এটা দলে এক সম্যক পৰীক্ষা সম্পন্ন কৰে । বিতং পৰীক্ষাৰ অন্তত চিকিৎসকে নিশ্চিত কৰে যে সেয়া স্পিনো অৰ্বিটাল কেভাৰ্নাছ মেনিনজিঅ’মা (SOM)।

এই আচৰিত পদ্ধতিৰে সম্পন্ন হ’ল অস্ত্ৰোপচাৰ

সাধাৰণতে এনে টিউমাৰ মূৰৰ লাওখোলাৰ এটা ছিদ্ৰ কৰি ছাৰ্জাৰী কৰি হাড়ৰ এটা টুকুৰা আঁতৰাই পেলোৱা হয়, যিটো কেতিয়াবা বিপদজনক হ’ব পাৰে । কিন্তু এআইজিৰ দলটোৱে এণ্ড’স্ক’পিক লেটাৰেল ট্ৰেন্সঅৰ্বিটাল এপ্ৰ’চ নামেৰে জনাজাত উন্নত, কম বিপদজনক কৌশল বাছি লৈছিল । এই পদ্ধতিৰ দ্বাৰা তেওঁলোকে চকুৰ পতাৰ ওপৰৰ অংশত থকা সৰু ছিদ্ৰ এটাৰে টিউমাৰটো প্ৰৱেশ কৰি ইয়াক সফলতাৰে আঁতৰাই পেলাইছিল ৷

ইয়াৰ দ্বাৰা মূৰৰ লাওখোলাত কোনো ধৰণৰ কটা-চিঙা নকৰাকৈ বা মগজুত পোনপটীয়াকৈ কোনোধৰণৰ হেঁচা প্ৰয়োগ কৰাৰ প্ৰয়োজন নাছিল । চিকিৎসকসকলে জনোৱা মতে এই পদ্ধতিৰ দ্বাৰা মগজুৰ পৰিবলগীয়া চাপ যথেষ্ট কমি যায়, যাৰ ফলত মগজুৰ আৰোগ্য অধিক নিৰাপদ আৰু দ্ৰুত হয় ।

লক্ষণীয়ভাৱে এই পদ্ধতি কম বিপদজনক হোৱাৰ বাবে অস্ত্ৰোপচাৰৰ মাত্ৰ দুদিন পিচতে ৰোগীজনক ডিচচাৰ্জ দিয়া হৈছিল । এই সফল অস্ত্ৰোপচাৰে স্নায়ু চাৰ্জাৰীৰ অগ্ৰগতি আৰু মগজুৰ জটিল অৱস্থাৰ চিকিৎসাৰ বাবে কম বিপদজনক কৌশল পদ্ধতিক আৰু উজ্জ্বল কৰি তুলিছে ।

লগতে পঢ়ক: ডে' কেয়াৰ স্পাইন ছাৰ্জাৰীৰ মানে কি ? ইয়াৰ লাভালাভসমূহৰ বিষয়ে জানি লওক - Spine Surgery