মাজুলী: ৰাজ্যত এতিয়া ৰঙালীৰ ৰং ৷ প্ৰতিটো মূৰতে চলি আছে বিহুৰ অনুষ্ঠান ৷ ঠায়ে ঠায়ে বৰষুণকো নেওচি শ্ৰোতা-দৰ্শকে উপভোগ কৰিছে প্ৰিয় কণ্ঠশিল্পীৰ সংগীতানুষ্ঠান ৷ বিহুৰ আৰম্ভণিৰে পৰাই কণ্ঠশিল্পীসকলো ব্যস্ত হৈ আছে বিহু অনুষ্ঠানৰ নামত সমগ্ৰ মাহটোৰ বাবে ৷ পিছে তাৰ মাজতে বুধবাৰে মাজুলীৰ ৰাইজে উপভোগ কৰিবলৈ নাপালে জুবিন গাৰ্গৰ সংগীতানুষ্ঠান ৷
ৰাজ্যৰ প্রান্তে প্রান্তে অনুষ্ঠিত হোৱা ব’হাগী উৎসৱ দৰে মাজুলীতো নতুন বজাৰ সন্মিলিত সাংস্কৃতিক মঞ্চৰ উদ্যোগত যোৱা মঙলবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হয় ব’হাগী উৎসৱ ৷ এই ব’হাগী উৎসৱক লৈ মাজুলীবাসী ৰাইজৰ মাজত যথেষ্ট উছাহ দেখিবলৈ পোৱা যায় ৷ বুধবাৰে ব’হাগী উৎসৱৰ সাংস্কৃতিক সন্ধিয়াৰ মূল আকৰ্ষণ আছিল জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ । ব’হাগী উৎসৱৰ শেষৰ দিনা অনুষ্ঠান পৰিৱেশন কৰাৰ কথা আছিল কণ্ঠশিল্পীগৰাকীয়ে ৷ কিন্তু এক অনাকাংক্ষিত ঘটনাই এয়া হ’বলৈ নিদিলে ৷
22 এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত সন্ত্ৰাসবাদীয়ে মুহূৰ্ততে গুলীয়াই শেষ কৰে কেবাটাও জীৱন ৷ দেশৰ লগতে বিদেশৰ পৰ্যটকেও সৌন্দৰ্য উপভোগ কৰিবলৈ আহি প্ৰাণ দিবলগীয়া হয় ৷ হৃদয় বিদাৰক এই ঘটনাৰ খবৰ আৰু ফটো-ভিডিঅ’ ছ’চিয়েল মিডিয়াত বিয়পি পৰাৰ লগে লগে বিশ্বজুৰি শোকৰ ছাঁ পৰে ৷ তেনে পৰিপ্ৰেক্ষিতত ব’হাগী উৎসৱৰ আয়োজক সমিতিয়ে জুবিন গাৰ্গৰ সংগীতানুষ্ঠান বাতিল কৰাৰ সিদ্ধান্ত লয় ৷ এনে দুখৰ বেলিকা কাৰো বিহু শুনিবলৈ মন নোযোৱাটো স্বাভাৱিক ৷
সেয়ে শেষ মুহূৰ্তত বাতিল কৰা হয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ সংগীতানুষ্ঠান । আয়োজক সমিতিয়ে এই বিষয়ে জুবিনক অৱগত কৰাত তেৱোঁ এইক্ষেত্ৰত সহমত প্ৰকাশ কৰে বুলি জানিবলৈ দিয়ে আয়োজকে ৷ এই অনুষ্ঠান পুনৰ 4 মে’ত অনুষ্ঠিত হ’ব বুলি আয়োজকে জনায় ।
লগতে পঢ়ক : সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা পাকিস্তানী তাৰকাৰ