ETV Bharat / health

খুবেই সৌভাগ্যশালী এই 5টা ৰাশিৰ লোক...লাভ কৰিব হনুমানৰ কৃপা - Lucky zodiac Signs

5 Lucky zodiac Signs: বজৰংবলীৰ খুবেই প্ৰিয় এই ৰাশিৰ লোক ৷ হনুমানে এই ৰাশিক দিব ধৈৰ্য আৰু শক্তি, দূৰ কৰিব বাধা-বিঘিনি...৷ কি এই 5টা ৰাশি জানিবলৈ পঢ়ক সম্পূৰ্ণ প্ৰতিবেদন...

5 Lucky zodiac Signs: Hanuman will bestow patience and strength, and remove obstacles for these zodiac signs
খুবেই সৌভাগ্যশালী এই 5টা ৰাশিৰ লোক...লাভ কৰিব হনুমানৰ কৃপা (CANVA)
author img

By ETV Bharat Features Team

Published : September 6, 2024 at 5:31 PM IST

2 Min Read
Choose ETV Bharat

সাহস আৰু শক্তিৰ প্ৰতীক হৈছে বজৰংবলী বা হনুমান ৷ প্ৰভু ৰামচন্দ্ৰৰ পৰমভক্ত হনুমানক যিয়ে সঁচা মনেৰে সেৱা বা হনুমান চালিশা পাঠ কৰে সেইসকল ভক্তৰ মনোবাঞ্চা সহজে পূৰ্ণ কৰে ৷

তাৰোপৰি বিশেষ ৫টা ৰাশিৰ জাতক-জাতিকাই শুদ্ধ মনে প্ৰাৰ্থনা কৰিলে লাভ কৰিব সুফল ৷ এই ৫ ৰাশিৰ প্ৰতি হনুমানৰ আছে বিশেষ কৃপাদৃষ্টি ৷ বজংৰবলীয়ে এইসকল লোকৰ জীৱনত অহা বাধা-বিঘিনি তথা অপায়-অমংগল সহজে দূৰ কৰে বুলি জ্যোতিষ গণনাত উল্লেখ আছে ৷

এই ৫টা ৰাশি হৈছে-

মেষ ৰাশি- মেষ ৰাশিৰ জাতকক হনুমানে অত্যন্ত ভালপাই ৷ মেষ ৰাশিৰ জাতকসকলক সহজে বৰদান দিয়ে ৰামভক্ত হনুমানে ৷ এই ৰাশিৰ লোকসকলৰ মূৰৰ ওপৰত হনুমানৰ আশীৰ্বাদ সদা বিৰাজমান ৷ এই ৰাশিৰ লোকসকলৰ ইচ্ছাশক্তি দৃঢ় হয় ৷

সিংহ ৰাশি- সিংহ ৰাশিৰ লোকসকলক বজৰংবলীয়ে সহজে আশীৰ্বাদ দিয়ে ৷ সিংহ ৰাশিৰ লোকসকলে এবাৰ মনতে হনুমানক ভাবিলেই হয় ৷ এই ৰাশিৰ লোকসকলে হনুমানক সেৱা জনাই কোনো কাম কৰিলে সুফল পাব পাৰে ৷

বৃশ্চিক ৰাশি- এই ৰাশিৰ জাতক-জাতিকাকো হনুমানে অতি সোনকালে আশীৰ্বাদ দিয়ে ৷ এই ৰাশিৰ প্ৰতি হনুমানৰ আছে বিশেষ কৃপাদৃষ্টি ৷ বৃশ্চিক ৰাশিৰ লোকসকলে হনুমানক আৰাধনা কৰিলে কোনো কামত সহজে সাফল্য লাভ কৰিব পাৰে ৷

ধনু ৰাশি- যিসকল লোকৰ ৰাশি ধনু, তেঁওলোকে অতি সহজে হনুমানৰ আশীষ ধন্য হয় ৷ হনুমানৰ বিশেষ কৃপাদৃষ্টি থকাৰ বাবেই ধনু ৰাশিৰ লোকসকলে কোনো কাম বেমেজালি নোহোৱাকৈ সম্পন্ন কৰিব পাৰে ৷ এই ৰাশিৰ লোকসকল সুখী আৰু সম্বৃদ্ধিশালী হয় ৷ অত্যধিক টকা-পইচা নাথাকিলেও থকাখিনিকলৈ সুখী অনুভৱ কৰে ৷ অৱশ্যে নিয়মিতভাৱে হনুমানক প্ৰাৰ্থনা কৰিলে আৰ্থিক দিশতো সফলতা অৰ্জন কৰিব পাৰে ৷

কুম্ভ ৰাশি- কুম্ভ ৰাশিৰ জাতকক হনুমানে বৰ ভালপাই ৷ মাৰুতিনন্দনৰ কৃপাত এই ৰাশিৰ লোকে সকলো দিশতে সফল হ’ব পাৰে ৷

লগতে পঢ়ক: পৱন পুত্ৰ হনুমানক প্ৰসন্ন কৰিবলৈ শুভ সময়, পূজা আৰু উপাসনাৰ বিধিসমূহ জানো আহক - Hanuman Jayanti 2024