ETV Bharat / entertainment

মই অনুৰোধ নকৰো, আদেশ দিছো ক্ষমা খুজিব লাগিব: ক'লে ক্ষুব্ধ জুবিন গাৰ্গে - DIGANTA BHARTI BIHU CONTROVERSY

জুবিন গাৰ্গৰ আদেশ- বিহু সমিতিৰ বিষয়ববীয়াই দিগন্ত ভাৰতীক ক্ষমা খোজক ৷

Zubeen Garg orders chandmari bihu commiittee members to apologise to Diganta Bharti
জুবিন গাৰ্গৰ আদেশ (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : April 18, 2025 at 1:07 PM IST

Updated : April 18, 2025 at 1:44 PM IST

2 Min Read

নলবাৰী: বুধবাৰে নিশা পূব-গুৱাহাটী বিহু সন্মিলনৰ মঞ্চত চৰম অপমান কৰা হৈছিল কণ্ঠশিল্পী দিগন্ত ভাৰতীক । মঞ্চত পত্নীৰ সন্মুখতে দিগন্ত ভাৰতীৰ হাতৰ পৰা মাইক্ৰ’ফোন কাঢ়ি নিছিল পূব-গুৱাহাটী বিহু সন্মিলনীৰ বিষয়ববীয়াই । তাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় সমগ্ৰ ৰাজ্যজুৰি ।

ৰঙালীৰ আৰম্ভণিতে ঘটি যায় এই অনাকাংক্ষিত ঘটনা ৷ পত্নীৰ অনুষ্ঠান চাবলৈ গৈ অপমানিত হ’ল শিল্পী দিগন্ত ভাৰতী ৷ বিহু সমিতিৰ বিষয়ববীয়াই চূড়ান্ত অপমান কৰে তেওঁক ৷

জুবিন গাৰ্গৰ সংগীতানুষ্ঠান (ETV Bharat Assam)

শিল্পীসমাজ এই ঘটনাৰ পাছত জাঙুৰ খাই উঠিছে ৷ বহুতে এই ঘটনাক গৰিহণা দিয়াৰ লগতে কালিৰ দিনটোত নলবাৰীৰো বিভিন্ন দল-সংগঠনকে ধৰি বহু সমাজ সচেতন ব্যক্তিয়ে চান্দমাৰী বিহু সমিতিক কঠোৰ সমালোচনা কৰা পৰিলক্ষিত হয় ।

নলবাৰীত কালি আছিল জুবিন গাৰ্গৰ সংগীতানুষ্ঠান ৷ গীত পৰিৱেশন কৰাৰ আগতে জুবিনেও এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷ কেইবা দশক ধৰি জুবিনৰ সৈতে সংগীতৰ যাত্ৰাত সহযাত্ৰী হৈ আছে দিগন্ত ভাৰতী ৷ তেওঁক কৰা এই অপমান জুবিনে সহ্য কৰিব পৰা নাই ।

নিশা নলবাৰীৰ হেলচাত জুবিন গাৰ্গে মঞ্চৰ পৰাই চান্দমাৰী বিহু সমিতিৰ বিষয়ববীয়াক শিল্পী দিগন্ত ভাৰতীৰ ওচৰত ক্ষমা খোজাৰ দাবী জনায় । জুবিনে কয়- "নলবাৰীৰ দিগন্ত ভাৰতীক চান্দমাৰী বিহু কমিটীৰ কেইজনমান বিষয়ববীয়াই অপমান কৰিছে । শিল্পীৰ লগত তেনেকুৱা হ’ব নালাগে ৷" জুবিন গাৰ্গে লগতে কয় যে দিগন্ত ভাৰতী অনুষ্ঠান চাবলৈহে গৈছিল ৷ সমিতিয়ে নিজেই তেওঁক মঞ্চত উঠাই অপমান কৰে ৷ শেষত জুবিনে ক্ষমা খুজিবলৈ অনুৰোধ নকৰো বুলি কৈ সমিতিৰ বিষয়ববীয়াক দিগন্ত ভাৰতীক ক্ষমা খুজিবলৈ আদেশ দিয়ে ৷

লগতে পঢ়ক : বিহুমঞ্চত চৰম অপমান কণ্ঠশিল্পী-গীতিকাৰ-সুৰকাৰ দিগন্ত ভাৰতীক

Last Updated : April 18, 2025 at 1:44 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.