ETV Bharat / health

মৃত্যুৰ পূৰ্বে শ্বেফালী জাৰিৱালাই লৈছিল এন্টি এজিং বেজী, এয়াই আছিল নেকি মৃত্যুৰ প্ৰকৃত কাৰণ ? মহিলাৰ বাবে এই চিকিৎসা কিমান সুৰক্ষিত

শুকুৰবাৰে ৪২ বছৰ বয়সত মুম্বাইৰ নিজ বাসগৃহত মৃত্যু হয় অভিনেত্ৰী-মডেল শ্বেফালী জাৰিৱালাৰ, জানিব পৰা মতে মৃত্যুৰ পূৰ্বে তেওঁ এন্টি এজিং বেজী লৈছিল-

10 Essential Questions to Ask Your Doctor Before Getting Anti-Ageing Injections
এন্টি এজিং বেজী (INSTAGRAM)
author img

By ETV Bharat Health Team

Published : July 1, 2025 at 5:13 PM IST

4 Min Read
Choose ETV Bharat

শ্বেফালী জাৰিৱালাৰ আকস্মিক মৃত্যুৱে সকলোকে স্তম্ভিত কৰি তুলিছে আৰু ইয়াৰ আঁৰৰ কাৰণক লৈ বহুতে জল্পনা-কল্পনা কৰিছে ৷ সূত্ৰ অনুসৰি, শ্বেফালীয়ে সেইদিনা সন্ধিয়া নিয়মীয়া ঔষধ সেৱন কৰিছিল আৰু সেইদিনা পূৰ্বে এণ্টি এজিং বেজীও দিছিল, যিটো চিকিৎসা কেইবাবছৰ ধৰি চিকিৎসকৰ তত্বাৱধানত গ্ৰহণ কৰি আহিছিল ৷ সেই সময়ত তেওঁ খালী পেটত আছিল । এই অৱস্থাত ঔষধ সেৱনৰ ফলত অৱস্থা আৰু গুৰুতৰ হ’ব পাৰে । যদিও ইয়াৰ সঠিক কাৰণ এতিয়াও স্পষ্ট হোৱা নাই । এতিয়া ইয়াত যিটোৱে দৃষ্টি আকৰ্ষণ কৰিছে সেয়া হৈছে এন্টি এজিং বেজী ৷ সৰু দেখাৰ ইচ্ছাই এন্টি এজিং বেজীৰ জনপ্ৰিয়তা বৃদ্ধি কৰিছে ৷

এই বেজীয়ে ওঁঠৰ এক আকৃতি দিব পাৰে, বলিৰেখা হ্ৰাস কৰিব পাৰে আৰু ওঁঠৰ টেক্সচাৰ বৃদ্ধি কৰিব পাৰে, যাৰ ফলত আত্মবিশ্বাস বৃদ্ধি কৰিব বিচৰাসকলৰ বাবে ই এক বিচক্ষণ আৰু ফলপ্ৰসূ সমাধান ৷ ক’বলৈ গ’লে সৌন্দৰ্য বৃদ্ধিৰ বাবে মহিলাসকলে এই ট্ৰিটমেন্ট গ্ৰহণ কৰে ৷ কিন্তু বৰ্ধিত চাহিদাৰ বাবে অ-ক্লিনিকেল পৰিৱেশত এই চিকিৎসা প্ৰদান কৰা অনুজ্ঞাপত্ৰবিহীন চিকিৎসকৰ সংখ্যাও বৃদ্ধি পাইছে, যাৰ ফলত ৰোগীৰ বাবে যথেষ্ট বিপদৰ সৃষ্টি হৈছে ৷

10 Essential Questions to Ask Your Doctor Before Getting Anti-Ageing Injections
এন্টি এজিং ট্ৰিটমেন্ট গ্ৰহণ কৰাৰ পূৰ্বে সুধিবলগীয়া প্ৰশ্ন (GETTY IMAGES)

যিকোনো চিকিৎসাৰ হস্তক্ষেপৰ দৰেই এন্টি এজিং বেজীৰো সম্ভাৱ্য বিপদ আৰু জটিলতা থাকে যিবোৰ যোগ্য, বীমাকৃত আৰু অভিজ্ঞ চিকিৎসকৰ পৰা চিকিৎসা গ্ৰহণ কৰি কম কৰিব পাৰি ৷ নিৰাপদ আৰু সফল অভিজ্ঞতা লাভ কৰিবলৈ এই চিকিৎসা সমূহৰ কাষ চাপিব পৰাটো অতি প্ৰয়োজনীয় আৰু সম্ভাৱ্য চিকিৎসকলৰ দ্বাৰা সাৱধানে পৰীক্ষা কৰোৱাটো অতি প্ৰয়োজনীয় ৷ সেয়ে আজি এই প্ৰতিবেদনত আমি এন্টি এজিং বেজী লোৱাৰ পূৰ্বে আপোনাৰ ছালৰ চিকিৎসকক সুধিবলগীয়া দহটা প্ৰধান প্ৰশ্ন আমি অন্তৰ্ভুক্ত কৰিছো যি প্ৰত্যেকগৰাকী মহিলাই এই ট্ৰিটমেন্ট গ্ৰহণ কৰাৰ পূৰ্বে সোধা উচিত ৷

এন্টি এজিং ট্ৰিটমেন্ট গ্ৰহণ কৰাৰ পূৰ্বে সুধিবলগীয়া প্ৰশ্ন

10 Essential Questions to Ask Your Doctor Before Getting Anti-Ageing Injections
এন্টি এজিং বেজী (GETTY IMAGES)

১/ এন্টি এজিং বেজী লোৱাৰ পিছত কি কৰিব নোৱাৰিম ?

ইয়াৰ দ্বাৰা চিকিৎসাৰ পিছৰ সীমাবদ্ধতাসমূহ বুজিবলৈ সহায়ক হ’ব ৷

২/ এই চিকিৎসাৰ সম্ভাৱ্য পাৰ্শ্বক্ৰিয়া কি আৰু মই ইয়াৰ সন্মুখীন হোৱাৰ সম্ভাৱনা কিমান ?

ইয়াৰ দ্বাৰা আপুনি সম্ভাৱ্য বিপদ আৰু জটিলতাৰ বিষয়ে অৱগত হ’ব ৷

৩/ মোৰ বেজীৰ চাৰিওফালে থকা ছালৰ যত্ন কেনেকৈ লোৱা উচিত ?

ইয়াৰ দ্বাৰা চিকিৎসাৰ পিছৰ ছালৰ যত্নৰ ক্ষেত্ৰত নিৰ্দেশনা দিয়া হ’ব ৷

৪/ এই প্ৰসাধন পদ্ধতিৰ উন্নত বিকল্প আছেনে ?

ই আপোনাক অন্য চিকিৎসা বিকল্পসমূহ অন্বেষণ কৰাত সহায় কৰে ৷

৫/ আপুনি কি কি উপাদান ব্যৱহাৰ কৰিব ?

এই প্ৰশ্নটোৱে ব্যৱহৃত ফিলাৰ বা বেজীৰ প্ৰকাৰ স্পষ্ট কৰে ৷

৬/ মোৰ চিকিৎসাৰ অংশ হিচাপে কি আফটাৰকেয়াৰ দিয়া হয় ?

ইয়াৰ দ্বাৰা প্ৰদান কৰা সহায় আৰু যত্নৰ স্তৰৰ ৰূপৰেখা দাঙি ধৰা হৈছে ৷

৭/ ফলাফল কিমান দিনলৈ থাকিব?

এই প্ৰশ্নটোৱে চিকিৎসাৰ সময়ছোৱাৰ বাবে বাস্তৱিক আশা নিৰ্ধাৰণ কৰে ৷

৮/ চিকিৎসাৰ আগতে কি কি প্ৰস্তুতি কৰিব লাগে ?

ইয়াৰ ফলত প্ৰক্ৰিয়াটোৰ বাবে প্ৰস্তুতি চলোৱাত সহায় হয় ৷

৯/ পূৰ্বৰ ৰোগীৰ আগৰ আৰু পিছৰ ফটো দেখুৱাব পাৰিবনে যিসকলৰ একেধৰণৰ চিকিৎসা কৰা হৈছিল ?

আপোনাৰ চিকিৎসাৰ আগতে ইয়াৰ দ্বাৰা চিকিৎসাৰ ফলপ্ৰসূতাৰ দৃশ্যমান প্ৰমাণ পোৱা যাব ৷

১০/ কি কি লক্ষণে ইংগিত দিয়ে যে মই মোৰ এণ্টি এজিং ট্ৰিটমেন্ট পিছুৱাই দিব লাগিব বা পুনৰ নিৰ্ধাৰণ কৰিব লাগিব ?

ইয়াৰ দ্বাৰা চিকিৎসাত প্ৰভাৱ পেলাব পৰা সম্ভাৱ্য স্বাস্থ্যজনিত চিন্তা চিনাক্ত কৰা হয় ৷

লগতে পঢ়ক

  1. 'কাঁটা লগা' খ্যাত অভিনেত্ৰী শ্বেফালী জাৰিৱালাৰ কাৰ্ডিয়াক এৰেষ্টত মৃত্যু, জানক কিমান বিপজ্জনক এই ৰোগ
  2. খুবেই কষ্টত আছে ভাইজান! ট্ৰাইজেমিনেল নিউৰেলজিয়াৰ দৰে গুৰুতৰ ৰোগত ভুগিছে অভিনেতাগৰাকী
  3. ডাঙৰ ঘোষণা: এই ৰোগৰ চিকিৎসাৰ বাবে নতুন ঔষধ প্ৰস্তুত কৰিলে লাভ কৰিব ১০ কোটি টকা, কি এই ৰোগ জানো আহক