সপোনৰ ঘৰখনত বহি ব্ৰহ্মপুত্ৰখন চাই গীত গোৱাৰ সপোন সপোন হৈয়েই ৰ'ল...
কোলাহলে আৱৰি ৰখা খাৰঘূলি নিমাওমাও । জুবিন গাৰ্গৰ সপোনৰ ঘৰখনত এভূমুকি ।

Published : October 9, 2025 at 7:48 PM IST
গুৱাহাটী: প্ৰকৃতিৰ লগত সময় কটাই ভাল পাইছিল অসমীয়াৰ প্ৰাণ জুবিন গাৰ্গে । প্ৰকৃতিৰ প্ৰতি অপাৰ ভালপোৱা থকাৰ বাবে মহানগৰীৰ যান্ত্ৰিকতাৰ পৰা আঁতৰি হিয়াৰ আমঠু জুবিন গাৰ্গে নিজৰ সপোনৰ ঘৰখন সজাইছিল খাৰঘূলিৰ এটা পাহাৰৰ টিলাত । ইতিমধ্যে সম্পূৰ্ণ হৈছিল ঘৰখনৰ বহু কাম । বহুসময়ত জুবিন দাই কৈছিল,"সোনকালে মই ঠিকনা সলনি কৰিম । খাৰঘূলিৰ ঘৰখন সম্পূৰ্ণ হ'ব । সোনকালে পুনৰ খাৰঘূলিৰ স্থায়ী বাসিন্দা হম...।"
কিন্তু সেই সপোন সপোন হৈয়ে ৰ'ল । প্ৰাণৰ শিল্পীগৰাকীৰ সপোনৰ ঘৰখন সম্পূৰ্ণ নহওঁতে গুচি গ'ল অজান দেশলৈ । ৰৈ গ'ল বহু আশা, অসমবাসীয়ে নাপালে সেই সপোনৰ ঘৰৰ পৰা বহু আপুৰুগীয়া সৃষ্টি । এতিয়া সেই ঘৰখনত তেওঁৰ অবৰ্তমানত মাত্ৰ তেওঁৰ ফটোৰ সন্মুখত জ্বলি ৰৈছে এগছি বন্তি আৰু মাজে মাজে আহি আছে দুই-এজন অনুৰাগী ।
জুবিন গাৰ্গৰ বাবে এই ঘৰখন আছিল মন্দিৰ সদৃশ । প্ৰকৃতিৰ নান্দনিক পৰিৱেশৰ মাজত বুকুত হাজাৰ সপোন বান্ধি সজাইছিল তেওঁৰ মৰমৰ ঘৰখন । মহাবাহুৰ নান্দনিক পৰিৱেশ উপভোগ কৰি কৰি গীত ৰচনা কৰাৰ সপোন দেখিছিল তেওঁ । কিন্তু নিয়তিৰ পৰিহাসত সম্ভৱ নহ'ল হিয়াৰ আমঠু জুবিন গাৰ্গৰ সেই সপোন ।


গছ ভাল পাইছিল তেওঁ, সেইবাবে এজোপাও গছ নকটাকৈ সজাইছিল তেওঁৰ সপোনৰ ঘৰখন । জানিব পৰা মতে খাৰঘুলিৰ চৌহদত থকা বেলগছ এজোপাৰ বাবে সলনি কৰিছিল ঘৰৰ নক্সা । কোনো কাৰণতে সেই বেলগছজোপা কাটি ঘৰ সজাৰ পক্ষত নাছিল তেওঁ । আনহাতে ঘৰখনৰ চৌদিশে আছে বহু গছ । কিছুদিন পুৰ্বে পুনৰ সেই ঘৰখনত গছ ৰোপণ কৰিছিল জুবিন গাৰ্গে ।


আজি জুবিন গাৰ্গ বিহীন ২১ টা দিন । আজিও যেন অসমীয়াই মানি লব বিচৰা নাই জুবিন গাৰ্গ নোহোৱাৰ বতৰা । আজিও অনুৰাগীৰ সোঁত বৈয়ে আছে খাৰঘুলিৰ সেই ঘৰলৈ । সকলোৰে মৰমৰ জুবিন দা কায়িকভাৱে নাথাকিলেও, সেই ঘৰখনলৈ দূৰ-দূৰণিৰ পৰা অনুৰাগী আহিছে তেওঁ সুবাস বিচাৰি ।


উল্লেখ্য যে, ক’ভিডৰ সময়তে অসুস্থ হৈ পৰাৰ পিছত কাহিলীপাৰাৰ ভগদত্তপুৰৰ ফ্লেটত থাকিবলৈ লৈছিল জুবিন গাৰ্গ । সেইসময়তে খাৰঘূলিৰ জিৰ’ মাইলৰ জুবিন গাৰ্গৰ পুৰণি ঘৰটো ভাঙি পেলোৱা হৈছিল । আৰম্ভ কৰা হৈছিল নতুন ঘৰটো নিৰ্মাণৰ কাম । কিন্তু তেওঁৰ অবিহনে যেন এতিয়া সকলো আধৰুৱা ।

